অনলাইন বিক্ৰীৰ অভিলেখত এইবাৰ "ছাই" !
কোনো বস্তুকে অৱহেলা কৰা উচিত নহয় " সৰুৰে পৰা শুনি অহা এই উপদেশ, আজি আখৰে আখৰে প্ৰতিফলিত হ'ল ।
বৰ্তমান অনলাইন বজাৰখনে সমগ্র বিশ্বকে সাঙুৰি লৈছে । অনলাইন বজাৰখন ইমান সহজলভ্য যে ঘৰত বহিয়েই আমি আমাৰ লাগতিয়াল বস্তুবোৰ ক্ৰয় কৰিব পাৰো। কিন্তু আপুনি জানেনে অনলাইনত এনে কিছুমান বস্তু বিক্রি হয়, যাৰ কল্পনা আমি কৰিব নোৱাৰো । আপুনি জানি আচৰিত হ'ব যে অনলাইনত এনে এটা বস্তুৰ বিক্রী আৰম্ভ হৈছে যিটো আমি কেতিয়াও বিক্রীযোগ্য বুলি গণ্যই কৰা নাছিলো। তেন্তে আহঁকচোন আমি জানি লওঁ সেই বস্তুটোনো কি।
More News :-
এই গাওঁখন গোটেই বছৰটো অন্ধকাৰময় হৈ থাকে
অনলাইন যোগে বিক্রী হবলৈ ধৰা সেই বস্তুটোৰ নাম হৈছে - "ছাই" ! হয় আপোনি ঠিক শুনিছে । কাঠ জ্বলোৱাৰ ফলত উৎপত্তি হোৱা ছাই, যাক আমি অদৰকাৰী বুলি গণ্য কৰিছিলো। সেই ছাইয়ে বৰ্তমান বিশ্বৰ অনলাইন বজাৰত স্থান দখল কৰিছে আৰু এক অভুতপূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ আগশাৰীৰ অনলাইন ব্যাবসায়িক অনুষ্ঠান যেনে :- Amazon, Flipkart আদিতো ছাইৰ বিক্রী আৰম্ভ হৈছে।
অনলাইন ছাইৰ বিক্রীয়ে ভৱিষ্যতে এনেধৰণৰ বস্তুসমূহৰ বিক্রীৰ হোৱাৰ ক্ষেত্রত এক সম্ভাবনাৰ সৃষ্টি কৰিছে । যাৰ ফলত উঠি অহা যুৱক যুৱতী সকলৰ বাবে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ এক নতুন দিশৰ সূচনা হ'ব।

