আপুনি তৰমুজৰ গুটিবোৰ বাৰু পেলাই দিছে নেকি ? Watermelon Seed Benefits

 শৰীৰৰ বাবে তৰমুজৰ গুটি কিমান পুষ্টিকাৰক,আপুনি জানেনে?

গ্ৰীষ্ম কালৰ ফলৰ বজাৰত সততে চকুত পৰা ফল বিধ হৈছে তৰমুজ। সৰু ,ডাঙৰ, ফুটুকা ফুটুকী বা সেউজীয়া ৰঙৰ তৰমুজবোৰ দেখাৰ  লগে লগে হয়তো সকলোৰে  খাবলৈ মন যায়। হয় তৰমুজ গৰমত খোৱা এবিধ অতিশয় উপকাৰী ফল। এটুকুৰা তৰমুজে আমাৰ দেহত সজীৱতা আনে, আলস্য দূৰ কৰে। 

কিন্তু আপুনি হয়তো জানি আচৰিত হ'ব, তৰমুজৰ গুটিবোৰ আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী। আগতে যদি আপুনি তৰমুজৰ গুটি পেলাই দিছিল, বা ইয়াক অৱহেলা কৰিছিল, তেনে হলে এতিয়াৰ পৰা আপুনি তাক সযতনে থোৱাৰ ব্যৱস্থা কৰক।

কাৰণ তৰমুজৰ গুটিত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় বহুবোৰ পুষ্টিকাৰক উপাদান আছে।


তৰমুজ খাওঁতে আমি তাৰ গুটিবোৰ সাৱধানে উলিয়াই পেলাই দিও কিয়নো আমি নাজানো, ইয়াৰ গুটিবোৰ যে খোৱাৰ উপযোগী! গৱেষণাৰ পৰা জানিব পৰা গৈছে তৰমুজৰ গুটিত থকা স্বাস্থ্য উপযোগী গুণবোৰৰ বিষয়ে। তৰমুজৰ গুটি আমাৰ শৰীৰৰ বাবে কিয় উপকাৰী  সেই বিষয়ে জানো আহক:---


১। তৰমুজৰ গুটিত copper, potassium, megnesium, iron, zink আৰু folate দৰে  minerals আছে। এই সকলোবোৰ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ।

২। তৰমুজৰ গুটিয়ে আমাৰ ৰোগপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ গুটিত থকা megnessium য়ে মানুহৰ উচ্চ ৰক্তচাপ আৰু hypertension দূৰ কৰাত সহায় কৰে।

৩। copper ,menganise আৰু potassium য়ে আমাৰ শৰীৰৰ হাড় মজবুত কৰে।

৪। তৰমুজৰ গুটিত amino acid, ভিটামিন B complex আৰু প্ৰটিন ও আছে, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়।

৫। তৰমুজৰ গুটিত থকা প্ৰটিন আৰু iron য়ে চুলি মজবুত কৰে। তদুপৰি ইয়াত থকা antioxident এ চালৰ সৌন্দৰ্য অটুট ৰাখি বাৰ্ধক্য দূৰত ৰাখে। সেয়ে তৰমুজ ৰ গুটিৰ তেল বহুবোৰ প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা হয়।


তৰমুজৰ গুটিৰ ইমানবোৰ গুণৰ কথা জনাৰ পাছত আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে, ইয়াক কেনেকৈ খাব পাৰি?

তৰমুজৰ গুটি খাবলৈ হলে প্ৰথমে আপুনি গুটিবোৰ উলিয়াই শুকুৱাই লব লাগিব। তাৰ পাছৰ সেইখিনি বাদাম ভজাৰ দৰে শুকানে ভাজি এটা বটলত বতাহ সোমাব নোৱাৰাকৈ থৈ দিব। আপোনাৰ যেতিয়াই মন যায়, ইয়াক উলিয়াই খাব পাৰে ।  গুড়ি কৰিও ইয়াক সংৰক্ষণ কৰিব পাৰি। আপুনি ইয়াক  চালাডতো ব্যৱহাৰ কৰিব পাৰে।

এইখিনি কথা জনাৰ পাছত, আপুনি নিশ্চয় এতিয়াৰ পৰা তৰমুজৰ গুটি খিনিক কেতিয়াও অৱহেলা নকৰে! গতিকে তৰমুজ ও খাওঁক, গুটিও খাওঁক আৰু লগতে স্বাস্থ্যবান শৰীৰ গঢ়ি তোলক!!


By: Mallika Dutta

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.