চৰকাৰক বিজুলী বিক্ৰী কৰা এখন গাঁও : A village where the sells electricity : Odanthurai of Tamilnadu
এখন দেশ,এখন ৰাজ্য বা এখন গাঁও সামগ্ৰিকভাৱে উন্নতিৰ দিশে আগুৱাই নিয়াত এগৰাকী নাৰী বা পুৰুষৰ অৱদান বিশেষভাৱে উল্লেখনীয়।কিন্তু তাৰ বাবে প্ৰয়োজন সুচিন্তিত আঁচনি,শৃংখলা মূলক আয়োজন, দহৰ মঙ্গল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থ ত্যাগ, সততা, ধৈৰ্য আদিৰ।আজি আমি এনে বহু গুণেৰে সমাদৃত এজন লোকৰ বিষয়ে অৱগত কৰাব লৈছো যি আমাৰ বাবে সদায় প্ৰেৰিত হৈ ৰব।
ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্যতম ৰাজ্য তামিনাডুৰ coimbatore"( কোয়েম্বাটুৰ) পৰা ৪০ মি. দূৰত; নীলগিৰি পাহাৰৰ কোলাত থকা এখন গাঁও যাৰ নাম "Odanthurai"("অদণ্ঠুৰাই)।পূৰ্বতে এই গাওঁ খনৰ পৰিবেশ জৰাজীৰ্ণ আছিল।কেইটামান জুপুৰী ঘৰ আৰু খুব কম সংখ্যক লোকহে ইয়াত বসবাস কৰিছিল।অত্যাৱশ্যকীয় সুবিধা বোৰ যেনে - বিজুলী,বিশুদ্ধ খোৱা পানী আদি বুনিয়াদী সুবিধাবোৰো ইয়াত নাছিল। খোৱা পানী, ঘৰৰ ৰেচন আদি আনিবলৈ গাঁৱৰ লোকসকল ৩ /৪কি. মি. দূৰলৈ যাব লগা হৈছিল। যাৰ বাবে তেওঁলোকৰ গোটেই দিনটোৱেই লাগিছিল।সেয়ে বহুসংখ্যক লোক এই গাওঁ এৰি চহৰমুখী হৈছিল।
কিন্তু আচৰিত কথা, এতিয়া এই গাওঁ খনৰ পৰিবেশ সম্পূৰ্ণ সলনি হৈ গল। এসময়ৰ সেই কংক্ৰীটৰ পৰিবেশ এতিয়া দেখা পোৱা নাযায়।কেঁচা, জুপুৰী ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হল।ঘৰবোৰত " চলাৰ পেনেলৰ"(solar panel) ব্যৱহাৰ কৰি ঘৰবোৰ পোহৰাই তোলাৰ লগতে পানীৰ বাবে "borewell"ব্যৱহাৰ কৰিলে যাতে গাঁৱৰ লোকসকলে যেতিয়াই মন যায় তেতিয়াই পানী ব্যৱহাৰ কৰিব পাৰে। গাওঁ খনৰ প্ৰধান বৈশিষ্ট এয়ে যে গাওঁ খনৰ প্ৰতিটো ঘৰে দেখাত প্ৰায় একে।যিয়ে গাওঁ খনৰ শুভাবৰ্দ্ধন কৰিছে।চহৰৰ সকলোবোৰ সুবিধাই ইয়াত পোৱা যায়।
কবলৈ গলে গাওঁখন এতিয়া " স্মাৰ্ট" গাৱলৈ ৰূপান্তৰিত হৈ পৰিছে।কিন্তু এয়া সম্ভৱ হল কেনেকৈ? গাওঁ খনৰ উন্নতিৰ আঁৰত কোন? হয় এই গাওঁ খনৰ উন্নতিৰ আঁৰত থকা লোকজন হল সেই খন গাঁৱৰ পূৰ্ব চৰপঞ্চ R Shanmugam. ১৯৯৬ চনত তেওঁক গাঁৱৰ মুখিয়াল অৰ্থ্যত গাঁওবুঢ়া হিচাপে নিৰ্বাচিত কৰা হৈছিল।তেওঁ গাঁৱৰ পৰা জুপুৰী ঘৰ বোৰ আঁতৰাই সকলো বুনিয়াদী ব্যৱস্থাৰ লগতে পকীঘৰ নিৰ্মাণ কৰি দিছিল।২০ বছৰত সেই গাওঁ খনৰ জনসংখ্যা ১৬ শ ৰ পৰা ১০ হজাৰলৈ বৃদ্ধি পাইছিল।গাঁও এৰি গুচি যোৱা লোকসকলো গাঁওলৈ পুনৰ উভতি আহিছিল।
R Shanmugam ডাঙৰীয়াই মুখিয়াল হোৱাৰ পাছত পোন প্ৰথমে কেন্দ্ৰীয় চৰকাৰৰ আয়োজনৰ সহায়ত খোৱা পানীৰ ব্যৱস্থা কৰিলে।তাৰ পাছত বিজুলীৰ কাৰণে নৱীকৰণ শক্তিৰ বিকল্প হিচাপে " wind power "( wind energy) ৰ ব্যৱস্থা কৰিলে।যাৰ বাবে ১.৫৫ কোটি টকাৰ প্ৰয়োজন হল।তেওঁ পঞ্চায়ত পৰা ৪০ লাখ টকা আৰু বাকী টকা বেংকৰ পৰা লোণ হিচাপে লৈ ২০০৬ চনত " wind energy"( পৱন চককী ) ৰ ব্যৱস্থা কৰিলে।যাৰ পৰা ৭ লাখ বিজুলীৰ উৎপন্ন হয়।বৰ্তমান তেওঁলোকে তামিলনাডু চৰকাৰক প্ৰতি বছৰে মুঠ ২০ লাখ বিজুলী বিক্ৰী কৰিব পৰা হল।
R Shanamugam ৰ এই আমূল পৰিবৰ্তন ৰ বাবে কেতিয়াও বিজুলী কি চিনি নোপোৱা গাওঁ খনে চৰকাৰক বিজুলী বিক্ৰী কৰিব পৰা হল। যাৰ বাবে তেওঁক সেই সময়ৰ ৰাষ্ট্ৰপতি ড০ এ. পি. জে .আব্দুল কালামকে প্ৰমুখ্য কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী সকলেও সন্মানিত কৰে। R Shanamugam ৰ এই অগ্ৰণী ভূমিকাই নৱ প্ৰজন্মক সচাকৈ উৎসাহিত কৰি তুলিব।তেওঁৰ ভাষাৰে,,,,," প্ৰবল ইচ্ছা শক্তি আৰু ভ্ৰষ্টাচাৰ মুক্ত প্ৰশাসন চলায় যিকোনো লক্ষ্যতে উপনিত হব পাৰি"।