এই ঋতুৰ এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা : Tashi Yangjom from Arunashal : Times Guwahati

 এই ঋতুৰ এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা অৰুণাচলৰ  টাচি য়ংযাম, এই ঋতুৰ এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা : Tashi Yangjom from Arunashal : Times Guwahati

Tashi Yangjom from Arunashal

এই ঋতুৰ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ভাৰতৰ প্ৰথম গৰাকী মহিলা হিচাবে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে অৰুণাচল প্ৰদেশৰ যুৱতী টাচি য়ংযামে। অৰুণাচলৰ পশ্চিম কামেং জিলাৰ ডিৰাং ত থকা National Institute of Mountaineering and Allied Sports (NIMAS) ৰ পৰা পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লোৱা টাচি য়ংযাম হৈছে এই ইনষ্টিটিউটৰ নৱম গৰাকী পৰ্বতাৰোহণকাৰী।

ক'ভিদ সৃষ্ট এই সংকট কালত পৰ্বতাৰোহণকাৰী গৰাকীৰ সফলতাৰ এনে বার্তাই  অৰুণাচল প্ৰদেশৰ জনগণৰ লগতে সকলো দেশবাসীক আনন্দিত কৰিছে। টাচি য়ংযামে এই কাম সম্পূৰ্ণ কৰে যোৱা ১১ মে' ২০২১ ত ।

টাচি য়ংযামৰ এই কৃতকাৰ্যতাত অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খান্দুৱে তেওঁক অভিনন্দন জনায়।আৰু  লগতে তেওঁ কয় যে অৰুণাচলবাসীৰ বাবে এইয়া এক গৌৰৱৰ  খবৰ। অৰুণাচলৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰই কয় যে এভাৰেষ্ট জয় কৰি টাচি য়ংযামে প্ৰমাণ কৰিলে অৰুণাচলৰ ছোৱালী  দুঃসাহসী,কঠোৰ পৰিশ্ৰমী আৰু মেধা সম্পন্ন। টাচি য়ংযাম এতিয়া ৰাজ্য খনৰ আন যুৱক-যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস। ৰাজ্যপাল গৰাকীয়ে লগতে কয় যে টাচিয়ে এতিয়া যুৱ প্ৰজন্মৰ আৰ্হি (icon) হিচাপে ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে  ক'ভিদ-১৯  সৃষ্ট পৰিবেশৰ বিৰুদ্ধে  সজাগতা মূলক  কামত ব্ৰতী হ'ব লাগিব।

National Institute of Mountaineering and Allied Sports(NIMAS) য়েও টাচি য়ংযামক ভাৰতৰ এই ঋতুৰ প্ৰথম এভাৰেষ্ট আৰোহণকাৰী মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰা বাবে অভিনন্দন জনায়।

By: Mallika Dutta

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.