আমি সকলোৱে কম বেছি পৰিমাণে পঢ়া শুনা কৰি থাকো। ছাত্ৰ-ছাত্ৰী সকলৰটো পঢ়াই মূল লক্ষ্য, নহয় জানো? পঢ়া শুনা কৰা লোকসকল ৰ মাজত আকৌ দুই শ্ৰেণীৰ লোক দেখা যায়। কিছুসংখ্যক ৰ পুৱা অতি সোনকালে উঠি পঢ়াৰ অভ্যাস ,আন কিছুলোকৰ আকৌ ৰাতি দেৰিলৈকে পঢ়াৰ। আপুনি বাৰু কোন শ্ৰেণীত পৰে?যি শ্ৰেণীতেই নপৰক কিয় দুয়োটা ভাল অভ্যাসেই, কাৰণ দুয়োটাই আমাৰ লক্ষ্য পঢ়া-শুনাক আগবঢ়াই নিয়ে।
এটি গৱেষণাত পোৱা গৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰাতি দেৰিলৈকে পঢ়া-শুনা কৰে তেওঁ লোকৰ IQ অধিক শক্তিশালী হয়।এই গৱেষণাত কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীক দুই ভাগত বিভক্ত কৰি এটা ভাগক ৰাতি দেৰিলৈকে পঢ়া-শুনা কৰিবলৈ দিয়া হয় আৰু আন ভাগক বেলেগ বেলেগ সময়ত পঢ়িবলৈ দিয়া হয়। পৰীক্ষা নীৰিক্ষাৰ অন্তত পোৱা যায় যে ৰাতি পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাকী ছাত্ৰ-ছাত্ৰীৰ তুলনাত IQ অধিক তীব্ৰ। লগতে এই কথাও পোৱা গৈছে যে ৰাতি পঢ়া শুনা কৰা লোকসকল সৃজনীশীল শক্তিৰ অধিকাৰী হয়, যিকোনো পৰিস্থিতিতে সহজে মিলি যাব পৰা বিধৰো হয়। সেয়ে চাগৈ মাজৰাতি কবিৰ কলমেৰে নিগৰি আহে অন্তৰ্নিহিত অনুভৱবোৰ , হয়তো চিত্ৰকৰৰ তুলিকাতো মাজনিশা প্ৰাণ পাই উঠে ছবিবোৰে।
বহু লোকে ৰাতি পঢ়া শুনা কৰি ভাল পোৱাৰ কাৰণ হ'ল সেই সময়ত সৰহ সংখ্যক লোক টোপনিৰ কোলাত থাকে,চাৰিওফালে নিৰৱতাই বিৰাজ কৰে। সেয়ে এই সময়ত পঢ়াত মনোনিবেশ কৰিবলৈ সুবিধা হয়।
আপুনিও যদি ৰাতি টোপনি নোযোৱাকৈ দেৰিলৈকে পঢ়া-শুনা কৰিব বিচাৰে তেন্তে মনে মিলা লগৰীয়া বিচাৰি ল'ব পাৰে। ছাত্ৰ-ছাত্ৰী সকলে একে শ্ৰেণীৰ বন্ধু বান্ধৱৰ লগত সময় মিলাই পঢ়া-শুনা কৰিব পাৰে।এই পদ্ধতিত যদি টোপনিয়ে হেঁচা মাৰি ধৰে তেন্তে আপোনালোকে পঢ়ি থকা বিষয়টো কিছুসময় আলোচনা কৰিব পাৰে, তেতিয়া আপোনাৰ একেৰাহে পঢ়ি থাকোতে হোৱা আমনি লগাৰ ভাৱ নাইকীয়া হ'ব। তাৰোপৰি আপোনালোকে নিজৰ মাজত প্ৰতিযোগিতা ও কৰিব পাৰে যে কোনে কিমান কম সময়ৰ ভিতৰত নিৰ্বাচিত অংশটি পঢ়ি শেষ কৰিব পাৰে। একেৰাহে বহু সময় পঢ়ি থাকিলে মনলৈ অৱসাদ আহাতো স্বাভাৱিক,সেই ভাৱ আঁতৰাবলৈ আপুনি কিছু সময় মুকলিত খোজকাঢ়িব পাৰে,সতেজ বতাহে মন মগজুক সজীৱ কৰি তোলাৰ লগতে আমাৰ চকুকেইটাকো আৰাম দিব। ৰাতি পঢ়া শুনা কৰাৰ সময়ত আমি মনকৰিবলগীয়া কথা হ'ল যে যি বিষয় পঢ়িব সেই বিষয়ৰ সকলো কিতাপ ,বহী লগতে কলম , পেন্সিল আদি গোটাই ল'ব লাগে। নহ'লে কেতিয়াবা দেখা যায় যে হঠাতে কিতাপ এখন লগা হ'ল আন কোঠালিত ৰখা তেতিয়া সেই কোঠালিত শুই থকা আন ব্যক্তিৰ টোপনিত বিঘিনি ঘটিব বুলি আপুনি শুই পৰে। সেয়ে আগতীয়াকৈ সকলো সাজু কৰি লওক। জীৱন যুদ্ধ ত আগবাঢ়ি যাবলৈ পঢ়া শুনা ৰ কঠোৰ লক্ষ্য বান্ধি লৈছে যেতিয়া সামান্য অজুহাত দেখুৱাই তাৰ পৰা বিচলিত হ'ব জানো? নিশ্চয় নহয়।
ৰাতি দেৰিলৈকে পঢ়াৰ অভ্যাস ৰ উপকাৰিতা কৈ থাকিলে শেষেই নহয়, ই ইমানেই বেছি ফলপ্ৰসূ। ৰাতি আমাৰ মগজুৰ মনোযোগ ক্ষমতা সাংঘাতিক ভাবে বাঢ়ি যায়। সেয়ে আপুনিও যদি ৰাতি টোপনিত সপোন দেখি থকাতকৈ,সাৰে থাকি সপোনবোৰ দিঠক কৰিব বিচাৰে তেন্তে ওপৰত উল্লেখ কৰা উপায়বোৰ কৰি চাওক আৰু ৰাতি পঢ়াৰ সুন্দৰ অভ্যাস গঢ়ি তোলক।
By - Smriti Kakati