" দুখীয়াৰ ভগৱান স্বৰূপ এজন ব্যক্তি, : A man like the God of the poor people,who can treat eyes in 5 minutes

দুখীয়াৰ ভগৱান স্বৰূপ এজন ব্যক্তি, : A man like the God of the poor people,who can treat eyes in 5 minutes

দুখীয়াৰ ভগৱান স্বৰূপ এজন ব্যক্তি,৫ মিনিটত চকু ঠিক কৰিব পাৰে: A man like the God of the poor people, who can treat eyes in 5 minutes

A man like the God of the poor people

আমাৰ চকুৰ সমস্যা হ'লে আমি সদায় ডাঃ ওচৰলৈ যাওঁ যাতে আমাৰ চকুত কি সমস্যা হৈছে ধৰা পৰে আৰু ধৰা পৰাৰ লগতে হয়তো চকুৰ চিকিৎসাৰ বাবে এক দীঘলীয়া যাত্ৰাৰ সন্মুখীন হ'ব লগা হয়। মানুহে চকুৰ চিকিৎসাৰ বাবে আইড্ৰপ ৰ পৰা আদি কৰি লেজাৰ চাৰ্জাৰীৰো সহায় লয়,কিন্তু নেপালত বাস কৰা এজন ব্যক্তি সন্দুক ৰুতায়ে অলপ বেলেগ ধৰণে চকুৰ চিকিৎসা কৰে। পৃথিৱীৰ কিছুমান মানুহৰ বাবে ৰুতাই ভগৱান সদৃশ।চকুৰ ডাঃ সন্দুক "গ'ড অফ আই চাইট" বুলি কয়। সন্দুকে এতিয়া লৈকে ১ লাখ ৰো অধিক লোকক চকুৰ ৰশ্মি আনি দিছে।

eye treatment
ডাঃ সন্দুকৰ ওচৰলৈ এনেকুৱা ধৰণৰ ৰোগী আহে যাৰ চকুৰ অসুবিধা আৰম্ভণিতে হয় আৰু টকা পইচাৰ অসুবিধাৰ বাবে তেওঁলোকে চিকিৎসা কৰিব নোৱাৰে।ডাঃ সন্দুক দূৰ দুৰণিলৈ গৈ ও চিকিৎসা কৰিছে। চিকিৎসাৰ বাবে তেওঁ যি কৌশলৰ ব্যৱহাৰ কৰে তাৰ বাবে মাত্ৰ ৫ মিনিট সময় লাগে। সেইবাবেই তেওঁ কম সময়তে বহুত মানুহৰ চিকিৎসা কৰিব পাৰে।

এই কৌশলত ৰোগীৰ চকুত সৰুকৈ গাত কৰা হয়। তাৰ পিছত চকুৰ কমজুৰি সিৰা ডাল,যাৰ বাবে চকুৰ ৰশ্মি নোহোৱা হৈছিল সেইডাল আঁতৰ কৰা হয় আৰু তাৰ ঠাইত সস্তীয়া কিন্তু ক্ৰিয়াশীল লেন্স লগাই দিয়া হয়। ৩০ বছৰে তেওঁ এছিয়া আৰু আফ্ৰিকাৰ পিছ পৰা কিছু কিছু অঞ্চলত গৈ এইদৰে চিকিৎসা কৰি অসহায় লোক সকলৰ সহায় কৰি আছে।

বৰ্তমান পৃথিৱীত মানৱতাৰ মৃত্যু হোৱা নাই। মানৱতা এতিয়াও জীয়াই আছে আৰু ডাঃ সন্দুক তাৰেই উদাহৰণ।

তেওৰ বিষয়ে অধিক জানিব বিচাৰিলে https://en.wikipedia.org/wiki/Sanduk_Ruit

By: Sukanya Rajbongshi


1 Comments

Previous Post Next Post

People Like