গুৱাহাটীৰ ভৰলু নৈৰ পানীত পোৱা গৈছে Covid-19 - Covid-19 Virus Found in River Bharalu

কোভিড ১৯ যি মহামাৰী গোটেই পৃথিৱীতে বিয়পি পৰিছিল ২০২০ চনত। তেতিয়াৰ পৰা বৰ্তমানেও ইয়াৰ ত্ৰাস চলি আছে। ভেকচিনৰ আবিষ্কাৰ হৈছে যদিও কিছু মানুহৰ অসাৱধানতাৰ বাবে ই ব্যাপক ভাবে বাঢ়ি গৈ আছে। য'ত জনসংখ্যা সৰ্বাধিক তাত এই ৰোগ বিধে বেছি অপকাৰ কৰিছে। গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰত পানীত এটা নতুন কৰুণা ভাইৰাছৰ উপস্থিতি আৱিষ্কাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।মহামাৰীৰ সময়ত আকৌ এক নতুন বিস্ফোৰক জনসাধাৰণৰ মাজলৈ আহিছে।


এক আচৰিত কৰিব লগীয়া কথা বৰ্তমান পোহৰলৈ আহিছে। অসমৰ ৰাজধানী গুৱাহাটীৰ মাজেৰে বৈ যোৱা নৈ ভৰলুত এটা নতুন কৰুণা ভাইৰাছৰ উপস্থিতি আবিষ্কাৰ কৰা হৈছে,যিয়ে এই চলি থকা মহামাৰীৰ কাৰণ বুলি জনা গৈছে।


গুজৰাটৰ সবৰতি নদী আৰু অন্য পানীৰ উৎসবোৰটো এই মাৰাত্মক ভাইৰাছৰ প্ৰৱণতা চিনাক্ত কৰা হৈছে। যাৰ চিনাক্তকৰণে চিকিৎসা গৱেষক সকলক আচৰিত কৰি তুলিছে।


ৰিপোৰ্টৰ মতে, IIT গান্ধীনগৰ সহ দেশৰ আঠখন IIT ৰ বিশিষ্ট গৱেষণা ইনষ্টিটিউটৰ বিজ্ঞানীৰ এটা দলে সম্প্ৰতি ভৰলু সহ বিভিন্ন পানীৰ উৎসৰ পৰা পানী নমুনা সংগ্ৰহ কৰি এটা গৱেষণা কৰিছিল। তেওঁলোকৰ এই গৱেষণাৰ পৰীক্ষাত পানীৰ সেই নমুনাত এই মাৰাত্মক ভাইৰাছ বিধৰ উমান পায়।


IIT গান্ধীনগৰৰ অৰ্থ বিজ্ঞান বিভাগৰ মনিষ কুমাৰ ডাঙৰীয়াই গণ মাধ্যমক জনাইছে যে তেওঁলোকে বিভিন্ন নদী আৰু অন্যান্য প্ৰাকৃতিক উৎসৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিলে। তেওঁলোকে সেই পানীৰ নমুনাত এই মাৰাত্মক ৰোগজীৱণুৰ উপস্থিতি আবিষ্কাৰ কৰিছে, যিয়ে তেওঁলোককো বহু পৰিমাণে আচৰিত কৰি তুলিছে।


লগতে তেওঁ কৈছে যে,"আমাৰ গৱেষণাৰ দলটোৱে ৩ছেপ্টেম্বৰ ২০২০চনৰ পৰা বিভিন্ন ঠাইৰ পানীৰ উৎসৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰি আহিছে আৰু ইয়াতে সেই নতুন কৰুণা ভাইৰাছৰ উপস্থিতিৰ পোৱা গৈছে।"


ৰিপোৰ্টৰ অনুসৰি, পৰীক্ষাৰ দ্বাৰা ভৰলুৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাটো এই মাৰাত্মক ভাইৰাছ বিধৰ উপস্থিতি পোৱা গৈছে।


বিশেষজ্ঞৰ মতে গোটেই দেশতে এই প্ৰণালীৰ প্ৰয়োগ কৰিব লাগে। তেওঁলোকে এই কথা দাবী কৰিছে যে এই মাৰাত্মক ভাইৰাছ বিধ অনিৰ্দিষ্ট কাললৈ পানীত জীৱিত থাকিব পাৰে। 


এই সপ্তাহৰ আৰম্ভণিতে কৰ্ণাটক প্ৰথম ৰাজ্য হব যিয়ে সম্ভাবিত কোভিত-১৯ হতস্পট চিনাক্তকৰণ ৰ কাৰণে বেংগালুৰু চহৰত সীবেজ নজৰদাৰী প্ৰণালী( Sewage Survelliance System) ৰ ব্যৱহাৰ কৰিব।


ইয়াৰ আগতে কোভিত-১৯ ত সংক্ৰমিত মৃতদেহ সমূহ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ গঙ্গাত ওপঙি থকা পোৱা গৈছিল। স্থানীয় বিৱৰণ অনুসৰি কমেও ১০০ মৃতদেহ গঙ্গা নদীত পেলাই দিয়া হৈছিল। গৱেষক সকলৰ অনুসৰি জলাশয়ত মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ এই কাৰ্যৰ পৰাই হৈছে বুলি অনুমান কৰা হৈছে।


By: Sukanya Rajbongshi

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.