" চাইবাৰ অপৰাধ ৰোধিবলৈ অসম আৰক্ষীৰ কল চেণ্টাৰ মুকলি - To Fight against Cyber Crime Assam Police open a Call Center

চাইবাৰ অপৰাধ ৰোধিবলৈ অসম আৰক্ষীৰ কল চেণ্টাৰ মুকলি - To Fight against Cyber Crime Assam Police open a Call Center

চাইবাৰ অপৰাধ ৰোধিবলৈ অসম আৰক্ষীৰ কল চেণ্টাৰ মুকলি - To Fight against Cyber Crime Assam Police open a Call Center

To Fight against Cyber Crime Assam Police open a Call Center

আপোনাৰ একাউন্টৰ পৰা আপুনি নজনাকৈ কোনোবাই ধন উলিয়াই লৈ গৈছে নেকি? তেনেহ'লে এতিয়াৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত আপুনি  অসম পুলিচৰ ১৫৫২৬০ নম্বৰটোত ফোন কৰি আপোনাৰ টকা ঘূৰাই পাবলৈ সক্ষম হ'ব।আপোনাৰ একাউণ্টৰ পৰা টকা ওলাই যোৱাৰ SMS অহাৰ লগে লগে অভিযোগ দাখিল কৰক।

 সমগ্ৰ দেশৰ লগতে দিনে দিনে বাঢ়ি অহা চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ অসম আৰক্ষীক অত্যাধুনিক  চাইবাৰ কিটেৰে শক্তিশালী কৰি গঢ়ি তোলা হৈছে।

এই কথা ঘোষণা কৰি D.G.P  ভাস্কৰ জ্যোতি মহন্তই  অসমৰ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ  অনুৰোধ জনাইছে। আজি কালি সঘনে হোৱা এটা চাইবাৰ অপৰাধ  হৈছে, আপুনি/ মই নজনাকৈ কোনোবাই আমাৰ একাউন্টৰ পৰা টকা হৰপ কৰি লৈ যায়। এনেধৰণৰ  চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে মুকলি কৰা এটা টোল ফ্ৰী নম্বৰ --১৫৫২৬০ ত কোনো  ভুক্ত ভোগীয়ে ২৪ ঘণ্টাৰ ভিতৰত অভিযোগ দাখিল কৰিলে, অসম আৰক্ষীয়ে তাৎক্ষণিক ভাৱে সেইয়া ৰোধ কৰিবপাৰিব। কিন্তু ২৪ ঘণ্টা পাৰ হোৱা পাছত অপৰাধী ধৰা পেলোৱা 

কঠিন হ'ব। এই কথা জনাই DGP ভাস্কৰ জ্যোতি মহন্তই অসমৰ সকলো নাগৰিকক এই টোল ফ্ৰী নম্বৰটো মনত ৰাখিবলৈ আহ্বান জনাইছে।

DGP ভাস্কৰ জ্যোতি মহন্তই লগতে আৰু কয় যে এই নম্বৰটো এটা All India Help Line নম্বৰ আৰু ইয়াৰ লগত সকলো বেংক, বিত্তীয় অনুস্থান জড়িত আছে। ইয়াৰ এটা Portal আছে। আৰু যেতিয়া এজন ব্যক্তিৰ বেংকৰ টকা ফ্ৰদ হয়,Pay TM বা অনলাইন বজাৰ কৰিব পৰা বিভিন্ন app, amazone, MYNTRA ইত্যাদিত বিত্তীয় লেন দেন কৰোঁতে যদি প্ৰবঞ্চনাৰ সন্মুখীন হয় তেনে হ'লে ২৪ ঘণ্টাৰ ভিতৰত এই নম্বৰত ফোন কৰি অভিযোগ কৰিব লাগিব। কল চেন্টাৰে আপোনাৰ পৰা ঘটনা সম্পৰ্কীয় সকলো তথ্য সংগ্ৰহ কৰি এই Portal টোত upload কৰিব।লগে লগে অসমৰ আৰু ভাৰতৰ যিমানবোৰ বিত্তীয় প্ৰতিষ্ঠান আছে ,সকলোৱে এই বিষয়ে অৱগত হ'ব আৰু আপোনাৰ ধন য'তে আছে তাতে ৰৈ যাব। যিহেতু এই বিত্তীয় অনুস্থানবোৰ সকলো inter-connected হৈ আছে, গতিকে এই খবৰ পোৱাৰ লগে লগে সকলো সজাগ হৈ যাব আৰু আপোনাৰ ধন বাহিৰ হৈ যোৱাটো বন্ধ কৰি দিব।

মনত ৰাখিব:

এইটো প্ৰক্ৰিয়া তেতিয়াহে সম্ভৱ হ'ব ,যদিহে আপুনি ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীৰ এই টোল ফ্ৰী নম্বৰটোলৈ ফোন কৰি অভিযোগ দিয়ে। ২৪ ঘণ্টা পাৰ হোৱা পাছত  ফোন কৰিলে কিন্তু অসম আৰক্ষীয়ে আপোনাক সহায় কৰিব নোৱাৰিব।

DGP ভাস্কৰ জ্যোতি মহন্তই লগতে কয় যে অসম এতিয়া চাইবাৰ অপৰাধৰ hot spot হৈ পৰিছে।  গতিকে  অসম আৰক্ষীৰ চাইবাৰ অপৰাধ ৰোধৰ এই অত্যাধুনিক প্ৰকল্পই মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰাৰ বাবেও পৰিকল্পনা হাতত লৈছে। এই সকলো প্ৰকল্প সফল কৰিবলৈ তেখেতে ৰাইজৰ সহযোগিতা কামনা কৰিছে।

বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত অসম আৰক্ষীয়ে,  এনেধৰণৰ বহু প্ৰকল্পৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ব বুলি DGP গৰাকীয়ে আশা প্ৰকাশ কৰিছে।

By: Mallika Dutta

Post a Comment

Previous Post Next Post

People Like