" সৰ্বকালৰ এক শ্ৰেষ্ঠ ৰোমান্টিক ছবি “Royal Mail Ship Titanic" নিৰ্মাণৰ আঁৰৰ কিছু কথা

সৰ্বকালৰ এক শ্ৰেষ্ঠ ৰোমান্টিক ছবি “Royal Mail Ship Titanic" নিৰ্মাণৰ আঁৰৰ কিছু কথা

সৰ্বকালৰ এক শ্ৰেষ্ঠ ৰোমান্টিক ছবি “Royal Mail Ship Titanic" নিৰ্মাণৰ আঁৰৰ কিছু কথা

১৯৯৭ চনৰ পাছত দুটা দশক জুৰি “টাইটানিক”হৈছে এনে এখন বোলছবি যি সৰ্বকালৰ, সকলো স্তৰৰ মানুহৰ আটাইতকৈ প্রিয় বোলছবি হিচাপে গণ্য হৈছে। Royal Mail Ship Titanic  নামে  জনাজাত জাহাজখনত লগ হোৱা এক প্ৰেমিক যুগলক লৈ নিৰ্মিত হোৱা এই বোলছবি খনৰ নিৰ্মাণৰ আঁৰত আছে আমি নজনা বহুতো কথা।

Royal Mail Ship Titanik

কেনেদৰে নিৰ্মান হৈছিল "Titanic"বোলছবিখন? আহকচোন জানো ইয়াৰ নিৰ্মাণৰ আঁৰৰ কিছু কথা।

১। প্ৰকৃত টাইটানিক নিৰ্মাণকৈও ছেটত নিৰ্মান কৰা টাইটানিকখন  অধিক ব্যয় বহুল আছিল:

বোলছবি খন উপভোগ কৰি উঠিয়েই আপুনি নিশ্চয় অনুভৱ  কৰিছে , এইখন কোনোপধ্যে এখন কম বাজেটৰ বোলছবি নহয়। আপুনি ঠিকেই ভাবিছে! শূটিং আৰম্ভ হোৱাৰ লগে লগেই ইয়াৰ বাবে নিৰ্ধাৰণ কৰা ১০৯ নিযুত ডলাৰ নিমিষতে শেষ হয় আৰু ইয়াৰ বাজেট বৃদ্ধি হৈ নিৰ্মাণৰ শেষত হয়গৈ ২০০ নিযুত ডলাৰ। আপুনি জানি আচৰিত হ'ব, ১৯০৯ চনত প্ৰকৃত ৰয়েল মেইল চিপ টাইটানিক খন নিৰ্মান কৰোঁতে কিন্তু ব্যয় হৈছিল ১৫০ নিযুত ডলাৰ।

২। বোলছবিখনৰ নিৰ্মাতা জেমস কেমেৰণ মানসিক চাপ: 

বোলছবি পৰিচালক জেমস কেমেৰণৰ বোলছবি বুলি কলে সকলোৰে এক বিশেষ আকৰ্ষণ থাকে। কিন্তু  শূটিং ছেটত তেওঁ মুঠেও এজন ৰসিক ব্যক্তি হিচাপে পোৱা নাছিল বোলছবিৰ কৰ্ম কৰ্তা সকলে।সকলো সময়তে তেওঁক দেখা গৈছিল এক মানসিক উৎকন্ঠাত। এইকথা বোলছবিৰ মুখ্য অভিনেত্ৰী কেট উইঞ্চলেটে ব্যক্ত কৰি কয় যে, তেওঁ পৰিচালকলৈ অনবৰতে ভয় কৰি থাকিছিল। কিয়নো জেমস কেমেৰুণৰ  খঙ কোন সময়ত বহিঃপ্ৰকাশ ঘটে তেওঁলোকে তাত বুজিবই পৰা নাছিল। ছেটত এনেকুৱা মেজাজৰ ব্যক্তিৰ লগত কাম কৰা কিমান কষ্ট সাধ্য সেইয়া ভুক্ত ভুগিয়েহে জানে।

৩। সাগৰৰ তলিত পৰি থকা প্ৰকৃত টাইটানিকখনৰ বিষয়ে জানিবলৈ পৰিচালকে নিজে ডুব মাৰিছিল সাগৰত: আপোনালোকে বোলছবিখনৰ আৰম্ভণিতে

দেখা প্ৰকৃত টাইটানিকৰ কিছু দৃশ্যাংশৰ কেমেৰাত বন্দী কৰিছিল পৰিচালক জেমস কেমেৰুনে নিজে। আৰু তাৰ বাবে তেওঁ ডুব মাৰিছিল সাগৰৰ  ১৩,০০০ ফুট তললৈ। এই কাম কৰা তেওঁৱেই আছিল প্ৰথম ব্যক্তি।

৪।শূটিং ক্ষেত্ৰৰ  সাগৰৰ পানী প্ৰয়োজনীয় মাত্ৰলৈ ঠাণ্ডা  ৰখা হৈছিল:

যিহেতু টাইটানিক জাহাজখন  বৰফৰ খুন্দাত আটলান্টিক মহাসাগৰৰ বুকুত  ডুব গৈছিল ।কিন্তু শূটিং ক্ষেত্ৰৰ পানীৰ শীতলতা যাত্ৰীসকলক ঠেৰেঙা লগাব পৰাকৈ প্ৰকৃত ঘটনাৰ সময়ৰ দৰে শীতল নাছিল। সেয়ে পানীখিনিৰ শীতলতা ৬০ডিগ্ৰী লৈ নিম্নগামী কৰা হৈছিল যাতে কলা-কুশলীৰ  অভিনয়ত এই ঘ্টনাৰ প্ৰকৃত অভিব্যক্তি পৰিস্ফুট হয়।

৫।বোলছবি খনৰ শূটিং লোৱা হৈছিল এক বৃহৎ আকাৰৰ পুলত:

এইটো ঠিক যে বোলছবি খনৰ শূটিং মহাসাগৰৰ বুকুত হোৱা নাছিল। তাৰ সলনি ইয়াত শূটিং হৈছিল এক বৃহৎ পুলত, যিটো পুল  ১৭ নিযুত গেলন পানীৰে পৰিপূৰ্ণ কৰা হৈছিল। সেই পানীৰ পুল আছে মেক্সিকোৰ  বাজা ষ্টুডিঅ'ত।

আটাইতকৈ  গুৰুত্বপূৰ্ণ কথাটো হ'ল টাইটানিকৰ সেই বিখ্যাত গীতটো! জেমস কেমেৰণ বোলছবি খনত গান অন্তৰ্ভুক্ত কৰাৰ একেবাৰে পক্ষপাতী নাছিল বা তেওঁৰ পৰিকল্পনাও নাছিল। কিন্তু যেতিয়া তেওঁ প্ৰথম বাৰ গীতটি  শুনিলে,তেওঁ আৰু না কৰিব পৰা নাছিল। সঁচাকৈয়ে Celine Dion ৰ কণ্ঠৰ "My Heart will Go On" গীতটিৰ অবিহনে আমি টাইটানিক বোলছবিখনৰ কথা ভাবিবই নোৱাৰো।

By: Mallika Dutta

Post a Comment

Previous Post Next Post

People Like