" কুটুব মিনাৰৰ বিষয়ে কিছু বিশেষ তথ্য জানো আহক : Let us know some special information about Kutub Minar

কুটুব মিনাৰৰ বিষয়ে কিছু বিশেষ তথ্য জানো আহক : Let us know some special information about Kutub Minar

কুটুব মিনাৰৰ বিষয়ে কিছু বিশেষ তথ্য জানো আহক :Let us know some special information about Kutub Minar

কুটুব মিনাৰৰ বিষয়ে কিছু বিশেষ তথ্য জানো আহক

ভাৰতত বহুতো ঐতিহাসিক ঠাই তথা কীৰ্তি স্তম্ভ আছে, যিয়ে ভাৰতৰ অতীতৰ গৌৰৱ তথা ঐশ্বৰ্যৰ প্ৰমাণ দিয়ে। ভাৰতৰ এনে এক ঐতিহাসিক কীৰ্তি স্তম্ভৰ নাম হৈছে কুটুব মিনাৰ । দিল্লীৰ দক্ষিণাঞ্চলত অৱস্থিত এই মিনাৰ লাল বেলেপাথৰেৰে নিৰ্মিত আৰু ইয়াৰ উচ্চতা ৭২.৫ মিটাৰ (২৩৮ ফুট)। আহকচোন আলোচনা কৰো এই মিনাৰৰ লগত জড়িত কিছু বিশেষ তথ্য। 

১) কুটুব মিনাৰ হৈছে ইটাৰে নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ ওখ মিনাৰ।ইয়াৰ উচ্চতা ৭২.৫ মিটাৰ (২৩৮ ফুট)। মিনাৰটোৰ পাদদেশৰ ব্যাস ১৪.৩২ মিটাৰ (৪৭ ফুট) আৰু শীৰ্ষঅংশৰ ব্যাস ২.৭৫ মিটাৰ (৯ ফুট)।

২) এই মিনাৰৰ  প্ৰাংগনত বহুতো ঐতিহাসিক কীৰ্তিচিহ্ন মজুদ আছে । যেনে :- মিনাৰ প্ৰাংগনৰ কেইবাটাও পথ, আলাই দৰৱাজা (১৩১১), আলাই মিনাৰ , কুব্বত-উল-ইসলাম মছজিদ, ইলটোতমিচৰ সমাধি আৰু এটি লৌহস্তম্ভ  আদি।

৩) পৰৱৰ্তী সময়ত মিনাৰৰ ওপৰিভাগ বজ্ৰপাতৰ দ্বাৰা ক্ষতিগ্ৰস্থ হৈছিল আৰু ইয়াক ফিৰোজ শ্বাস টোগলক (Firoz Shah Tughlaq)ৰ পুনৰ নিৰ্মাণ কৰা হয়। ওপৰিভাগৰ পুনৰ নিৰ্মাণৰ সময়ত বগা পাথৰ ব্যৱহাৰ কৰা হৈছিল যাৰ ফলত ইয়াৰ ওপৰিভাগ দেখিবলৈ অলপ পৃথক। 

৪) ইয়াৰ প্ৰাংগনৰ কেন্দ্ৰস্থলত ৭.০২ মিটাৰ (২৩ ফুট) উচ্চতাবিশিষ্ট যিটো চকচকীয়া লৌহস্তম্ভ আছে | নিৰ্মাণৰ ২০০০ বছৰ পিছতো ইয়াত আজিপৰ্যন্ত অলপো মামৰে ধৰা নাই। এই লৌহস্তম্ভত সংস্কৃত ভাষাত দ্বিতীয় চন্দ্ৰগুপ্তৰ এটা লেখা আছে। 

৫) ১১৯২ চনত কুতুবউদ্দিন আইবকে এই মিনাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু ইয়াৰ কাম শেষ হৈছিল ইলটোতমিচৰ ৰাজত্বকালত (১২১১-৩৮) । 

৬) ইছলামিক স্থাপত্য আৰু শিল্পকৌশলৰ এক অনবদ্য প্ৰতিফলন হিচাবে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ  বিভাগৰ অধীনত এই প্ৰাংগন বিশ্ব ঐতিহাসিক স্থানৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। 

   ভাৰতৰ থকা এনেবোৰ প্ৰাচীন ঐতিহাসিক ঠাই তথা কীৰ্তি স্তম্ভৰ উপস্থিতয়ে ইয়াক এক বিশেষ ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিছে। ভাৰতৰ এই ঠাই তথা কীৰ্তি স্তম্ভ সমূহ চাবলৈ বিশ্বৰ নানান লোকৰ আগমন ঘটে। যাৰ দ্বাৰা ভাৰতৰ পৰ্যটন বিভাগ উন্নতিৰ পদাৰ্পণ কৰিছে আৰু লগতে ভাৰতক আৰ্থিকভাৱে সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । 

Post a Comment

Previous Post Next Post

People Like