এছিয়াৰ পৰিষ্কাৰ গাঁও খন : Cleanest village of Asia
বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানুহ বোৰক একেবাৰেই কোঙা কৰি পেলাইছে। প্ৰযুক্তি বিদ্যাৰ অবিহনে মানুহে বৰ্তমান জীৱন কল্পনা কৰিব কোনো কাৰণতে নোৱাৰে। বিজ্ঞান প্ৰযুক্তি বিদ্যা যিদৰে আজিৰ সমাজৰ বাবে আশীৰ্বাদ ঠিক সেইদৰে অভিশাপো হৈ পৰিছে। আজিৰ চহৰত সকলো ফালেই মাথোঁ প্ৰদূষণ । বায়ু, পানী আৰু মাটি মাথোঁ প্ৰদূষিত হৈছে । আধুনিক যন্ত্ৰ ব্যৱহাৰৰ ফলত এই সকলো বোৰ দেখা দিছে। লগতে চহৰত শব্দ প্ৰদূষণো যথেষ্ঠ পৰিমানে বাঢ়িছে। গাঁওৰ পৰিৱেশটো চহৰৰ পৰিবেশৰ পৰা সম্পূৰ্ণ এটা পৃথক পৰিবেশ। চাৰিওফালে সেউজীয়াৰে আৱৰি আছে গাওঁৰ পৰিবেশ টোত। গাঁওৰ বিশুদ্ধ বায়ু আৰু বতাহে সকলোৰে মন জয় কৰে।
আমাৰ ভাৰততো এখন গাঁও আছে যি সকলোতকৈ চফা যিয়ে এছিয়াৰ ভিতৰত চফা গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে। আহকচোন জানো আমি সেই গাঁও খনৰ বিষয়ে।
এছিয়াৰ সকলোতকৈ চফা গাঁও খনৰ নাম হৈছে মাউলিনং(Mawlynnong) । যি মেঘালয়ৰ পূৱ খাচী পাহাৰত অৱস্থিত। মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ প্ৰায় ৯০ কি:মি: নিলগত এই ধুনীয়া গাঁও খন অৱস্থিত। এই গাঁও খনৰ বিষয়ে প্ৰথম ২০০৪ চনত ডিস্ক'ভাৰী চেনেলত দেখুওৱা হৈছিল আৰু UNESCO য়ে ২০০৬ ত ইয়াক এছিয়াৰ চফা গাঁও হিচাপে স্বীকৃতি দিছিল। এই গাঁও খনত ৯৫ তা পৰিয়াল আছে আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৫৫০ জন আৰু প্ৰায় সকলো মানুহেই ইয়াক শিক্ষিত। এই ঠাই কণ পৰ্যটন ঠাই হোৱাৰ কাৰণ হ'ল ইয়াৰ পৰিষ্কাৰ পৰিবেশ । এই গাঁও খনৰ প্ৰতিজন ব্যক্তিয়ে চাফ চিকুনতাৰ প্ৰতি অতি সজাগ। ইয়াক প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিব দিয়া নহয়। তাৰ পৰিৱৰ্তে গাঁও খনৰ প্ৰতিটো চুকে কোনে বাঁহৰে সজা ডাষ্টবিন দেখিবলৈ পোৱা যায়।
এই গাঁও খনৰ লোক সকলৰ বাবে চাফ চিকুনতা এক পৰম্পৰা ও দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে হৈ পৰিছে।ইয়াৰ ল'ৰা ছোৱালী বোৰে ৰাতিপুৱা সদায় স্কুল যোৱাৰ আগমুহূৰ্তত গাঁও খন চাফ চিকুণ কৰে।এই গাঁওৰ লোকসকলে ফল মূল বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। ইয়াত এখন ল'ৱাৰ প্ৰাইমেৰী আৰু এখন আপাৰ প্ৰাইমেৰী স্কুল আছে।দুৰ্ভাগ্য বশতঃ ইয়াত কোনো ধৰণৰ চিকিৎসালয় নাই। চিকিৎসা জনীত কাৰণত গাঁওবাসী শ্বিলঙ লৈ যাব লগা হয়।
ইয়াত পৰ্যটক সকলৰ বাবে বহুতো ৰেষ্টুৰেণ্ট আৰু গেষ্ট হাউচ আছে। এই গাঁও খনত বেলেন্সিঙ ৰ'ক আছে যিয়ে এটা সৰু শিলৰ ওপৰত ভিত্তি কৰি আছে। গাঁও বাসী মতে খ্ৰীষ্টিয়ান লোক সকলে এই শিলৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ কিছু পৰম্পৰাগত নিয়ম নীতি কৰিছিল। এই গাঁও খনৰ বিষয়ে বৰ্ণনা কৰাতকৈ যেতিয়া মানুহে নিজ চকুৰে প্ৰত্যক্ষ কৰে তেতিয়া হে বুজিব পাৰে ইয়াৰ সৌন্দৰ্যতাৰ বিষয়ে।
By: Sukanya Rajbongshi