
আম বুলি ক'লে ই আমাৰ লোভতে জিভাৰ পানী পৰে নহয় জানো?ফলৰ ৰজা আম বেয়া পোৱা মানুহ হয়তো বিচাৰি পোৱাই টান হব ।আম বিভিন্ন প্ৰজাতিৰ আছে। এছিয়া মহাদেশৰ প্ৰায় সকলো দেশতে কম বেছি পৰিমাণে আম উৎপাদন হয়। সবাতোকৈ দামী ফল মূল ৰ ভিতৰত স্থান লাভ কৰিছে।
ভাৰতবৰ্ষৰ মধ্য প্ৰদেশৰ এহাল দম্পতিয়ে প্ৰায় একডজন লোক তথা চিকাৰী কুকুৰ পহৰাৰ বাবে ৰাখিছে তেওঁ লোকৰ বাগান খনত,যত কেৱল মাত্ৰ দুজোপা আম গছ আছে। হয় ঠিকেই শুনিছে কিয়নো সেই আম দুজোপা জাপানৰ'মিয়াজাকী' প্ৰজাতিৰ।যি আমৰ মূল্য ২.৭০ লাখ টকা লৈকে হয় বিশ্ব বজাৰত।
'মিয়াজাকী' নামৰ এই অতিশয় দামী আমবিধ পৃথিৱীৰ মাত্ৰ কেইখনমান দেশতহে পোৱা যায়। তাৰ ভিতৰত কেইখনমান হ'ল- বাংলাদেশ, ইন্দোনেছিয়া, ফিলিপাইন আদি।
'মিয়াজাকী' আমবিধ ডাঠ ৰঙা ৰঙৰ হয়। এই আমবিধ ৰ আকাৰ কণীৰ দৰে হোৱা বাবে ইয়াক 'সূৰুযৰ কণী' বুলিও কোৱা হয়। এটা আমৰ ওজন প্ৰায় ৩৫০ গ্ৰাম হয় ,যত ১৫ শতাংশ বেছি শৰ্কৰা থাকে বেলেগ প্ৰজাতিৰ আমতকৈ। কেতিয়াবা ডাঙৰ একোটা আমৰ ওজন ৯০০ গ্ৰাম লৈকে হোৱা দেখা যায়।
'মিয়াজাকী'নামৰ এই আমবিধ ৰপ্তানি কৰাৰ আগেয়ে বিশেষজ্ঞ সকলে ভালদৰে পৰীক্ষা কৰে আৰু আটাইতকৈ উত্তম মানদণ্ডৰ কেইটা হে বাছনি কৰি পঠিয়াই।
'মিয়াজাকী' আমবিধক প্ৰথমে জাপানৰ মিয়াজাকি নামৰ ঠাইত খেতি কৰা হৈছিল ১৯৮৪ চনত।গৰম পৰিৱেশ, বেলিৰ পোহৰ তথা প্ৰচুৰ বৰষুণ হোৱা ঠাই এই আমখেতিৰ বাবে উপযুক্ত।আম বিধ এপ্ৰিল মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত ৰোপন কৰা হয় আৰু মে'-জুন মাহৰ ভিতৰত বিক্ৰীৰ বাবে উলিয়াই দিয়া হয়।
তথ্য অনুসৰি 'মিয়াজাকী'আমবিধত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিজেন ,বিটা-কেৰ'টিন আৰু ফলিক এচিড পোৱা যায়, যিয়ে আমাৰ দৃষ্টি শক্তি বঢ়োৱাত সহায় কৰে। এই আমবিধ ৰ দাম সাধাৰণতে ৮,৬০০ টকাৰ পৰা আৰম্ভ হয়,যি সৰ্বাধিক ২/৩ লাখ পৰ্যন্ত হয়, প্ৰতি কিলোগ্ৰামত।
By- Smriti Kakati