পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিষ্ণুৰ মূৰ্তিটো আছে এখন মুছলমান সংখ্যাগৰিষ্ঠ দেশত : Lord Vishnu’s tallest statue is in a Muslim country
ভগৱান বিষ্ণুক পৃথিৱীৰ সৃষ্টিকর্তা বুলি জনা যায়। হিন্দু ধৰ্মত ভগৱান বিষ্ণুক সমৃদ্ধি আৰু সাহসৰ প্ৰতীক বুলি গণ্য কৰা হয়। আমাৰ ভাৰতত হিন্দু সকলৰ পুজা অৰ্চনাৰ বাবে বহু বিষ্ণু মন্দিৰ আছে যদিও আপুনি জানি আচৰিত হ'ব যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিষ্ণু মূর্তিটো আছে মুছলমান সংখ্যাগৰিষ্ঠ দেশত। সবিশেষ জানো আহ'ক।
পৃথিৱীৰ সৰ্ববৃহৎ বিষ্ণু মুৰ্তিটো আছে ইণ্ডোনেছিয়াত ,যাৰ উচ্চতা হৈছে ১২২ ফুট আৰু ই প্ৰায় ৬৪ বহল। এই মুৰ্তিটো সম্পূর্ণ তাম আৰু পিতলেৰে নিৰ্মাণ কৰা হৈছে। আৰু ইয়াক নিৰ্মাণ কৰিবলৈ লাগিছিল প্ৰায় ২৪ বছৰ । ১৯৭৯ত ইণ্ডোনেছিয়াত থকা মৃৎ শিল্পী বাপ্পা ন্যুমন নুআৰ্তাই বিষ্ণুৰ এটা বিশাল মুৰ্তি বনোৱাৰ সপোন দেখিছিল আৰু তেওঁ ভৱামতেই ১৯৮০ চনত মুৰ্তি নিৰ্মাণৰ বাবে তেওঁ প্ৰস্তুতি চলায় । বিভিন্ন পৰিকল্পনাৰ পিছত ১৯৯৪ চনত মুৰ্তি নিৰ্মাণৰ কাম আৰম্ভ হয় । তেওঁৰ সপোন বাস্তৱায়িত কৰিবলৈ ইণ্ডোনেছিয়া চৰকাৰেও সহায়ৰ হাত আহবঢ়ায়।
কিন্তু এই কাম ইমান সহজ নাছিল, এই মূৰ্তি সাজি উলিয়াবলৈ তেওঁ বিভিন্ন বাধাৰ মাজেৰে যাব লগাত পৰিছিল। বাজেটৰ বাবে মাজে সময়ে নিৰ্মাণ কাৰ্য স্থগিত ৰখা হৈছিল, যাৰ বাবে ২০০৭ৰ পৰা ২০১৩ চনলৈ ৬ বছৰৰ বাবে মন্দিৰৰ নিৰ্মাণ কাৰ্য বন্ধ আছিল । কিন্তু অসংখ্য বাধা নেওচি এই মন্দিৰ কাম পুনৰ আৰম্ভ হয় আৰু ২০১৮ চনত ইয়াৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হয় আৰু লগে লগে মুৰ্তিটো পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়।
ভগৱান বিষ্ণু এই মূর্তি চাবলৈ ইণ্ডোনেছিয়াত অসংখ্য লোকৰ সমাগম ঘটে, যাৰ বাবে ইয়াত পৰ্যটন বিভাগে গতিশীলতা লাভ কৰিছে। মূৰ্তিটো যদিও মুছলমান সংখ্যাগৰিষ্ঠ দেশত আছে তথাপিও এই দেশৰ নাগৰিক সকলে মূৰ্তিটো ৰক্ষণাবেক্ষণ দিয়া এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
By Prasenjit Chakraborty