প্ৰকৃতিয়ে আমাক কি কি দিছে? এই প্ৰশ্নটোৰ উত্তৰটো কিমান দীঘল হ'ব? এই প্ৰশ্নটোৰ উত্তৰ কিমান দীঘল হ'ব সেয়া কল্পনাতীত। ধুনীয়া ফুলপাহৰপৰা নিৰোগী হৈ শক্তিশালী হৈ থাকিবৰ কাৰণে দান ফলবোৰলৈকে যিমান দিছে তাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰিম।
পিছে আজি এবিধ ফলৰ সীমাহীন প্ৰাচুৰ্যতা থকা কেইখনমান দেশৰ বিষয়ে জানিম। ফলবিধ হৈছে নাৰিকল। নাৰিকল খাই বেয়া পোৱা মানুহ খুব কম চাগে, নহয় জানো?
সেই দেশকেইখনত উৎপাদন হোৱা নাৰিকলৰ সংখ্যাই বিশ্বত অভিলেখ গঢ়িছে।য'ত আছে নাৰিকলৰ বৃহৎ সংখ্যাৰ লগতে নাৰিকল গছৰ আকৰ্ষণীয় সৌন্দৰ্য।
সেই দেশকেইখন হ'ল-
১। ইন্দোনেছিয়া-
বিশ্বৰ সৰ্বোচ্চ নাৰিকল উৎপাদন হোৱা দেশ। আপুনি জানি আচৰিত হ'ব যে, প্ৰতিটো ঋতুত দেশখনত নাৰিকল উৎপাদন হয় ১৭.১৩ মিলিয়ন মেট্ৰিকটন।সচাই এক চমকপ্ৰদ সংখ্যা।ইন্দোনেছিয়াৰ দক্ষিণ চুলাৱে'চীতেই বেছিসংখ্যক নাৰিকল উৎপাদন হয়।
২।ফিলিপাইনচ-
নাৰিকল উৎপাদনত বিশ্বৰ দ্বিতীয় স্থানত আছে ফিলিপাইনচ। ফিলিপাইনচত বছেৰেকত প্ৰায় ১৪.৭৭ মিলিয়ন মেট্ৰিকটন নাৰিকল উৎপাদন হয়। নাৰিকল উৎপাদনত ফিলিপাইনচে প্ৰথম স্থান দখল কৰিছিল। পিছে এই অভিলেখ ইন্দোনেচিয়াই ভংগ কৰিলে।
৩।ভাৰত-
নাৰিকল উৎপাদনত ভাৰতবৰ্ষ ই তৃতীয় স্থান দখল কৰিছে। প্ৰতিটো ঋতুতে দেশখনে ১৪.৬৮ মিলিয়ন মেট্ৰিকটন নাৰিকল উৎপাদন কৰে।ভাৰতৰ কৃষি উদ্যোগত এই বৃহত সংখ্যাই ইতিবাচক প্ৰভাৱ পেলায়।
৪। শ্ৰীলংকা-
শ্ৰীলংকাই নাৰিকল উৎপাদনত চতুৰ্থ স্থান দখল কৰিছে। দেশখনৰ জলবায়ু নাৰিকল উৎপাদনৰ বাবে উপযোগী। নাৰিকল উৎপাদনত সূৰ্যৰ তাপে ঠাইখনত বিশেষ প্ৰভাৱ পেলায়।প্ৰতিবছৰে শ্ৰীলংকাত প্ৰায় ২.৪৭ মিলিয়ন মেট্ৰিকটন নাৰিকল উৎপাদন হয়।
৫। ব্ৰাজিল-
ব্ৰাজিলে নাৰিকল উৎপাদনত পঞ্চম স্থান লৈছে। দেশখনৰ অৰ্থনীতিত নাৰিকলৰ উৎপাদনে বিশেষ ভূমিকা পালন কৰে। ব্ৰাজিলত প্ৰতিবছৰে ২.৩৩ মিলিয়ন মেট্ৰিকটন নাৰিকল উৎপাদন হয়।
এই দেশকেইখনৰ সেউজীয়াৰ সৌন্দৰ্য নাৰিকল গছে দুগুণে বঢ়াইছে। নাৰিকলৰ উৎপাদনে দেশকেইখনৰ অৰ্থনীতিত এক ইতিবাচক প্ৰভাৱ পেলাইছে।
এই পাঁচখন দেশৰ মাজত আমাৰ দেশখনৰ নামটোৱে আমাক গৌৰৱেৰে বুকু ফুলাই দিয়ে। যিনহওক , এই পাচোখন দেশে বিশ্ব অৰ্থনীতিত নাৰিকলৰ চাহিদা বঢ়াবলৈ কঠোৰ চেষ্টা কৰি আছে।