এতিয়াৰে পৰা পুৰুষ সকলেও এতিয়া গৰ্ভধাৰণ কৰিব পাৰিব : man can pregnant

এতিয়াৰে পৰা পুৰুষ সকলেও এতিয়া গৰ্ভধাৰণ কৰিব পাৰিব : man can pregnant
man can pregnant

পুৰুষতকৈ নাৰীক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়, কাৰণ নাৰীয়ে সন্তান জন্ম দি মাতৃত্ব অৰ্জন কৰিব পাৰে। কিন্তু, সেয়া এতিয়া অতীত কিয়নো এতিয়াৰ পৰা পুৰুষেও সন্তান জন্ম দিব পাৰিব।

ই কিদৰে সম্ভৱ হৈ উঠিব জানো আহক। 

   চীনৰ উহান লেবৰ নাম নিশ্চিয় শুনিছে, হয় ! সেই উহান লেব যি লেব বিগত বছৰ ক'ৰোনা ভাইৰাছ সৃষ্টিকাৰী লেব বুলি চৰ্চা লাভ কৰিছিল। এই লেবৰ বিজ্ঞানী এজনে দাবী কৰিছে যে পুৰুষৰো সন্তান জন্ম দিব পৰা ক্ষমতা আছে আৰু চীনে এই অদ্ভুত গৱেষণা অব্যাহত ৰাখিছে। 

চীনত এই পৰীক্ষাটো আৰম্ভ কৰা হৈছিল ছাংহাইৰ নেভেল মেডিকেল ইউনিভাৰ্চিটি (Naval Medical University)ৰ দ্বাৰা । ইয়াত, গৱেষকসকলে প্ৰথমে মাইকী নিগনিৰ শৰীৰৰ পৰা জৰায়ু আঁতৰ কৰিছিল। তাৰ পিছত  ইয়াক মতা নিগনিটোৰ শৰীৰত লগাই দিয়া হৈছিল। এই ইউট্ৰুছ সংৰোপণৰ পিছত, মতা নিগনিটো গৰ্ভৱতী হয় আৰু ইয়াক চিজাৰিয়ানৰ জৰিয়তে প্ৰসৱ কৰা হয় । মতা নিগনিৰ ওপৰত এই পৰীক্ষাটো সফল হয়  আৰু ইয়াৰ দ্বাৰা জন্ম লাভ কৰে ১০ টা শিশু নিগনি । এই গৱেষণাটো চাৰিটা পদক্ষেপত সম্পূৰ্ণ হৈছে আৰু  ইয়াক এন্দুৰৰ আৰ্হি হিচাপে বৰ্ণনা কৰা হৈছে । অৱশ্যে, ইয়াৰ সফলতাৰ হাৰ বৰ্তমান মাত্ৰ ৩.৬৮ শতাংশ বুলি অনুমান কৰা হৈছে। 

  স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা এই  সফল পৰীক্ষাটোৱে এতিয়া পুৰুষ সকলো গৰ্ভধাৰণ কৰিব পৰাৰ আশা জাগ্ৰত কৰি তুলিছে। সেয়েহে এতিয়া গৱেষক সকলে পৰীক্ষা আৰম্ভ কৰিছে পুৰুষৰ ওপৰত আৰু তেওঁলোকে ইয়াতো সফলতা লাভ কৰিব বুলি গভীৰ আশা প্ৰকাশ কৰিছে । উল্লেখ্যযোগ্য যে, এই প্ৰক্ৰিয়াই সফলতা লাভ কৰিলে ইয়াৰ দ্বাৰ ট্ৰেন্সজেণ্ডাৰসকলকো গৰ্ভধাৰণ কৰিব পাৰিব বুলি তেওঁলোকে মত পোষণ কৰে । 

চীনা বিজ্ঞানীসকলৰ এই  অদ্ভুত গৱেষণা কিমান দূৰ সফল হয় পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষ্যণীয়। 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.