আমাৰ দিনটো আৰম্ভণি হয় একাপ চাহ নতুবা একাপ কফিৰে আৰু দিনটোৰ শেষত যদি কফি বা ক্যাফেন খোৱা নহয় দিনটো কিবা সম্পূর্ণ নোহোৱা নিচিনা লাগে। আমাৰ যদি টোপনি ধৰে সচৰাচৰ আমি কি কৰো?হয়তো আমি একাপ কফি বা ক্যাফেনৰ সহায় লওঁ।দিনটোৰ ভাগৰ খিনিৰ ম্লান পেলাবলৈও আমি কফি বা কেফেইন ব্যৱহাৰ কৰোঁ। সকলোৰে বাবে ই এক দৈনিক অভ্যাস।ক্যাফেন ইমান ব্যাপক ভাবে পোৱা যায় যে মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰ খাদ্য আৰু ঔষধ প্ৰশাসনে কৈছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰ প্ৰায় ৮০% প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে কিছু পৰিমাণে হলেই ক্যাফিন ব্যৱহাৰ কৰে।
কিন্তু এই ক্যাফেন নো কি? আপোনাৰ হয়তো জানিবলৈ নিশ্চয় মন গৈছে।ই এটা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ উদ্দীপক যিয়ে আপোনাৰ দেহত অনেক ধৰণে প্ৰভাৱিত কৰে।আপোনাক জাগ্ৰত ৰখাৰ উপৰিও দেহত আৰু বহুত কিবা ক্ৰিয়া কৰে।ক্যাফেনৰ লক্ষণ সমূহ আৰু ই কিমান দীৰ্ঘম্যাদী প্ৰভাৱশালী তাৰ বিষয়ে জানিলে হয়তো দিনটোৰ চতুৰ্থ কাপ কফি খাবলৈও অলপ ভাবিব লাগিব। ইয়াৰ নো কি কি গুণ আছে তাৰ বিষয়ে জানো আহকচোন।
ক্যাফেনে তাৰ নিজস্ব কোনো পুষ্টি সৰবৰাহ নকৰে। ই এক স্বাদ বিহীন খাদ্য।বেছিভাগ সুস্থ মানে দিনটো যদি ৪০০ মিলিগ্ৰাম পৰ্য্যন্ত ক্যাফেন গ্ৰহণ কৰে তেতিয়া ই নিৰাপদ ।
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ: ক্যাফেনে স্নায়ুতন্ত্ৰৰ উদ্দীপক হিচাপে কাম কৰে।ই এতিয়া আপোনাৰ মস্তিষ্কত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ লক্ষণীয় প্ৰভাৱ হল সতৰ্কতা।আপুনি আৰু জাগ্ৰত আৰু ক্লান্ত বোধ কৰিব। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ পৰাও হাতশাৰী থাকিব পাৰি। সীমিত পৰিমাণে ইয়াক গ্ৰহণ কৰিলে ইয়াৰ কোনো অসুবিধা নাই কিন্তু যদি ইয়াৰ পৰিমাণ অত্যাধিক হয় তেতিয়া মূৰৰ বিষ হোৱাৰ সম্ভাৱনা থাকে।
হজম আৰু মলমূত্ৰ প্ৰণালী: ক্যাফেনে আপোনাৰ পেটত অতিৰিক্ত এচিড জমা কৰি দিয়ে যাৰ ফলত আপোনাৰ পেটৰ বিষ হব পাৰে।অতিৰিক্ত ক্যাফেন আপোনাৰ শৰীৰত জমা হৈ নাথাকে কিয়নো ই পাকস্থলীত জমা হয় আৰু প্ৰসাবৰ জৰিয়তে বাহিৰ হৈ যায়।সেয়ে ক্যাফেন বা কফি গ্রহণ কৰাৰ ফলত প্ৰসাবৰ মাত্ৰা বাঢ়ি যায়।
কংকাল ও পেশী প্ৰণালী: প্ৰচুৰ পৰিমাণে ক্যাফেন গ্ৰহণ কৰিলে কেলচিয়াম ত হস্তক্ষেপ কৰিব পাৰে।ই হাড় সমূহ পাতল কৰে আৰু আপুনি যদি অধিক পৰিমানে ক্যাফেন ব্যৱহাৰ কৰে তেতিয়া হলে আপোনাৰ পেশীসমূহ কোচ খাই আহিব পাৰে।
সকলো বস্তুৰে এটা সীমা থকা জৰুৰী। যদি আমি সীমা চেৰাই অত্যাধিক গ্ৰহন কৰোঁ তেতিয়া ইয়াৰ পৰা ক্ষতি হোৱাটো স্বাভাৱিক। গতিকে সকলো বস্তু এটা সীমা ৰাখি গ্ৰহণ কৰিব লাগে।
By: Sukanya Rajbongshi