" বলীউডৰ কোন গৰাকী অভিনেত্ৰীয়ে মাটিৰে গা ধুলে আৰু কিয় | Urvashi Rautela mud bath goes viral

বলীউডৰ কোন গৰাকী অভিনেত্ৰীয়ে মাটিৰে গা ধুলে আৰু কিয় | Urvashi Rautela mud bath goes viral

বলীউডৰ কোন গৰাকী অভিনেত্ৰীয়ে মাটিৰে গা ধুলে আৰু কিয় |  Urvashi Rautela mud bath goes viral

Urvashi Rautela

বলিউডৰ তাৰকা সকলৰ মাজত সৌন্দৰ্য চৰ্চাক লৈ এটা প্ৰতিযোগিতা‌ প্ৰায় সদায়েই দেখিবলৈ পোৱা যায় , সেয়া পাৰ্টীয়েই হ‌ওক নহ'লে কোনোবা চিনেমাৰ প্ৰমোচনৰ ইভেণ্টেই হ‌ওক । বিশেষকৈ অভিনেত্ৰী সকলৰ মাজত সৌন্দৰ্য চৰ্চা আৰু শৰীৰ চৰ্চা এই দুইটা বিষয় প্ৰায় বাতৰিৰ শিৰোনামা দখল কৰা দেখা গৈছে । ইয়াৰ ভিতৰতে কিছুদিন আগত এগৰাকী অভিনেত্ৰীৰ এখন ছবিয়ে বিশেষ চৰ্চা লাভ কৰিছে । এই ফটো খন কোনে আৰু কেনেদৰে আগবঢ়াইছিল জানো আহক : 

প্ৰায়ে সংবাদ শীৰ্ষত থকা জনপ্ৰিয় অভিনেত্ৰী Urvashi Rautela ৰ এখন ফটোয়ে টোলপাৰ লগাইছে তেওঁৰ অনুৰাগী সকলৰ মাজত । কিছু দিন পূৰ্বে Urvashi Rautelaএ নিজৰ Instagramত এখন ফটো আপলোড কৰিছিল য'ত তেওঁ অৰ্ধ নগ্ন অৱস্থাত সমগ্ৰ শৰীৰত মাটিৰ এক প্ৰলেপ লগাই থোৱা দেখা পোৱা গৈছিল । ফটো খন দেখি এনে ভাব হৈছিল যেন সেয়া মানৱ শৰীৰ নহয় বৰং সু-নিপুণ শিল্পীৰ হাতত নিৰ্মিত এক শিল্প কলা হে । 

বহু চৰ্চিত এই ছবিখনত তেওঁ মন্তব্য আগবঢ়াই যে ইজিপ্তৰ মহাৰাণী ক্লিঅ'পেট্ৰাৰ অতি প্ৰিয় মাড বাথ ৰ তেওঁ বৰ্তমান সময়ৰ fan হৈ পৰিছে । এই মাড বাথ স্পা থেৰাপী ৰ বহুতো গুণাগুণ আছে যাৰ বাবে এই স্নান তেওঁ ভালপায় । Balearic Beach ৰ ৰঙা মাটিৰ সৈতে ফটো আপলোড কৰিছিল অভিনেত্ৰী গৰাকীয়ে । শৰীৰ চৰ্চাৰ প্ৰতি সচেতন হোৱাৰ বাবে এই মাড বাথ স্পা থেৰাপী তেওঁৰ অতি প্ৰিয় । মাটিৰ উপকাৰী গুণ সমূহে এই স্নানত ঠাই পাইছে । মাটিত থকা মিনাৰেলচ শৰীৰৰ ছালৰ কাৰণে উপকাৰী । মাটিৰ পৰা শৰীৰ তথা ছালৰ বিশেষ উপকাৰ সাধন হোৱাৰ লগতে ই আমাৰ শৰীৰ কোমল কৰি ৰাখে । 

শৰীৰ চৰ্চাৰ প্ৰতি তেওঁ কিমান সচেতন সেই কথা তেওঁৰ বিভিন্ন সামাজিক মাধ্যমত দিয়া ভিডিঅ' আৰু ফটোৰ পৰাই গম পোৱা যায় ।

Post a Comment

Previous Post Next Post

People Like