" পৃথিৱীৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান সমূহ :Top 8 Largest national parks in the world

পৃথিৱীৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান সমূহ :Top 8 Largest national parks in the world

পৃথিৱীৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান সমূহ :Top 8 Largest national parks in the world

পৃথিৱীৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান সমূহ :Top 8 Largest national parks in the world

আমি নিঃসন্দেহে এটা অতি সুন্দৰ গ্ৰহত বাস কৰি আছো।য'ত চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য ই আৱৰি আছে।যিমানেই প্ৰযুক্তি বিদ্যা উন্নত মানৰ নহওঁক কিয় প্ৰকৃতিৰ এক সুকীয়া মাদকতা আছে।ইয়াক কোনেও নুই কৰিব নোৱাৰে।প্রতি গৰাকী ব্যক্তিয়ে ব্যস্ততা পূৰ্ণ জীৱনৰ পৰা ওলাই প্ৰকৃতিৰ এই সৌন্দৰ্য উপভোগ কৰিবলৈ বাৰুকৈয়েই আগ্ৰহী।যান্ত্ৰীকতা ভৰা জীৱনৰ পৰা ওলাই প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ সকলোৱে বিৰাছে।কিন্তু বহু মানুহ এই প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰাৰ পৰা বঞ্চিত হৈ আছে।

এই সমূহ প্ৰাকৃতিক সৌন্দৰ্যক সংৰক্ষণ কৰিবলৈয়েই আমাৰ পৃথিৱীত বহু ৰাষ্ট্ৰীয় উদ্যান নিৰ্মাণ কৰা হৈছে। যাৰ ফলত মানুহে ইয়াক সুন্দৰ ভাবে উপভোগ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ফলত ঠাইয়েই ঠাইয়েই পৰ্য্যটন থলী গঢ় লৈ উঠিছে। যাৰ ফলত পৰ্যটক সকলে নতুন নতুন ঠাইৰ আৱিষ্কাৰ কৰিছে আৰু গৱেষণাৰ বাবেও সহজ হৈ পৰিছে। তাৰেই কিছুমান বৃহৎ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়েও আমি জানো আহকচোন।কিয়নো এই ৰাষ্ট্ৰীয় উদ্যান সমূহ বিশ্বৰ সৰ্ব বৃহৎ উদ্যান হিচাপে পৰিগণিত হৈছে তাৰ বিষয়ে জানো আহক।

সৰ্বপ্ৰথমে বিশ্বৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম হৈছে Northeast Greenland National Park: পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান হৈছে Northeast Greenland National Park । যাৰ পৰিসীমা 375000 বৰ্গ কি:মি: । এই উদ্যান খন ১৯৭৪চনত দেনমাৰ্কত আবিষ্কাৰ কৰা হৈছিল আৰু ইয়াৰ মূল আকৰ্ষণ হৈছে পাহাৰ পৰ্বত আৰু বৰফাবৃত অঞ্চল সমূহ। এইখন গ্ৰীণলেণ্ডৰ এক মাত্ৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ৫০ তকৈও কম নিবাসীয়ে ইয়াত বাস কৰে।

দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যান খন হৈছে Wood Buffalo National Park : এই ৰাষ্ট্ৰীয় উদ্যান খন পৃথিৱীৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এখন। যিখন ১৯২২ চনত কানাডাত আবিষ্কাৰ কৰা হৈছিল। এই উদ্যান খনে বিলুপ্ত প্ৰায় হুপিং ক্রেন চৰাইৰ বাবে বিখ্যাত । গ্ৰীষ্ম কালত এই চৰাই বিধে ইয়াত বাঁহ সাজে।

তৃতীয় ৰাষ্ট্ৰীয় উদ্যান খন হৈছে Gates Of the Arctic National Park and Preserve: এই ৰাষ্ট্ৰীয় উদ্যান খনৰ USA ৰ Alaska ত ১৯৮০ চনত আৱিষ্কাৰ কৰা হৈছিল যাৰ পৰিসীমা পৰাই ১৩২৩৮ বৰ্গ কি: মি:।এই উদ্যান খন সেইসকল লোকৰ বাবে বেছি উপযোগী যি সকলে অকল জংঘল ভাল পাই আৰু যি সকলে মুকলিমূৰীয়াকৈ ঘূৰিবলৈ বিচাৰে।

চতুৰ্থ ৰাষ্ট্ৰীয় উদ্যান খন হৈছে Denali National Park and Preserve: এই উদ্যান খনো ১৯১৭ চনত  USA তে আবিষ্কাৰ কৰা হয়।এই উদ্যান খনৰ পৰ্বত বোৰ উত্তৰ আমেৰিকাৰ সকলোতকৈ ওখ পৰ্বত শৃংগ। ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আৰু জন্তু দেখিবলৈ পোৱা যায় ; পঞ্চম ৰাষ্ট্ৰীয় উদ্যান খন হ'ল Kruger National Park : এই উদ্যান খন ১৯২৬ চনত আফ্ৰিকাত আবিষ্কাৰ কৰা হয়।ইয়াৰ পৰিসীমা কমেও ৭৫২৩ বৰ্গ কি:মি: জোৰা।এই উদ্যান খনৰ বিশেষত্ব এইটোৱেই যে ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। কমেও ৫০০ৰ ওচৰ ওচৰি প্ৰজাতিৰ চৰাই আছে।

ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান খন হৈছে Manu National Park : এই উদ্যান খন ১৯৭৩ চনত পেৰুত আবিষ্কাৰ কৰা হৈছিল আৰু ইয়াৰ পৰিসীমা হৈছে ৬৬২৭ বৰ্গ কি:মি: । এই বৰ্ষাৰণ্য খন অসংখ্য বন্য জীৱৰ আবাস স্থলী বুলি কব পাৰি।

সপ্তম ৰাষ্ট্ৰীয় উদ্যান খন হৈছে Death Valley National Park: এই উদ্যান খন ১৯৯৪ত USA ৰ কেলিফ'ৰ্নিয়াত আবিষ্কাৰ কৰা হৈছিল। ইয়াৰ পৰিসীমা হৈছে ৫২৬২ কি:মি: । এই উদ্যান খন সকলোতকৈ গৰম আৰু শুকান উদ্যান। ইয়াৰ তাপমাত্ৰাই বিশ্ব অভিলেখ গঢ়িছে । ইয়াৰ বতাহ কমেই ১৩৪ ডিগ্ৰী ফাৰেনহাইট পৰ্য্যন্ত হয় আৰু পৃথিৱীৰ ভিতৰতে সকলোতকৈ গৰম ঠাই হিচাপে স্থান লাভ কৰিছে।

অষ্টম ৰাষ্ট্ৰীয় উদ্যান খন হৈছে Galapagos National Park: এই উদ্যান খন ১৯৫৯ত ইকুয়েডৰ আবিষ্কাৰ কৰা হৈছিল।ইয়াৰ পৰিসীমা ৩০৮৭ বৰ্গ কি:মি: ।এই উদ্যান খন এটা দ্বীপত অৱস্থিত ইয়াত বিভিন্ন প্ৰকাৰৰ জীৱ জন্তুৱে বসবাস কৰে। 

এয়েই হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কেইখন মানৰ বৰ্ণনা। সকলো মানুহেই প্ৰকৃতি প্ৰেমী আৰু আমি সকলোৱেই সদায় এক নতুনত্বৰ সন্ধানত থাকোঁ আৰু নতুন নতুন বস্তু আবিষ্কাৰ কৰি থাকিব বিচাৰোঁ।

Post a Comment

Previous Post Next Post

People Like