টুথপেষ্ট পেটলৈ গ'লে কি হ'ব? - What happens if you eat toothpaste

আমাৰ মুখমণ্ডলৰ সৌন্দর্য্য বৃদ্ধিত দাঁতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ বাবে আমি যথাসম্ভৱ আমাৰ দাত  পৰিষ্কাৰ কৰি ৰাখো আৰু ইয়াৰ বাবে আমি ব্যৱহাৰ কৰো টুথপেষ্ট। আমি ডাক্তৰৰ প্রেচক্রিপশ্বনৰ অবিহনে যিবোৰ টুথপেষ্ট ব্যৱহাৰ কৰো অৰ্থাৎ যিবোৰ সাধাৰণতে সকলো দোকানাতে উপলব্ধ ,তাত থকা প্ৰধান উপকৰণটো হৈছে ফ্লুৰাইড (fluoride)। আমাৰ দাঁতত থকা এনামেলক মজবুত কৰাৰ লগতে, বেক্টেৰিয়া বৃদ্ধি পোৱাত বাধা প্ৰদান কৰি দাঁত সুৰক্ষিত কৰি ৰখাটো হৈছে ফ্লুৰাইডৰ প্ৰধান কাম। 

  এতিয়া প্ৰশ্ন হ'ল যদি টুথপেষ্ট আমাৰ পেটলৈ যায় তেন্তে কি হ'ব? আমি ব্যৱহাৰ কৰা টুথপেষ্টত নিৰাপদ পৰিমাণৰ ফ্লুৰাইড থাকে যদিও, যদি ই আমাৰ পেটত যায় তেন্তে আমাৰ বমি অথবা সামান্য পেটৰ সমস্যাই দেখা দিব পাৰে । তাৰোপৰি যদি অধিক পৰিমাণে ইয়াক সেৱন কৰা হয়, তেন্তে ডায়েৰিয়াৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা থাকে। 

    যদি ফ্লুৰাইড আমাৰ পেটলৈ প্ৰবেশ কৰে তেন্তে ই আমাৰ শৰীৰৰত থকা মেগনেছিয়াম তথা কেলছিয়ামৰ মাত্রা কমাই দিয়ে। সেয়েহে শিশুৱে যেতিয়া অধিক পৰিমাণে টুথপেষ্ট সেৱন কৰে, তেতিয়া  চিকিৎসক সকলে গাখীৰ আৰু কেলছিয়াম যুক্ত আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ফ্লুৰাইডৰ ওপৰিও টুথপেষ্টত নাইট্ৰেট নামৰ এবিধ উপকৰণ মজুত থাকে । এই নাইট্ৰেট অধিক পৰিমাণে পেটত গ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব পাৰে। 

  যিহেতু " প্ৰতিকাৰতকৈ প্ৰতিৰোধ শ্ৰেয় " সেয়েহে  আমি যিমান দূৰ সম্ভৱ টুথপেষ্ট আমাৰ পেটলৈ প্ৰবেশ কৰিব নিদিয়াই ভাল। 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.