" পিৰামিডৰ ৰহস্যময়ী বিশেষ ৰাণীৰ কোঠাটো : Egyptian pyramid facts

পিৰামিডৰ ৰহস্যময়ী বিশেষ ৰাণীৰ কোঠাটো : Egyptian pyramid facts

পিৰামিডৰ (pyramid) ৰহস্যময়ী বিশেষ ৰাণীৰ কোঠাটো 

Egyptian pyramid facts

বৃত্তাকাৰ আমাৰ পৃথিৱীৰ কেন্দ্ৰ ক'ত এই কথা  আমাৰ সকলোৰে বাবে ৰোমাঞ্চকৰ , কিন্তু আপুনি জানি আচৰিত হ'ব যে ইজিপ্তৰ যিখিনি ভুমিত পিৰামিড (pyramid) নিৰ্মাণ কৰা হৈছিল সেই ঠাইয়ে পৃথিৱীৰ সুমাজ বুলি প্ৰমাণ হৈছে । এয়া আচলতে এক ৰহস্য কাৰণ হাজাৰ বছৰ আগতে পৃথিৱীত কোনো ধৰণৰ বিজ্ঞান প্ৰযুক্তিৰ আৱিস্কাৰ হোৱা নাছিল । 

আজিৰ পৰা প্ৰায় ৪০০০ বছৰ আগতেই ইজিপ্তত পিৰামিডৰ নিৰ্মাণ হৈছিল তেতিয়া কোনো ধৰণৰ প্ৰযুক্তি বিদ্যাৰ সৃষ্টি হোৱা নাছিল , কোনো ধৰণৰ বৈদ্যুতিক প্ৰৱাহ নাছিল আজিৰ দৰে উন্নত মানদণ্ডৰ কম্পিউটাৰ নাছিল । তেনে ক্ষেত্ৰত কিদৰে আকাশৰ তৰাৰ লানিৰ লগত সমান্তৰালকৈ সাজি উলিওৱা হৈছিল পিৰামিড ? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আজিও গৱেষণা চলি আছে । 

পৃথিৱীৰ ভিতৰতে অন্যতম সৌন্দৰ্যৰে ভৰা ঠাই ইজিপ্তৰ ভিতৰত লোকাই আছে বহুতো অকল্পনীয় সত্য । ৪০০০ বছৰ পুৰণি ইজিপ্তৰ বুকুত লোকাই আছে সেই সময়ৰ কিছুমান আচৰিত ঘটনা প্ৰৱাহ । ইজিপ্তত পৰ্য্যটকৰ বাবে আকৰ্ষণীয় ঠাই আছে , ইয়াৰে কিছুমান ঠাইত দেৱালত বিভিন্ন ছবি অঁকা হৈছিল যিবোৰ ছবি দেখি আজিৰ মানুহ আচম্বিত হৈছে কাৰণ তাত দেখিবলৈ পোৱা গৈছিল অন্য গ্ৰহৰ প্ৰাণীৰ ছবি লগতে বৈদ্যুতিক বাল্বৰ দৰে বহুতো অংকন । ইয়াৰ পৰাই বৈজ্ঞানিক সকলে অনুমান কৰিছিল যে ইজিপ্তৰ বাসিন্দা সকলৰ এলিয়নৰ লগত সংযোগ ঘটিছিল ।

পিৰামিড pyramidৰ ৰহস্যময়ী আখ্যান সমূহৰ বিষয়ে জানো আহক 

১/ বৰ্তমানৰ উন্নত মানৰ প্ৰযুক্তিয়ে কৰিব নোৱাৰা কামৰ সাক্ষী হৈ ৰৈছে পিৰামিড । হয় ! আজিৰ পৰা ৪০০০ হাজাৰ বছৰ আগেই যি ইটাৰ ব্যৱহাৰ হৈছিল সেই ইটাৰ ওজন আছিল ২৭ ৰ পৰা প্ৰায় ৭০ হাজাৰ কিলোগ্ৰাম যিটো বৰ্তমান যুগৰ crane সমুহেও দাঙিব নোৱাৰিব । তেনেহ'লে সেই সময়ত  কেনেকৈ লক্ষাধিক ইটাৰে পিৰামিড নিৰ্মাণ কৰা হৈছিল ? 

২/ যিবোৰ উপাদান পিৰামিডৰ নিৰ্মাণত ব্যৱহাৰ হৈছিল সেই সমূহত প্ৰাকৃতিক দুৰ্যোগ সহ্য কৰিব পৰা ক্ষমতা আছিল বাবেই বৰ্তমানেও ইয়াৰ ক্ষয়-ক্ষতি হোৱা নাই । 

৩/ Orion correlation theory অনুসৰি ৰাতিৰ সময়ত পিৰামিড আকাশত দেখা তিনিটা বিশেষ তৰাৰ লগত সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছিল , কিন্তু এইয়া কেনেদৰে সম্ভৱ ? বৈজ্ঞানিক সকলে মত পোষণ কৰিছে যে আকাশ মাৰ্গৰ পৰা নেদেখাকৈ এই কাম কৰাতো অসম্ভৱ । ইয়াৰ দ্বাৰা বৈজ্ঞানিক সকলে কি বুজাব বিচাৰিছে নিশ্চয়কৈ আমাৰ মনত এনে প্ৰশ্নৰ অৱতাৰণা হয় ! নহয় নে ? 

৪/ পিৰামিডৰ ভিতৰত বহুতো সুৰঙ্গ আছে যদিও ইয়াৰ ভিতৰত তিনিটা অতি গুৰুত্বপূৰ্ণ । এই সুৰঙ্গসমূহ শীত তাপ নিয়ন্ত্ৰণৰ কাৰণে ৰখা হৈছিল বুলি অনুমান কৰা হৈছিল যদিও বৈজ্ঞানিক গৱেষণাৰ ফলত গম পোৱা গৈছে যে এই সুৰঙ্গসমূহ আচলতে একো একোখন দুৱাৰৰ সহায়ত বন্ধ কৰা হৈছে ।

৫/  পিৰামিডৰ ভিতৰত প্ৰাকৃতিক এয়াৰ কন্দিচনাৰ আছে অৰ্থাৎ ইয়াৰ ভিতৰৰ তাপমাত্ৰা ২০° । পৃথিৱীৰ ওপৰি ভাগত বতৰৰ যি পৰিৱৰ্তন হয় সেয়া পিৰামিডৰ ভিতৰত অনুভৱ নহয় । 

 ৬/ পিৰামিডৰ ভিতৰত ৰজা আৰু ৰাণীৰ পৃথক পৃথক কোঠা আছে আৰু প্ৰত্যেকটো কোঠাতে কবৰ দেখা গৈছে , কিন্তু আচৰিত কথা এইয়ে যে সেই কবৰ সমূহত মৃত শৰীৰ উপস্থিত নাই । 

 পিৰামিডৰ ভিতৰত থকা প্ৰাকৃতিক এয়াৰ কন্দিচনাৰ , ইয়াৰ সৈতে তৰাৰ সম্পৰ্ক , ৰাণীৰ কোঠাৰ দৰ্জাৰ ৰহস্য এই সকলোবোৰ কথাৰ আৰৰ কাহিনী কি সেই বিষয়ে গৱেষণা চলি আছে ।

Post a Comment

Previous Post Next Post

People Like