৬৫ ছে:মি: দীঘল ডাইন'চৰৰ পদ চিহ্ন - Dinosaur Footprints

 

ডাইন'চৰ হৈছে আটাইতকৈ পুৰণি সৰিসৃপ প্ৰাণী যি প্ৰায় ২৪৫ মিলিয়ন বছৰ ধৰি পৃথিৱীত বাস কৰিছিল।এই প্ৰাণী বিধ পৃথিৱীৰ পৰা কাহানিবাই লুপ্ত হৈ গৈছে। ইয়াৰ জীৱাশ্ম পৃথিৱীৰ প্ৰায় সকলো দেশেতে পোৱা গৈছে। বৰ্তমান ৰ চৰাইৰ সৈতে ডাইন'চৰৰ যথেষ্ট সাদৃশ্য দেখা পোৱা যায়।


সংযুক্ত যুক্তৰাজ্যৰ কেন্ট চহৰত শেহতীয়াকৈ ছটা ডাইন'চৰৰ খোজৰ চিন পোৱা গৈছে।গৱেষক সকলৰ মতে চিহ্ন পোৱা ডাইন'চৰ বিধ ,ডাইন'চৰ প্ৰজাতিৰ শেষ ভাগৰ অন্তৰ্গত,যিয়ে প্ৰায় ১১০ মিলিয়ন বছৰৰ আগেয়ে সেই ঠাইত প্ৰথম খোজ দিছিল।ই দক্ষিণ ইংলেণ্ডত পোৱা ডাইন'চৰ প্ৰজাতিৰ সৈতে একেই।


'হেচটিংছ সংগ্ৰহালয় আৰু আৰ্ট গেলেৰী' ৰ সচীব ফিলিপ  হেডেলে কয় যে,২০১১ চনত প্ৰথম বাৰৰ বাবে তেওঁ লোকে এবিধ আচৰিত ধৰণৰ পদ চিহ্ন পাইছিল ফ্লক স্টন পাহাৰৰ শিলবোৰত। তেতিয়াই তেওঁ লোকে গৱেষণা আৰম্ভ কৰিছিল এই জীৱাশ্ম বিধৰ ওপৰত আৰু অধিক ভাল অৱস্থাত থকা জীৱাশ্ম আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁ লোকৰ মতে আৱিষ্কৃত জীৱাশ্ম বিধ এনে ডাইন'চৰ প্ৰজাতিৰ প্ৰজাতিৰ,যাৰ শুৰ আছিল আৰু ৩ টা ভৰি আছিল,যি মাংসহাৰী ডাইন'চৰ প্ৰজাতিৰ অন্তৰ্গত। এই ডাইন'চৰ বিধ দেখাত প্ৰায় চৰাইৰ দৰে।


উপৰোক্ত ডাইন'চৰ বিধৰ এতিয়ালৈকে আৱিষ্কৃত হোৱা আটাইতকৈ ডাঙৰ পদ চিহ্নটি দীঘে ৬৫ ছে:মি আৰু পথালিয়ে প্ৰায় ৮৫ছে:মি: । এই পদ চিহ্ন ক লৈ হোৱা গৱেষণাৰ তথ্য 'proceeding of the Geologists' নামৰ কাকতটো প্ৰকাশ পাইছে লগতে এই ডাইন'চৰৰ কিছু পদ চিহ্ন 'ফ্লকস্টন সংগ্ৰহালয় তো প্ৰদৰ্শনৰ বাবে ৰখা হৈছে।

By-Smriti kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.