" ক'ভিদ সৃষ্ট সংকটকালত চনু চুদৰ মানৱতা, বিপদত আৰ্তজনলৈ আগবঢ়াইছে সহায়ৰ হাত | Sonu sood help people

ক'ভিদ সৃষ্ট সংকটকালত চনু চুদৰ মানৱতা, বিপদত আৰ্তজনলৈ আগবঢ়াইছে সহায়ৰ হাত | Sonu sood help people

 ক'ভিদ সৃষ্ট সংকটকালত sonu soodৰ মানৱতা, বিপদত আৰ্তজনলৈ  আগবঢ়াইছে সহায়ৰ হাত

sonu sood Assamese news

ভাৰতৰ এগৰাকী বোলছবি অভিনেতা sonu soodৰ নাম নুশুনা খুব কম ব্যক্তিহে পোৱা যাব। এইগৰাকী অভিনেতাই ২০২০ চনত ক'ভিদ সৃষ্ট সংকট কালত  তেওঁৰ মানৱদৰদী  কৰ্মৰাজিৰ বাবে বিখ্যাত হৈ পৰিছিল। তেওঁ দক্ষিণ ভাৰতত কৰ্ম সূত্ৰে বাস কৰা শ্ৰমিকসকলক নিজ ঘৰলৈ যাবলৈ সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰিছিল, যি সময়ত ৰেল আৰু বিমান সেৱা পৰ্য্যন্ত বন্ধ আছিল।  এই গৰাকী ব্যক্তিয়ে তেওঁৰ এই মানৱ সেৱা বৰ্তমান ক'ভিদৰ ২য় লহৰৰ সময়তো আগবঢ়াই আছে। সম্পূৰ্ণ নিজা গাঁঠিৰ ধন ব্যৱহাৰ কৰি, নিজা পৰিকল্পনাৰে তেওঁ  মানুহৰ বাবে যি সেৱা আগবঢ়াই আছে সেই কথাই সমগ্ৰ ভাৰতবাসীক অভিভূত কৰিছে।

যি সময়ত প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰিব নোৱাৰা বাবে ৰোগী মৃত্যু মুখত পৰিব লগা হৈছে, তেনেসময়ত চনু চুদে ফ্ৰান্সৰ পৰা অক্সিজেন উৎপাদন প্লেণ্ট দেশলৈ অনাৰ ব্যৱস্থা কৰিছে।এইক্ষেত্ৰত চনু চুদে জনাই যে, পোন প্ৰথমে দিল্লী আৰু মহাৰাষ্ট্ৰৰ দৰে অধিক লোক আক্ৰান্ত ৰাজ্যত এই প্লেণ্ট বহুওৱা হ'ব। অহা ১০-১২ দিনৰ ভিতৰতে এই প্লেন্টসমূহ ভাৰতবৰ্ষ পাবহি।

উল্লেখযোগ্য আজি কিছুদিন পূৰ্বে  তিৰূপতিৰ ভেংকতেশ্বৰ ৰামনাৰায়ণ ৰুইয়া চৰকাৰী চিকিৎসালয়ত মাত্ৰ ৫ মিনিট সময় অক্সিজেন নোপোৱা বাবে ১১জনকৈ ক'ৰুনা ৰোগীৰ মৃত্যু হৈছে। ইতিমধ্যে এনেধৰণৰ ঘটনা দেশৰ কেইবাখনো ৰাজ্যত সংগঠিত হোৱাৰ বাতৰি পোৱা গৈছে। এই পৰিপ্ৰেক্ষিতত চনু চুদৰ এই পদক্ষেপে নিশ্চিত ভাবে বহুজনৰ জীৱন ৰক্ষাত সহায় হ'ব।

চনু চুদে কয় যে এতিয়া "সময়" আমাৰ বাবে আটাইতকৈ মূল্যবান। অকণমান সময়ৰ অক্সিজেনৰ অভাৱৰ বাবে কোনো লোকে যাতে প্ৰাণ হেৰুৱাব নালাগে, সেই উদ্দেশ্যেই তেওঁ এই পদক্ষেপ হাতত লৈছে।

চনু চুদে কেৱল অক্সিজেনৰ সমস্যাই নহয়, আন ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়াইছে। ক'ৰুনা লগত যুঁজি থকা আক্ৰান্তক ৰেমদেচিভিৰ দৰে জীৱনদায়িনী  ইনজেকচনৰ লগতে অন্যান্য সামগ্রীও সময়মতে পোৱাত সহায় কৰিছে। কিছুদিনৰ আগতে তেওঁ ক্ৰিকেটাৰ সুৰেশ ৰাইনাক সহায় কৰিছিল। যোৱা ১২ মে'ত ক্ৰিকেটাৰ হৰভজন সিঙে, তেওঁৰ চিকিৎসাৰ বাবে অতি সোনকালে ৰেমদেচিভিৰ প্ৰয়োজন হৈছে বুলি  টুইটাত দিয়া খবৰ দেখি চনু চুদে তাৎক্ষণিক ভাৱে সেই সমস্যা সমাধান কৰে। এইদৰে তেওঁ সাধাৰণ জনতাৰ লগতে দেশৰ দুগৰাকীকৈ আগশাৰীৰ খেলুৱৈৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

এনেদৰে চনু চুদ আৰু তেওঁৰ দলে ক'ভিদ আক্ৰান্ত সকলৰ মাজত সোমাই মানৱসেৱা আগবঢ়াই আছে।  দেশৰ আক্ৰান্ত সকলৰ মাজত এতিয়া বিপদৰ বন্ধু হৈছে চনু চুদ। 

By:Mallika Dutta

Post a Comment

Previous Post Next Post

People Like