
চিনেমা জগত বুলি কলে আমি সকলো অতি আগ্ৰহী হৈ পৰো নহয় জানো? আমাৰ সকলোৰে জানিবলৈ মন যায় চিনেমা জগতৰ অভিনেতা অভিনেত্ৰী সকলৰ জীৱন ধাৰণৰ বিষয়ে।আমাৰ ভাৰতৰ সকলোকৈ অভিজাত্য চিনেমা জগত হল বলিউড। তাৰ প্ৰতিজন অভিনেত্ৰী আৰু অভিনেতাৰ জীৱনৰ কথা জানিবৰ বাবে আমি সদায় উৎসুক হৈ থাকো।আমি ইয়াত আজি অভিনেতা সকলোৰ বাইকৰ বিষয়ে আপোনালোকক কবলৈ ওলাইছোঁ। কোনে কি ব্ৰেণ্ডৰ আৰু কিমান দামী বাইক ব্যৱহাৰ কৰে তাৰ বিষয়েই
১)আৰ মাধৱন, বলিউডৰ সকলোতকৈ দামী বাইক ব্যৱহাৰ আৰ মাধৱনে কৰে। তেওঁ ব্যৱহাৰ কৰা বাইক খনৰ নাম হৈছে ইণ্ডিয়ান ৰোডমাষ্টাৰ(Indian Roadmaster) যাৰ মূল্য ৪০ লাখৰ পৰা ৪৬ লাখৰ ভিতৰত হয়।
২)দ্বিতীয়তে আহে জন আব্ৰাহিম, তেওঁ ওচৰত বহুত চুপাৰ বাইক আছে। এক কথাত কবলৈ গলে তেওঁ বাইক বহুত বেছি ভাল পায়। তেওঁৰ কালেক্সনৰ সকলোতকৈ দামী বাইক খন হল দুকাটি ভি ৪(Ducati V4) যাৰ মূল্য ২২লাখৰ পৰা ৫৭ লাখ পৰ্য্যন্ত হয়।
৩)অক্ষয় কুমাৰ, তেওঁৰ ব্যৱহৃত বাইক খনৰ নাম হৈছে য়ামহা ভি মেক্স(Yamaha Vmax) । যাৰ মূল্য ভাৰতত কমেও ২৭ লাখ টকা আজিৰ দিনত। জন আব্ৰাহিমেও এই বাইক খন ব্যৱহাৰ কৰে। এই বাইক খনৰ গতিবেগ অতি দ্ৰুত।
৪)চলমান খান, তেওঁ ব্যৱহাৰ কৰা বাইক খনৰ নাম হ'ল য়ামাহা আৰ ১( Yamaha R1)। যাৰ মূল্য ১৮লাখৰ পৰা ২২ লাখ ৰ ভিতৰত। যাৰ গতি বেগ ২৯৩ কি:মি: প্ৰতি ঘণ্টাত।
৫)বিদ্যুৎ যামৱাল,তেওঁ বাইক খনৰ নাম হল ট্ৰা য়ামপ ৰকেট ৩(Triumph Rocket 3) ।যাৰ মূল্য ভাৰতীয় বজাৰত ২১ লাখ টকা আৰু যাৰ গতিবেগ হৈছে ২৩০ কি: মি: প্ৰতি ঘণ্টাত।
৬)তাৰ পিছত আহে ৰাজকুমাৰ ৰাও,তেওঁ ব্যৱহাৰ কৰা বাইক খন হ'ল হাৰলী ডেভিডছন ফেট ব'ব(Harley Davidson fat bob)। যাৰ মূল্য ১৮ ৰ পৰা ২০ লাখৰ ভিতৰত হয়। এই বাইক খনে জনসাধাৰণক বহুত আকৰ্ষিত কৰে আৰু ইয়াৰ মাইলেচ বহুত গুণে ভাল। প্ৰতি লিটাৰত ইয়াৰ মাইলেচ ১৫ৰ পৰা ২০ কি:মি: হয়।
৭)সিদ্ধাৰ্থ মনোহত্ৰা, তেওঁ ব্যৱহাৰ কৰা বাইক খনৰ নাম হল দাইনা ফেট ব'ব(Dyna Fat Bob) । যাৰ দাম ভাৰতত ১৪লাখ টকাৰো ওপৰত হয়। যাক ১৭৫ গতিবেগত চলাব পাৰি।
৮)চাহিদ কাপুৰ যিয়ে ব্যৱহাৰ কৰে দুকাটি ছ'ক্ৰেম্বলৰ ১২০০(Ducati Scrambler 1200) । যাৰ দাম আমাৰ ভাৰতত ১৩ লাখ টকা আৰু বাইক খন দেখিবলৈও বহুত ধুনীয়া।
বলিউড এই ৮ জন অভিনেতা বাইকৰ ক্ষেত্ৰত সৰ্ব প্ৰথমতে আছে।
By: Sukanya Rajbongshi