৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেক ! - Longest Cake in the World

 

Longest Cake in the World

এই জননীৰ বুকুত থকা জীৱশ্ৰেষ্ঠ মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। আটাইতকৈ ভাল কামটোৰপৰা আটাইতকৈ বেয়া কামটোলৈকে মানুহেই কৰে। পিছে এচাম মানুহে অভিলেখ গঢ়িব পৰা কামবোৰ কৰিবলৈ প্ৰবলভাৱে ইচ্ছা কৰে। তেনে মানুহৰ তেনে কামৰ  বিষয়ে জানিবলৈ আপুনি উত্তেজিত নহয়নে? আজি তেনে মানুহৰ অভিলেখ গঢ়া কেইটামান কে'কৰ বিষয়ে জানো আহক-

১। থ্ৰিছুৰ কে'ক( Thrissur Cake)

দক্ষিণ ভাৰতৰ থ্ৰিছুৰত বনোৱা এই কে'কটোৰ ওজন আছিল ৫৯,৫২৪ পাউণ্ড।এক অকল্পনীয় ওজন।ই আছিল বিশ্বৰ আটাইতকৈ দীৰ্ঘতম কে'ক যাৰ দৈৰ্ঘ্য ৬.৫ কিলোমিটাৰ।কি যে আচৰিত!এই কে'কটো ১৫০০ জন বে'কাৰ আৰু চেফে বনাইছিল।

২। ইন্দোনেছিয়ান কে'ক( Indonesian Cake)

বিশ্বৰ উচ্চতম এই কে'কটোৰ ওজন আছিল ৪০,০০০ পাউণ্ড। ২০০৮ চনৰ ২৮ নৱেম্বৰৰপৰা ৮ ডিচেম্বৰলৈকে প্ৰদৰ্শনীত উলিওৱা এই কে'কটোৰ উচ্চতা ৩৩ মিটাৰ আছিল।এক অদ্ভুত উচ্চতাৰ কে'ক।এই কে'কটো হাকাচিমা নিলাচাৰি কালিনেৰি স্কুলে (Hakasima Niladari School) ইন্দোনেচায়াৰ দৰচেটত বনাইছিল।ইয়াক জাকাৰ্টাৰ চেনায়ান চিটিৰ প্ৰদৰ্শন কৰা হৈছিল।

৩। ৱেডিং কে'ক (Wedding Cake)

এই কে'কটো আমেৰিকাৰ Mohegan Sun Hotel and Casino ত বনোৱা হৈছিল যাৰ ওজন ১৫,০৩২ পাউণ্ড আছিল। কেচিনোৰ চেফসকলে বনোৱা এই কে'কটোক ২০০৪ চনৰ ৮ ফেব্ৰুৱাৰীত তেওলোকৰ নিউ ইংলেণ্ড ব্ৰাইদেল শ্ব'কে'চত প্ৰদৰ্শন কৰিছিল।

৪। ৰকিং ষ্টাৰ কে'ক ( Rocking Star Cake)

দক্ষিণ ভাৰতৰ কৰ্ণাটকত বিশজন মানুহৰ সহায়ত শ্ৰীৰাম ভৱন ছুইটচ এণ্ড বেকাৰীয়ে বনাইছিল আৰু ২০২০ চনৰ ৭ জানুৱাৰীত প্ৰদৰ্শন কৰিছিল।এই কে'কটোৰ ওজন আছিল প্ৰায় ১২,৫৬৬ পাউণ্ড।এই কে'কটো বনাওতে ২৫৩৫ পাউণ্ড চেনী আৰু ২২,৫০০ টা কণী খৰচ কৰা হৈছিল।

৫। লেমিংটন কে'ক (Lamington Cake)

নিউজিলেণ্ডত বনোৱা এই কে'কটোৰ ওজন আছিল ৬,১০০ পাউণ্ড।এই কে'কটো বনাওতে ১৩,০০০ টা কণী খৰছ কৰা হৈছিল। আপুনি জানি আচৰিত হ'ব যে এই কে'কটো বনাওতে ন ঘন্টা সময় লৈছিল।

৬। ষ্টাৰমিনিষ্টাৰ চ্চীয ফেষ্ট (Sturminister Cheese Fest)

এই কে'কটো ষ্টীভেন অক্সফোৰ্ডে ২০১৭ চনৰ চেপ্তেম্বৰ মাহত ষ্টাৰমিনিষ্টাৰ নিউটন চ্চীয ফেষ্টিভেলত প্ৰদৰ্শন কৰিছিল।দ'ৰচেটত বনোৱা এই কে'কটোৰ ওজন আছিল ৭০০ পাউণ্ড যাৰ প্ৰস্থ আছিল পাচফুট।

এয়াই বিশেষ চিন্তাৰ বিশেষ লোকৰ বিশেষ সৃষ্টি যি সকলোকে চমক দিয়ে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.