মণিপুৰৰ এই বিশেষত্ববোৰ জানি বিস্মৃত হ'ব আপুনি ! - Amazing facts about Manipur

Interesting facts about Manipur
লগটক হ্ৰদ


ভ্ৰমণ এক মানসিক কছৰৎ।ই আনি দিয়া প্ৰশান্তি তুলনা বিহীন। তাতে ভ্ৰমণ কৰিবলৈ যোৱা ঠাই খন যদি মণিপুৰ ৰ দৰে সেউজভূমি হয় তেতিয়া ভ্ৰমণৰ আনন্দ দুগুণে বাঢ়ি যায়, লগতে মনটিও বিয়াকুল হৈ উঠে নহয় নে বাৰু?


মণিপুৰ, উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ এখন।যাৰ  চালে-চকুৰোৱা ৰূপে মন্ত্ৰমুগ্ধ কৰি তুলে সেউজ প্ৰেমিক । মণিপুৰ ৰ ইতিহাস ও লেখত লবলগীয়া। ইয়াত বহু কেইটা পৰ্যটন স্থল আছে। হ্ৰদ, জলপ্ৰপাত তথা বুৰঞ্জীমূলক স্থাপত্যকে ধৰি বহু ইতিহাস প্ৰসিদ্ধ ঠাইৰে মণিপুৰ ঐশ্বৰ্য শালী। মণিপুৰ দৰ্শনৰ বাবে অহা লোকসকলৰ বাবে চাবলগীয়া কেইখনমান উল্লেখযোগ্য ঠাই হ'ল-


ইস্কন মন্দিৰ:  মণিপুৰ ৰ এক ঐতিহ্যমণ্ডিত ঠাই হ'ল এই ইস্কন‌ মন্দিৰ। ভগৱান শ্ৰী কৃষ্ণক এই মন্দিৰত পূজা-অৰ্চনা কৰা হয়।এই মন্দিৰৰ বেৰসমূহত শ্ৰী কৃষ্ণৰ বিভিন্ন কাৰ্য-কলাপৰ চিত্ৰ অংকন কৰা হৈ আছে।


লোকটক হ্ৰদ :   লোকটক হ্ৰদ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰিষ্কাৰ পানীৰ হ্ৰদ। এই হ্ৰদ টি প্ৰায় ২৮০ বৰ্গ কিঃমিঃ এলেকা ধৰি বিস্তৃত হৈ আছে। এই অঞ্চলত 'চাংগাই'  নামৰ লুপ্ত প্ৰায় হৰিণ বিধ পোৱা যায়। তদুপৰি এই অঞ্চলত বহুতো মূল্যবান জীৱ জন্তু,গছ গছনি, তথা পানীত হোৱা গছো পোৱা যায়।এই অঞ্চলক 'পক্ষীৰ সৰগ' বুলিও কোৱা হয়, কাৰণ ইয়াত পাহাৰীয়া ম ইনা, হিমালয়ান পাইদ',ঈগল আদি বিভিন্ন মূল্যবান চৰাই পোৱা যায়। গ্ৰীষ্মকাল হৈছে এই হ্ৰদ ভ্ৰমণ ৰ উত্তম সময়।


কাংগলা ফোৰ্ট : মণিপুৰ ত‌ পূৰ্বতে চলা ৰাজকীয় শাসনৰ এক চিহ্ন হ'ল কা‌ংগলা ফোৰ্ট। মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত থকা এই ফোৰ্ট টো পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই।এই ফোৰ্ট টো কেইবাটাও বিদেশী আক্ৰমণ ৰ বলি হৈছিল।


ইম্ফলৰ স্মৃতিসৌধ : জাপানৰ লগত হোৱা ব্ৰিটিছ ৰ যুদ্ধত ভাৰতবৰ্ষয়েও যোগ দিবলগীয়া হৈছিল, কিয়নো ভাৰত তেতিয়া ব্ৰিটিছ চৰকাৰৰ অধীনত।এই যুদ্ধ ত ব্ৰিটিছ ৰ লগতে অসংখ্য ভাৰতীয় সৈন্যই প্ৰাণ হেৰুৱায়।সেই সৈন্য সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে নিৰ্মাণ কৰা এই স্মৃতিসৌধত প্ৰায় ১৬০০ ডেকাজোৱানৰ নাম খোদিত হৈ আছে।


শ্ৰী গোবিন্দজী মন্দিৰ : এই বৈষ্ণৱ মন্দিৰটিত শ্ৰী শ্ৰী বৈকুণ্ঠনাথৰ পূজা-অৰ্চনা কৰা হয়। এই মন্দিৰত দুটা সোণচৰোৱা সৌধ আছে। ইয়াত থকা প্ৰকাণ্ড হ'লঘৰ দুটা ১৮৪৬ চনত মহাৰাজ নৰ সিং দেৱে নিৰ্মাণ কৰাইছিল।


সা্নামাহী মন্দিৰ : এই মন্দিৰটিক এছিয়াৰ ভিতৰতে সবাতোকৈ পুৰণি মন্দিৰ বুলি কোৱা হয়।এই মন্দিৰ সম্পূৰ্ণ বগা ৰঙৰ। 


ছিংগদা মথাউৰি :  মণিপুৰত অৱস্থিত ছিংগদা হৈছে পৃথিৱীৰ আটাইতকৈ ওখ মাটিৰে নিৰ্মিত মথাউৰি। ইয়াৰ চাৰিওকাষ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ।


জুক'ভেলী :  বৰ্তমান যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় ট্ৰেকিং স্হ লী হৈছে এই জুক'ভেলী। মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অংশ আৱৰি থকা এই উপত্যকা বিভিন্ন মূল্যবান ফুলেৰে সজ্জিত।


ম'ভা গুহা : হানপুং নামৰ ঠাইত অৱস্থিত এই গুহাটো মণিপুৰৰ অন্যতম আকৰ্ষণ। ইয়াত একে সময়তে প্ৰায় ১০০ লোক সোমাব পাৰে।


ইমা বজাৰ :  মণিপুৰৰ ইতিহাসত 'ইমা বজাৰ' হৈছে এক গুৰুত্বপূৰ্ণ ঠাই। ই বিখ্যাত হোৱাৰ কাৰণ হ'ল এই বজাৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত। প্ৰায় ১৬ শতিকাৰ পৰাই এই বজাৰ ব্যৱস্থা মণিপুৰত প্ৰচলিত হৈ আহিছে। এই বজাৰ ত ঘৰুৱা সামগ্ৰী ৰ বাহিৰেও হস্ত নিৰ্মিত বিভিন্ন সামগ্ৰী পোৱা যায়।


ভ্ৰমণ পিপাসু লোকসকলৰ বাবে মণিপুৰ অতি আকৰ্ষণীয় ঠাই।মনৰ অৱসাদ আতৰাই যদি কিছুবেলি প্ৰকৃতিৰ মাজত কটাব বিচাৰে তেন্তে মণিপুৰ নিশ্চয়কৈ অন্যতম পচন্দ হ'ব পৰ্যটনকাৰী সকলৰ।

  

By - Smriti kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.