
জনসংখ্যা বৃদ্ধি হৈছে যিকোনো দেশৰ এক ডাঙৰ সমস্যা । আমাৰ প্ৰাকৃতিক উপাদান সমূহ যিহেতু সিমিত সেয়েহে জনসংখ্যা বৃদ্ধিৰ ফলত এই উপাদান সমূহৰ ওপৰত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। তাৰোপৰি, মানুহৰ কাৰ্য্যকলাপৰ কথা কিনো ক'ম! যিহেতু জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ থাকিবলৈ ঠাইৰ অভাৱ হয় সেয়েহে তেওঁলোকে বাসস্থান সাজিবলৈ গছ- গছনি কটা তথা খেতি কৰা পথাৰ আদি বিনষ্ট কৰিবলৈ সামান্য কুন্ঠাবোধ নকৰে। যাৰ ফলত দেশৰ প্ৰাকৃতিক সম্পদ সমূহৰ ওপৰত প্ৰভাৱ পৰাৰ ওপৰিও প্ৰভাৱ পৰে দেশৰ স্বাস্থ্য,অৰ্থনৈতিক, সামাজিক আদি ক্ষেত্রতো ।
আমাৰ অসমো কিন্তু জনসংখ্যা বৃদ্ধিৰ ক্ষেত্রত পিছ পৰি থকা নাই, ইয়াত মানুহৰ ঘৰত খাবলৈ খাদ্য নাথাকিব পাৰে, কিন্তু তেওঁলোকে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰে। এই সমস্যা সমূহৰ কথা চিন্তা কৰিয়েই ২০১৭ চনত ৰাজ্য চৰকাৰে বিধানসভাত জনসংখ্যা নীতি গৃহীত কৰিছিল আৰু এই নীতি অনুসৰি চৰকাৰী চাকৰিৰ লগতে অন্যান্য চৰকাৰী আঁচনিৰ লাভ আদায় কৰিবলৈ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব হিতাধিকাৰীৰ।
ইমান কঠোৰ নীতি প্ৰনয়ন কৰাৰ পিছতো আওকাণ নকৰিলে একাংশ ব্যক্তিয়ে আৰু কোনো বাধা অবিহনে চলাই লৈ গ'ল জনসংখ্যা বৃদ্ধিৰ গতি । কিন্তু আমাৰ মূখ্যমন্ত্রীও জানো কম, তেওঁ পুনৰ ঘোষণা কৰিলে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কঠোৰ জনসংখ্যা নীতি। ইতিমধ্যে হৈ যোৱা এক সংবাদমেলত তেওঁ কয় যে, ভৱিষ্যতে অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে অনাগত সময়ত হাতত ল'বলগীয়া সকলো চৰকাৰী আঁচনিৰ সুবিধা লবলৈ হিতাধিকাৰীৰ ক্ষেত্ৰত জনসংখ্যা নীতি কঠোৰভাৱে কাৰ্যকৰী কৰা হ'ব। লগতে দিলে আন এক গৰম খবৰ, মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ লগতে অন্যান্য সুবিধা লাভৰ ক্ষেত্ৰত আৰম্ভণিতে চাৰি-পাঁচটা সন্তান থাকিলেও চিন্তা কৰিবলগীয়া নাই । কিন্তু লাহে লাহে এই নীতি কঠোৰ কৰি দুটা সন্তানলৈ নমাই অনা হ'ব। মুখ্যমন্ত্রীৰ ঘোষণাৰ পিছতে চিন্তিত হৈ পৰিছে জনসংখ্যাৰ বৃদ্ধিৰ প্ৰতি থকা অসচেতন মহল। তেওঁলোকে এতিয়া চৰকাৰী সুবিধা সমূহ ল'ব নে জনসংখ্যা বৃদ্ধি কৰিব এই চিন্তাই বৰ্তমান তেওঁলোকৰ ৰাতিৰ টোপনি হৰণ কৰিছে । অৱশ্যে চাহ জনগোষ্ঠীয়, অনুসূচীত জাতিৰ লোকক এই নীতিৰ পৰা ৰেহাই দিয়াৰ কথা চিন্তা চৰ্চা চলিছে।
By Prasenjit Chakraborty