উত্তৰ-পূবৰ দুই হকী খেলুৱৈ টকীঅ' অলিম্পিকলৈ - Two Hockey Players from North-East Selected for Olympics

বিশ্বৰ সবাতোকৈ বৃহৎ খেলৰ উৎসৱ অলিম্পিক! ২০২০ বৰ্ষত হ'ব লগীয়া এই অলিম্পিক ক'ভিদ সৃষ্ট পৰিবেশৰ  বাবে এই বছৰ অনুষ্ঠিত হ'ব জাপানৰ টকীঅ'ত। বিশ্বৰ ২০০ খন দেশে  ভাগ ল'ব লগা এই খেলৰ  উৎসৱত  ৪০০ টা বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ ভিতৰত হকীও এটা। 

ভাৰত তথা উত্তৰ পূৱৰ বাবে এক গৌৰৱৰ খবৰ এই যে, এইবাৰ অলিম্পিক হকীলৈ  মণিপুৰৰ এগৰাকী পুৰুষ  আৰু এগৰাকী মহিলা নিৰ্বাচিত হৈছে। ভাৰতীয় হকী দলৰ পৰা বাচনি কৰা এই দুগৰাকী খেলুৱৈয়ে ২০২১ চনৰ জুলাই মাহৰ অনুষ্ঠিত হ'ব লগা  টকীঅ' অলিম্পিকত হকীত,  ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ভাৰতৰ পৰা যাব লগা ১৬ জনীয়া মহিলা হকী দলটোত আছে মণিপুৰৰ সূচিলা ছানু পোখৰামবাম( Susila Chanu  pukhrambam), আন হাতে পুৰুষৰ হকী দলত থাকিব ইম্ফলৰ নিলকান্ত শৰ্মা।

মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন, বীৰেন সিঙে সামাজিক মাধ্যমত সূচিলা ছানু পোখৰামবাম আৰু নিলকান্ত শৰ্মাক অভিনন্দন জ্ঞাপন কৰি দুয়োকে শুভেচ্ছা জনাইছে।

উল্লেখযোগ্য যে মিজোৰামৰ Lalremsiami  ও এই ১৬ জনীয়া মহিলা হকী দলত নিৰ্বাচিত হৈছে। লালৰেমশ্যামী য়ে ২০১৮ চনৰ Youth Olympic Games ত  ভাৰতৰহৈ ৰূপৰ পদক লাভ কৰিছিল। 

আনহাতে চিকিমৰ নামচিৰ পৰা আৰ্চাৰীত পুৰুষৰ শাখাত  Tarundeep Rai নিৰ্বাচিত হৈছে। ইয়াৰ আগতে তেওঁ দুবাৰকৈ দেশক প্ৰতিনিধিত্ব কৰিছিল, ২০০৪ চনত  Athens ত আৰু ২০১২ চনত লণ্ডনত।

তদুপৰি , মহিলা বক্সিঙত ৫১ কেজি শাখাত ৰাষ্ট্ৰীয় খেলুৱৈ মেৰী কমে ভাৰতক প্ৰতিনিধিত্ব কৰিব। দুবাৰকৈ বিশ্ব চেম্পিয়ন তথা ব্ৰঞ্জ মডেল লাভ কৰা   অসমৰ লাভলীনা গগৈয়ে ভাৰোত্তোলনত  ৬৯ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ইতিমধ্যে উত্তৰ পূৱৰ খেলুৱৈ সকলে ভাৰতৰ ক্ৰিয়া ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙনি যোগাবলৈ সক্ষম হৈছে। এইবাৰ টকীঅ' অলিম্পিক লৈ উত্তৰ পূৱৰ ইমানখিনি খেলুৱৈ নিৰ্বাচিত হোৱাটো সকলোৰে বাবে এক শুভ বাৰ্তা। আশাকৰোঁ টকীঅ'ত তেওঁলোকে সফলতা লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব।


By: Mallika Dutta

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.