আমাৰ বাওঁ‌ চকু লৰিলে কি হয় | What happens if my left eye is moving

আমাৰ বাওঁ‌ চকু লৰিলে কি হয় ? What happens if my left eye is moving?

What happens if my left eye is moving

আমি কেতিয়াবা ভাবি আচৰিত হওঁ‌ আমাৰ চকু লৰে কিয় ? চকু লৰাৰ আঁ‌ৰত বিজ্ঞানসন্মত কাৰণ থকাৰ সমান্তৰালকৈ কিছুমান জ্যোতিষ বিষয়ক কাৰণো জড়িত হৈ আছে। এই কাৰণসমূহ আৰু ইয়াৰ অৰ্থসমূহ জানি আপুনি আচৰিত হৈ পৰিব পাৰে। তেন্তে আহকচোন আমি আলোচনা কৰো।

অংগ জ্যোতিষ অনুসৰি আমাৰ দেহৰ প্ৰত্যেকটো অংগৰ ক্ৰিয়াকলাপে এটা নিৰ্দিষ্ট অৰ্থ বহন কৰে। সেই অনুসৰি আমাৰ চকুৰ লৰাৰ লগতো কিছু অৰ্থ জড়িত আছে।

সমুদ্ৰ শাস্ত্ৰ অনুসৰি পুৰুষৰ বাওঁ‌ চকু লৰাতো এটা শুভ লক্ষণ। এই শাস্ত্ৰ অনুসৰি পুৰুষৰ বাওঁ‌ চকু লৰা ঘটনাটোৱে ইয়াকে বুজাই যে সেই পুৰুষজনৰ লগত কিবা এটা ভাল হবলৈ গৈ আছে বা তেওঁৰ আশা আকাংক্ষাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, তদুপৰি তেওঁ কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্ৰত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা থাকে। পিছে এইখিনিতে উল্লেখ কৰা যুগুত যে, যদিহে পুৰুষৰ বাওঁ‌ চকুৰ পতা(Eyelids) বা চেলাউৰি(Eyebrows) লৰে , তেন্তে ইয়াক অশুভ বুলি ধৰা হয় আৰু এনে হলে কোনো পুৰণি শত্ৰুৰ দ্বাৰা হানিৰ সম্ভাৱনা থাকে।

চকু লৰাৰ আৰঁ‌ত বিজ্ঞানসন্মত কাৰণ আছে। চকু লৰাটো এটা অতি স্বাভাৱিক পৰিঘটনা। মূলতঃ ভাগৰুৱা অনুভৱ, টোপনি খতি, চাহ বা কফিৰ অত্যধিক সেৱন, কম পোহৰত বেছি সময় থাকিলে, দেৰীলৈকে কম্পিউটাৰ আদি চাই থাকিলে চকু লৰা পৰিঘটনাটো হ'ব পাৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.