অসমত পেট্ৰল- ডিজেলৰ দাম বঢ়াৰ ৰহস্য কি? : Reason behind high rate of price of Petral and Diesel in Assam

 অসমত পেট্ৰল- ডিজেলৰ দাম বঢ়াৰ ৰহস্য কি? : Reason behind high rate of price of Petral and Diesel in Assam 

price of Petral and Diesel

অসমত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে সকলোকে জ্বলাকলা খুৱাইছে। নিজৰ ৰাজ্যতে খাৰুৱা তেলৰ ভাণ্ডাৰ থাকোতে, অসমৰ মানুহে অধিক দামত পেট্ৰল ডিজেল ক্ৰয় কৰিব লগা হোৱা কথাই আপোনাক নিশ্চয় ভৱাই তুলিছে আৰু জানিবলৈ মন গৈছে এই মূল্য বৃদ্ধিৰ ৰহস্য কি?

অসমত পেট্ৰল আৰু ডিজেলৰ দাম dynamic fuel price(চলন্ত ইন্ধন মূল্য) ৰ ওপৰত ভিত্তি কৰি ঠিৰাং কৰা হয়। প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰল - ডিজেলৰ দাম সলনি হয়।বিশ্বৰ ইন্ধন মূল্যত এক মিনিটত যদি কিবা সালসলনি ঘটে তেন্তে লগে লগে ইয়াৰ প্ৰভাৱ পৰে অসমৰ পেট্ৰল ডিজেলৰ দিলাৰ আৰু গ্ৰাহকৰ ওপৰত। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ আন এটা কাৰণ হৈছে--  ৰিফাইনাৰীৰ পৰা এই তেল কিনাৰ পাছত তাৰ লগত যোগ হোৱা আৱকাৰী শুক্ল, দিলাৰ কমিচন আৰু VAT অৰ্থাৎ value added Tax। এই সকলো বিলাক মিলাই পেট্ৰল ডিজেলৰ চূড়ান্ত মূল্য নিৰ্ধাৰিত হয় আৰু তেতিয়া পেট্ৰল ডিজেলৰ মূল্য দুগুণ হৈ পৰে। আৰু কিছুমান কাৰকে তেলৰ মূল্য বৃদ্ধিত অৰিহণা যোগায়। যেনে: US ডলাৰৰ বিনিময় হাৰ, গোলকীয় ক্ৰিয়া কলাপ, ইন্ধনৰ চাহিদা, ইত্যাদি। আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য  যেতিয়াই বৃদ্ধি পায় তেতিয়াই ভাৰতত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পায়।

ভাৰতত চলন্ত ইন্ধন মূল্য পদ্ধতি (Dynamic Fuel Price Method) ২০১৭ চনৰ জুনৰ পৰা ৰূপায়ন কৰা হৈছে। আৰু তেতিয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় ইন্ধন মূল্যৰ হ্ৰাস বৃদ্ধিৰ লগত সামঞ্জস্য ৰাখি প্ৰতি দিনে পুৱা ৬:০০ বজাত পেট্ৰল ডিজেলৰ মূল্যৰ সালসলনি কৰা হয়।

এইখিনিতে উল্লেখযোগ্য যে ২০০০ চনৰ জানুৱাৰীত  ভাৰতত পেট্ৰলৰ মূল্য আছিল প্ৰতি লিটাৰত ২৫. ৯৪ টকা আৰু ডিজেলৰ মূল্য ১৪. ০৪ টকা। ২০১০ চনত ই বৃদ্ধি পায় ক্ৰমে ৪৪.৭২ টকা আৰু ৩২.৯২ টকালৈ ।

price of Petral and Diesel

এতিয়া এই মূল্য বাঢ়ি পেট্ৰলৰ ৯৭. ৯৩ টকা আৰু ডিজেলৰ ৮৯.৪৯ টকা  হৈছে গৈ। যদিও এই মূল্য  দৈনিক সলনি হয়,আমি প্ৰায় ইয়াৰ আশে পাশেৰ মূল্যতে পেট্ৰল - ডিজেল ক্ৰয় কৰিব লগা হয়। পেট্ৰল ডিজেলৰ dynamic Fuel Price Method ৰ বাবে অসমৰ নগৰ সমূহতো এই প্ৰভাৱ পৰিছে। আপুনি যদি এই কথা লক্ষ্য কৰে, তেন্তে দেখিবলৈ পাব অসমৰ কোনো চহৰৰ পেট্ৰল বা ডিজেলৰ মূল্য আন এখন চহৰৰ মূল্যৰ লগত একে নহয়। উদাহৰণস্বৰূপে কামৰূপ মেট্ৰত পেট্ৰলৰ দাম আজি যদি ৯৭.৬৪ টকা, আনহাতে নগাঁৱত ৯৮.৯৫, গোলাঘাটত ৯৮.৪৫, মাজুলীত ৯৯.৮৬,শোণিতপুৰত ৯৭.৭৬ ইত্যাদি।

এতিয়া স্বাভাৱিকতে সকলোৰে মনত প্ৰশ্ন জাগিব, কিয়  ভাৰতত এই dynamic fuel price method ৰূপায়ন কৰা হৈছে?  পেট্ৰল আৰু ডিজেলৰ মূল্য কেই পইচামান সালসলনি হ'লেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত সামগ্ৰীৰ মূল্যৰ তাৰতম্য ঘটে। কেতিয়াবা ইয়াৰ বাবে পেট্ৰল- ডিজেলৰ দিলাৰ আৰু গ্ৰাহক লোকচানৰ সম্মুখীন হয়। এই গোটেই ব্যৱস্থাটোক সু নিয়ন্ত্ৰিত কৰিবৰ বাবেই  এই পদ্ধতি ভাৰতত ৰূপায়ন কৰা হৈছে, যাতে পেট্ৰল ডিজেলৰ মূল্য দৈনিক কেই পইচামান সালসলনি হ'লেও  গ্ৰাহকে তাৰ লাভ আদায় কৰিব পাৰে বা লোকচানৰ সন্মুখীন নহয়! 

By: Mallika Dutta

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.