মানুহ জন্ম হোৱাৰ সময়ে নিৰ্ধাৰণ কৰে, মানুহজনৰ চৰিত্ৰ, ভাগ্য তথা ভৱিষ্যত। গতিকে আমি ক'ব পাৰো মানুহ এজনৰ জন্মৰ সময়ে মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক তেনেদৰে জন্মৰ সময় জানিলে আমি মানুহজনৰ স্বভাৱ, চৰিত্ৰ আদিৰ পূৰ্বানুমান কৰিব পাৰো । আজি আমি আলোচনা কৰিম আগষ্ট মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ কিছুমান বিশেষ বিশেষত্ব।

১) কল্পনাবিলাসী :- আগষ্ট মাহত জন্ম হোৱা ব্যক্তি সকল কল্পনাবিলাসী হয়, অৰ্থাৎ কল্পনা কৰিবলৈ ভাল পায়। তেওঁলোকৰ কল্পনা অনুসৰি তেওঁলোকে তেওঁলোকৰ জীৱনত আগবাঢ়িব খোঁজে কিন্তু বহু ক্ষেত্রত কল্পনা অনুসৰি ফল নোপোৱাৰ ফলত কিছু ক্ষেত্রত তেওঁলোকৰ জীৱনত নিৰাশাই দেখা দিয়ে।
২) ধৈর্যশীল - এই মাহত জন্ম লাভ কৰা সকলৰ যথেষ্ট ধৈর্য্যশীল হয়, যাৰ ফলত তেওঁলোকে যিকোনো কাম কৰোঁতে অধৈর্য্য নহয় আৰু যি কোনো কাম কৰিবলৈ সমৰ্থ হয়।
৩) শান্তিপ্রিয় -এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল শান্তিপ্রিয় হয় অৰ্থাৎ শান্তিপূর্ণ পৰিৱেশত থাকি তেওঁলোকে ভাল পায়। যাৰ ফলত বহুসময়ত তেওঁলোকে অকলশৰে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে ।
৪) নেতৃত্ব দিব পৰা ক্ষমতা :- এই মাহত জন্ম হোৱা ব্যক্তিসকলৰ নেতৃত্ব দিব পৰা বিশেষ ক্ষমতা থাকে। তেওঁলেকে নিজৰ প্ৰভাৱশালী নেতৃত্বৰ জৰিয়তে যিকোনো কামত সফলতা লাভ কৰিব পাৰে।
৫) বন্ধুত্ব প্ৰিয় :- এই ব্যক্তিসকল বন্ধুত্ব প্ৰিয় হয় আৰু অতি সোনকালে তেওঁলোকে যিকোনো ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰে।
৬) ইতিবাচক চিন্তাধাৰা :- তেওঁলোক ইতিবাচক চিন্তাধাৰাৰ গৰাকী হয় যাৰ বাবে তেওঁলোকৰ মনত নেতিবাচক চিন্তাই স্থান লাভ কৰিব নোৱাৰে ।ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱনৰ যিকোনো সমস্যা সমাধান কৰিব পাৰে ।
৭) আত্মবিশ্বাসী :- এই ব্যক্তিসকল যথেষ্ট আত্মবিশ্বাসী হয় আৰু কোনো কামৰ বাবে তেওঁলোকে আনৰ ওপৰত নিৰ্ভৰশীল নহয়। যাৰ বাবে তেওঁলোকে কোনো কাম সমাধান কৰোঁতে অসুবিধাৰ সন্মুখীন হ'ব নালাগে।
আগষ্ট মাহত জন্ম হোৱা ব্যক্তিৰ এনেবোৰ বৈশিষ্ট্যই তেওঁলোকক আন ব্যক্তিতকৈ পৃথক ব্যক্তিত্বৰ অধিকাৰী কৰি তোলে।
By Prasenjit Chakraborty