" Microfinance ৰ ঋণ মাফ কৰাৰ সন্দৰ্ভত চৰকাৰৰ গুৰুত্ব পূণ ৰায় : Microfinance loan of Assam

Microfinance ৰ ঋণ মাফ কৰাৰ সন্দৰ্ভত চৰকাৰৰ গুৰুত্ব পূণ ৰায় : Microfinance loan of Assam

 মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা সকলৰ বাবে বিশেষ খবৰ : Microfinance ৰ ঋণ মাফ কৰাৰ সন্দৰ্ভত চৰকাৰৰ গুৰুত্ব পূণ ৰায় : Microfinance loan of Assam


এক বুজাব নোৱাৰা সাথৰ microfinance , বহিৰাগত বনিয়াৰ ৰামটাঙোন অসমৰ সাধাৰণ জনতাৰ মুৰত , কৰোনাই জুৰুলা কৰা দেশবাসীৰ ওপৰত আৰু এক হতাশা এই microfinance ; যাৰ প্ৰতাৰনাই বিপদ মাতিছে বহু দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈ , তাৰে কিছু সকাহ দিবলৈ অসম চৰকাৰে খৰচ কৰিবলৈ গৈ আছে ৰাজভৰালৰ ধন : যিসময়ত নাই covid vaccine  কিনিবলৈ চৰকাৰৰ হাতত প্ৰজাপ্ত ধন , ৰাইজৰ দান বৰঙণিৰ সহায়তহে মুৰ দাঙিব পাৰে তেনে সময়তে আকৌ অসমৰ এক ভাৱিবনোৱাৰা সমস্যা হৈছে microfinance , অসমৰ জলন্ত সমস্যা হৈছে বানপানী ,  ওহু এতিয়া নহয় , এতিয়া সমস্যা হৈছে microfinance , বাৰু যি কি নহওক microfinance ৰ ঋণ মাফ ঘোষণাৰ পাছতেই যোৱা  শুক্ৰবাৰে জনতা ভৱনত অশোক সিংঘলৰ নেতৃত্বত গঠিত কমিতিৰ বৈঠক অনুষ্ঠিত হয় আৰু ঋণ পৰিশোধৰ নতুন নিয়ম গঢ়ি তুলা হৈছিল । 

উক্ত বৈঠক খনত ঋণ ৰেহাইৰ সুবিধা কোনে নাপাব সেই বিষয়ে কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে , ইয়াৰ ভিতৰত আছে : 

১/ ২০২০চনৰ ৩১ ডিচেম্বৰৰ পাছত ঋণ লোৱা সকলে নাপাব এই সুবিধা । 

২/ যিসকল মহিলাই ২০২০চনৰ ৩১ ডিচেম্বৰৰ আগত NPA অৰ্থাৎ ৯০ দিনতকৈ অধিক দিন কিস্তি দিয়া নাই সেই সকল বঞ্চিত হ'ব এই সুবিধাৰ পৰা ।

৩/ যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় ১ লাখ টকাতকৈ বেছি তেওঁ লোকেও নাপাব ৰেহাইৰ সুবিধা ।

৪/ ঋণ লোৱা পৰিয়ালৰ কোনো সদস্যই যদি income tax pay কৰে  সেই পৰিয়ালৰ ঋণ মাফ কৰা নহ'ব ।

৫/একেটা পৰিয়ালৰে যদি এজনতকৈ অধিক ব্যক্তিয়ে ঋণ তেনে পৰিয়ালে এই সুবিধা লাভ নকৰিব ।

৬/ চাৰি চকীয়া বাহন থকা পৰিয়ালৰ লোক বঞ্চিত হ'ব এই সুবিধাৰ পৰা ।

৭/ লগতে দুটাতকৈ অধিক সংস্থাৰ পৰা ঋণ লোৱা সকলে এই সুবিধা পোৱাৰ সম্ভাৱনা কম ।

 ইয়াৰ উপৰিও কোৱা হয় যে যিসকলে পূৰ্বতে ঋণ পৰিশোধ কৰিছিল তেওঁ লোকক বিশেষ অগ্ৰাধিকাৰ দিয়া হ'ব । ঋণ ৰেহাই দিয়াৰ এই সমগ্ৰ্ প্ৰক্ৰিয়াটোত মুঠ ৪০ জন লেন্দাৰ , ২৪ লাখ গ্ৰাহক , ৪৫ লাখ বেংক একাউণ্ট আৰু ১২হাজাৰ৫০০ কোটি টকাৰ ঋণ আৰু সূদ জড়িত হৈ আছে । ইয়াৰ ভিতৰত ৫৩% বেংকৰ ২৬% ক্ষুদ্ৰ সঞ্চয় বেংকৰ আৰু ২২% NBFC ৰ । মুঠ ১০লাখ ৮০ হাজাৰ লোকৰ ঋণ ২৫হাজাৰৰ তলত , প্ৰায় ৬৮৯০০০ লোকৰ ঋণ ২৫-৫০ হাজাৰৰ ভিতৰত আৰু প্ৰায় ১.২৫ লাখ টকাৰ ঋণ লোৱা লোকৰ সংখ্যা ১৬৯০০০ । প্ৰায় ১৯০১০০০ লোকে এটা প্ৰতিস্থানৰ পৰা লোণ লৈছিল । দুটা প্ৰতিস্থানৰ পৰা লোণ লৈছিল প্ৰায় ৫০৮০০০ লোকে । ১৫৪০০০ লোকে তিনিটাকৈ প্ৰতিস্থানৰ পৰা লোণ লৈছিল  আৰু ৬০০০০ লোকে তিনিটাকৈ অধিক প্ৰতিস্থানৰ পৰা লোণ লৈছিল । অশোক সিংঘলৰ অভিযোগ অনুসৰি লোণৰ লেন দেন প্ৰক্ৰিয়া RBI ৰ গাইডলাইনৰ মতে নোহোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছে । বৰ্তমানেও হিচাপ নিকাচৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই বুলি কোৱাৰ লগতে সিংঘল ভাউৰীয়াই কয় যে RBI ৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে তেওঁ আৰু কয় যে প্ৰতিস্থান সমূহে মানি নোলোৱা লৈকে চুৰান্ত সিদ্ধান্ত লোৱা নহ'ব পাৰে । 

Do You Like this news: please share with your friends Microfinance ৰ ঋণ মাফ কৰাৰ সন্দৰ্ভত চৰকাৰৰ গুৰুত্ব পূণ ৰায়: Microfinance loan of Assam

Post a Comment

Previous Post Next Post

People Like