" আপোনাৰ গালখন কিদৰে সুন্দৰ কৰি ৰাখিব - How do you keep your cheeks clean

আপোনাৰ গালখন কিদৰে সুন্দৰ কৰি ৰাখিব - How do you keep your cheeks clean

আপোনাৰ গালখন কিদৰে সুন্দৰ কৰি ৰাখিব - How do you keep your cheeks clean

আপোনাৰ গালখন কিদৰে সুন্দৰ কৰি ৰাখিব - How do you keep your cheeks clean

আমাৰ মানৱ শৰীৰৰ পঞ্চ ইন্দ্ৰীয় ৰ এটা ভাগ হৈছে আমাৰ ছাল খন। আমাৰ ছাল খন ভালে থাকিলে আমি ভিতৰি কিমান সুখী তাৰ বাহ্যিক প্ৰকাশ ছাল খনৰ জৰিয়তে ই হয়।সেইবাবেই ছাল খনৰ যত্ন ৰখাটো আমাৰ বাবে খুবেই প্ৰয়োজনীয় আৰু সময়ে সময়ে আমি আমাৰ ছাল খনৰ যত্ন কৰিব লাগে।কিন্তু আমাৰ ব্যস্ত জীৱনৰ পৰা আমি কেতিয়াবা ছাল খনৰ যত্ন লোৱাত কিছু পিছ পৰি ৰও।সদায় বাহিৰলৈ ওলাই যোৱা বাবদ আমাৰ ছাল খন পুৰাৰ লগতে দূষিত বায়ুৰ প্ৰভাৱত ছাল খনৰ সতেজতা নোহোৱা হৈ যায়।

কিন্তু ঘৰুৱা পৰিচৰ্য্যা ৰে আমি আমাৰ ছাল খনক আৰু মুখ খনক পুনৰ সতেজ কৰি তুলিব পাৰো।হয়তো আপুনিও জানিব বিচাৰিছে নহয় জানো? কেনেকৈনো আমি আমাৰ ছাল খন আৰু মুখ খনক সদায় পৰিষ্কাৰ কৰি ৰাখিব পাৰিম?

জানো আহকচোন কেইটামান ঘৰুৱা পৰিচৰ্য্যা ৰ বিষয়ে

১) দিনে দুবাৰ নিজৰ মুখ খন পৰিষ্কাৰ কৰক : দৈনিক আমাৰ ছাল খন পৰিষ্কাৰ কৰা আৰু মুখ ধোৱাটো নৈতিক কৰ্তব্য।মুখৰ পৰা ধূলি বালি বোৰ আঁতৰ কৰিবৰ বাবে মুখ ধোৱাটো নিতান্তই প্ৰয়োজনীয়।মুখ খন পৰিষ্কাৰ কৰিবৰ বাবে ফেচ ৱাচ জাতীয় সামগ্ৰীৰ ব্যৱহাৰ কৰিব লাগে।ফেচ ৱাচ ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় কিয়নো কেৱল পানীৰে মুখ ধোৱাটোয়ে পৰ্যাপ্ত নহয়,আৰু পানীত কেতিয়াবা কিছুমান অশুদ্ধ পদাৰ্থ থাকিব পাৰে।সেইবাবে খালি পানীৰে মুখ ধুলে অপকাৰো হ'ব পাৰে।

২) নিজৰ মুখ খনত মালিচ কৰক : নিজৰ মুখখন মালিচ কৰা বা ফেচিয়েল মেছেজ প্ৰচলিত এক অনুশীলন যি প্ৰচুৰ মহিলাই নিজৰ সৌন্দৰ্য চর্চাৰ ৰুটিন খনত ব্যৱহাৰ কৰে।ফেচিয়েল মেছেজ, চিন্তা মুক্ত হোৱাৰ প্ৰাকৃতিক কাৰণ আৰু আপোনাৰ মনটোও ভাল হয় ইয়াৰ জৰিয়তে।ফেচিয়েল মেচেজৰ সহায়ত তেজৰ চলাচল আৰু অক্সিজেন ৰ মাত্ৰ বৃদ্ধি কৰে। মাংসপেশী সমূহ টান হয়।

৩) প্ৰচুৰ পৰিমাণে পানী খাওঁক : প্ৰচুৰ ভাবে পানী খোৱাটো ছালৰ কাৰণে অত্যন্ত সুবিধা জনক।সঠিক ভাবে কাম কৰিবৰ বাবে পৰ্য্যাপ্ত পৰিমাণে সদায় পানী খাব লাগে।যদি আপুনি নাখায় তেতিয়া হ'লে আপুনি পৰ্য্যাপ্ত পৰিমাণে হাইড্ৰজেনৰ পৰা বঞ্চিত হ'ব।হাইড্ৰজেনৰ অভাৱত আপোনৰ ছাল খন শুকাই যাব আৰু লগতে কোচ খাই আহিব।প্ৰচুৰ পৰিমাণে পানী খালে মুখ আৰু গালত গুটি নোলায় আৰু ছাল খন সতেজ হৈ থাকে।

৪) ভাল টোপনি : আপুনি ভাগৰুৱা হৈ থাকিলে সেই ভাগৰ খিনি আপোনাৰ মুখত স্পষ্ট ভাৱে ধৰা পৰে। আপুনি যদি সঠিক ভাবে টোপনি নাযায় তেতিয়া হ'লে আপোনাৰ চকুৰ গুৰি কলা পৰাৰ লগতে ছাল খনো সতেজ হৈ নাথাকে। সেই বাবে আমি ৰাতি ভালকৈ টোপনি যোৱাটো খুবেই প্ৰয়োজনীয়।

নিয়মীয়াকৈ আমি যদি এই নিয়ম সমূহ পালন কৰোঁ তেতিয়া হ'লে নিশ্চয় আমাৰ ছাল খন আৰু গাল খন সতেজ হৈ থাকিব।

Also

  • Wash your face twice a day.

  • Use a mild cleanser
  • Apply an acne-fighting agent.
  • Apply a moisturizer.
  • Exfoliate.
  • Get plenty of sleep.
  • Choose makeup that won't clog your pores.

By: Sukanya Rajbongshi

Post a Comment

Previous Post Next Post

People Like