সন্দীপ মহেশ্বৰীয়ে ৰচিলে এক নতুন অভিলেখ : Sandeep Maheshwari creats a new record

সন্দীপ মহেশ্বৰীয়ে ৰচিলে এক নতুন অভিলেখ : Sandeep Maheshwari creats a new record

Sandeep Maheshwari

সন্দীপ মহেশ্বৰীৰ নাম আপোনালোকে নিশ্চয় শুনিছে। বিশেষকৈ যুৱপ্ৰজন্মৰ প্ৰায় সকলোৱেই তেওঁৰ বিষয়ে জ্ঞাত।যুৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ স্ৰোত সন্দীপ মহেশ্বৰী। তেখেত হ'ল এজন অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদানকাৰী ( Motivational spaker)।  তেওঁ আমাৰ বৰ্তমানৰ আধুনিক সমাজখনত উদ্ভৱ হোৱা নৱপ্ৰজন্মৰ সমস্যা সমূ্হৰ সমাধান,নিজৰ লগতে হোৱা মনৰ যুদ্ধ, self-love, কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ আদিৰ বক্তৃতা প্ৰদান কৰে। জনপ্ৰিয় সামাজিক মাধ্যম ' YouTube' ত তেখেতৰ এনে বিষয়ৰ বক্তৃতা সমূহৰ ভিডিঅ' প্ৰচাৰ কৰে। তেখেতৰ' সন্দীপ মহেশ্বৰী' নামেৰেই 'YouTube ' ত' নিজা এটি চেনেল উপলদ্ধ। আকৰ্ষণীয় ব্যক্তিত্ব তথা কথনশৈলীৰে তেখেতৰ ভিডিঅ' সমূহ 'YouTube' ত অতিকৈ জনপ্ৰিয়।

শেহতীয়াকৈ সন্দীপ মহেশ্বৰীয়ে " গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ" ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। তেখেতৰ 'self education' বিষয়ৰ এটি ভিডিঅ'ই 'YouTube' ত  " Most viewed self- education video"ৰ সন্মান লাভ কৰিছে। অৰ্থাৎ তেখেতৰ "The life changing self-education" ভিডিঅ' টো 'youTube' ত সবাৰ্ধিক লোকে চাইছে।এই ভিডিঅ'টো ৩৭,০৫৩,৬৭৫ বাৰ চোৱা হৈছে। এই ভিডিঅ'টো ৯ জুলাই,২০২১ চনত ' Youtube' ত দিয়া হৈছিল।

সন্দীপ মহেশ্বৰীৰ ভিডিঅ' সমূহে বিশেষকৈ স্ব- শিক্ষাৰ (self-education)ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেখেতৰ মতে কোনো ব্যক্তিয়ে যদি সচাকৈয়ে নিজৰ বাবে কিবা কৰিব বিচাৰে, তেন্তে তেওঁ বাস্তৱ লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগিব।

আপুনিও যদি জীৱনৰ কোনোবা মূহুৰ্তত হতাশ হৈ পৰিছে বা হাৰ মানিব খুজিছে, তেন্তে ' YouTube টো খোলক আৰু সন্দীপ মহেশ্বৰীৰ কেইটামান ভিডিঅ' চাওক,নিশ্চয়কৈ আপুনি প্ৰেৰণা লাভ কৰিব আৰু জীৱন টোক এক নতুন দৃষ্টি ভংগীৰে চাবলৈ সক্ষম হ'ব।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.