" কৃত্ৰিম ভৰিৰে এভাৰেষ্ট জয় কৰা বিশ্বৰ প্ৰথম মহিলাগৰাকী World first female amputee to scale Mount Everest

কৃত্ৰিম ভৰিৰে এভাৰেষ্ট জয় কৰা বিশ্বৰ প্ৰথম মহিলাগৰাকী World first female amputee to scale Mount Everest

কৃত্ৰিম ভৰিৰে এভাৰেষ্ট জয় কৰা  বিশ্বৰ প্ৰথম মহিলাগৰাকী World first female amputee to scale Mount Everest 

World first female amputee to scale Mount Everest

অৰুণিমা সিনহা : আপোনাৰ যদি কিবা এটা কৰাৰ অদম্য হেঁপাহ আছে, আৰু আপুনি যদি সেই কাম কৰিম বুলি মন ঠিৰাং কৰি লৈছে, তেনে হ'লে হাজাৰ বাধাই ও আপোনাক সেই লক্ষ্যত উপনীত হোৱাত হেঙাৰ সৃষ্টি কৰিব  নোৱাৰে। তেনে এক কাম কৰি  সফলতা অৰ্জন কৰা এগৰাকী মহিলা, যি যুৱ প্ৰজন্মৰ বাবে এতিয়া প্ৰেৰণাৰ উৎস । তেনে এগৰাকী মহিলাৰ বিষয়ে আজি আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ--- তেওঁ হৈছে,ভাৰতৰ এগৰাকী পৰ্বতাৰোহনকাৰী ,ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ অৰুণিমা সিনহা। (Arunima Sinha)

২০১১ চনৰ কথা। অৰুণিমাই এখন ৰেলৰ  এটি সাধাৰণ শ্ৰেণীৰ ডবাত যাত্ৰা কৰিছিল লক্ষনৌৰ পৰা দিল্লীলৈ। তাতে তেওঁ সম্মুখীন হয় ডকাইতৰ আক্ৰমণৰ। তেওঁৰ ডিঙিৰ সোণৰ চেইণ কাঢ়ি নিয়াত বাধা দিওতে ডকাইতে তেওঁক ডবাৰ পৰা গতিয়াই বাহিৰলৈ থেলি পেলাই দিয়ে। ৰেলৰ চিৰিত অসহায় অৱস্থাত পৰি থাকোতেই মুহূৰ্ততে আন এখন ৰেলে আহি তেওঁৰ ভৰি এটা কাটি থৈ যায় আৰু আনটো  ভৰিও আঘাত প্ৰাপ্ত হয়। সেই অৱস্থাত অৰুণিমা গোটেই ৰাতি পৰি আছিল। শৰীৰৰ তেজ গৈ গৈ মৃত প্ৰায় অৱস্থাত তেওঁক ২৮ ঘণ্টাৰ পাছত ওচৰৰ গাঁও এখনৰ লোকে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায়। একো বিশেষ সা সুবিধা নথকা বাবে পাছত উন্নত চিকিৎসাৰ বাবে  অৰুণিমাক আন এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। যেতিয়া সকলোৱে অৰুণিমাৰ পৰিচয় এগৰাকী  ৰাষ্ট্ৰীয় খেলুৱৈ বুলি গম পালে ,তেতিয়া তেওঁৰ চিকিৎসাৰ মান উন্নত হয়। শেষত তেওঁক AIMS(All India  Medical Science, New Delhi) ত ভৰ্তি কৰোৱা হয়। তাত তেওঁ প্ৰায় চাৰিমাহ চিকিৎসা গ্ৰহণ কৰে আৰু তাতে ভাৰতৰ এটা বে- চৰকাৰী সংস্থাই অৰুণিমাক এটা কৃত্ৰিম ভৰি দান কৰে।

অত্যাধিক মনোবল থকা বাবেহে অৰুণিমাই মৃত্যুক জয় কৰিব পাৰিলে। এই ঘটনাৰ পিছত বহুতে অৰুণিমাৰ বিষয়ে বিৰূপ মন্তব্য কৰিছিল, এই যে তেওঁ ৰেলৰ পৰা পৰি আত্ম হত্যা কৰিবলৈ বিচাৰিছিল। পুলিচেও তেনে সন্দেহ কৰিছিল, আৰু ভাবিছিল তেওঁ ৰেলৰ লাইন পাৰ হৈ যাওঁতে দুৰ্ঘটনা ঘটিছিল। এই বোৰ কথাই অৰুণিমাৰ মনত যথেষ্ট আঘাট দিছিল আৰু AIMS ত  চিকিৎসা চলি থাকোতেই তেওঁ এক লক্ষ্য থিৰ কৰিছিল যে তেওঁৰ কৃত্ৰিম ভৰি হলেও, সেই ভৰিৰে  এদিন এভাৰেষ্ট জয় কৰি দেশৰ নাম উজলাই তুলিব, আৰু এক ইতিহাস ৰচিব। 

২০১১ চনত অৰুণিমা সিনহাই এখন ভৰি হেৰুৱাইছিল আৰু ২০১৩ চনত তেওঁ এভাৰেষ্ট জয় কৰিছিল। এই যাত্ৰাত তেওঁক উৎসাহিত কৰা লোকসকল আছিল তেওঁৰ পৰিয়ালৰ মানুহ আৰু ভাৰতৰ প্ৰথম মহিলা পৰ্বতাৰোহী বাচেন্দ্ৰী পাল। উল্লেখযোগ্য যে অৰুণিমাৰ এই দুঃসাহস দেখি উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে নিজা ববীয়াকৈ, আৰু চৰকাৰৰ ফালৰ পৰা কেইবা লক্ষাধিক টকা তেওঁলৈ অনুদান আগবঢ়াইছিল। উত্তৰ কাশীৰ Nehru Institute of Mountaineering  ত সফলতাৰে পৰ্বতাৰোহণৰ প্ৰশিক্ষণ সমাপ্ত কৰি  অৰুণিমা সিনহায়ে এভাৰেষ্ট জয় কৰি ভাৰত বাসীক আচৰিত কৰি তুলিলে। এইয়া অত্যাধিক মনোবল আৰু পৰিশ্ৰমৰ দ্বাৰা সম্ভৱ হোৱা এক অসাধ্য সাধন!

অৰুণিমাই এতিয়া বিশ্বৰ বহু কেইটা সু উচ্চ শৃংগ জয় কৰিছে। ৩২ বছৰ বয়সীয়া এই গৰাকী মহিলা এতিয়া  সকলোৰে বাবে প্ৰেৰণাৰ উৎস। তেওঁ বিশ্বাস কৰে-- মানুহ শাৰীৰিক ভাবে অক্ষম হলেই তেওঁক অক্ষম বুলি ভাবিব নালাগে, যদিহে তেওঁৰ মন- মগজুৱে সঠিক চিন্তা কৰিব পাৰে। মানসিক ভাৱে সবল ব্যক্তিৰ বাবে সকলো কামেই সম্ভৱ, যদিহে তেওঁৰ লক্ষ্য স্থিৰ হয় আৰু পৰিশ্ৰমী হয়। ২০১৫ চনত এই গৰাকী সাহসী নাৰীক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে।  অৰুণিমা সিংহাই এতিয়া পৰ্বতাৰোহণৰ লগতে এগৰাকী Motivational speaker হিচাপেও কাম কৰি আছে।

By: Mallika Dutta

Post a Comment

Previous Post Next Post

People Like