অদ্ভুত, অবিশ্বাস্য আৰু অকল্পনীয় পৃথিৱীৰ ৫ খন গাওঁ। "
আমি যদিও একেখন পৃথিৱীতে বাস কৰো, কিন্তু ইয়াৰ পৰিসৰ ইমান বৃহৎ যে ইয়াৰ সকলো বিষয় ঢুকি পোৱাটো সম্ভৱ নহয়। এই পৃথিৱীতে সমাগম ঘটিছে কিছুমান বিচিত্র তথা অকল্পনীয় স্থানৰ, যাৰ উপস্থিতিয়ে ইয়াক এক অলৌকিক গ্রহলৈ ৰূপান্তৰ কৰিছে। আজি আমি জানিম আমাৰ পৃথিবীৰ ৫ খন ব্যতিক্রমী গাঁৱৰ বিষয়ে যাৰ বিষয়ে আমি হয়তো ইয়াৰ আগতে কল্পনা কৰিব পৰা নাছিলো।
১) ভিগনিলা গাওঁ , ইটালি :- এই গাওঁখন ইটালিৰ এখন গভীৰ উপত্যকাত অৱস্থিত, যাৰ ফলত ইয়াত সূৰ্যৰ পোহৰ নপৰে আৰু গাওঁখন সকলো সময়তে অন্ধকাৰময় হৈ থাকে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অভিযন্তা আৰু স্থাপত্যবিদ সকলকৰ দ্বাৰা ইয়াত এখন বৃহৎ আকাৰৰ দাপোন সংলগ্ন কৰা হৈছে, ইয়াৰ জৰিয়তে সূৰ্য্যৰ ৰশ্মি দাপোনখনত প্ৰতিফলিত হৈ গাওঁখনত পোহৰ বিলায়। দাপোনখন এনেদৰে সংলগ্ন কৰা হৈছে যে সূৰ্য্যৰ গতিৰ লগে লগে দপোন খনৰো গতি সলনি হয় আৰু এই ব্যৱস্থাৰ বাবে সম্পূর্ণ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে ।
২) গিয়েথ্ৰুন গাওঁ, নেদাৰলেণ্ড :- এই গাওঁখনৰ বিশেষত্ব হৈছে যে, এই গাওঁখনত চলাচল কৰিবলৈ আলিবাট নাই। গাওঁবাসীয়ে যাতায়াতৰ বাবে নাওঁ অথবা সেতুঁৰ ব্যৱহাৰ কৰে। তাৰোপৰি গাওঁখন প্ৰদূষণমুক্ত আৰু সৌন্দর্যৰ ক্ষেত্রতো এক অভিলেখ স্থাপন কৰিছে। গাওঁখনক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ গাওঁবাসীয়ে নিজৰ যানবাহন সমূহ গাৱঁৰ বাহিৰতে ৰখাৰ ব্যৱস্থা কৰিছে ।
৩) মিৰেকেল গাওঁ , ফ্লৰিডা :- এই গাওঁখনৰ আচৰিত কথাটো হ'ল যে, এই গাওঁখনত কেৱল ২০০ জন ব্যক্তিয়েহে বাস কৰে আৰু প্ৰত্যেকজন হৈছে একো একোজন ধৰ্ষণকাৰী। যিহেতু ফ্লৰিডা চহৰত ধৰ্ষণকাৰীৰ বিৰুদ্ধে এক কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, সেয়েহে তেওঁলোকক সমাজৰ পৰা দূৰত এই গাওঁখনত ৰখা হয়। ইয়াত তেওঁলোকে নিজৰ কামসমূহ নিজে কৰিব দিয়াৰ লগতে কিছু আনুষাঙ্গিক কামো কৰিব দিয়া হয়, যাৰ দ্বাৰা তেওঁলোকক আত্মশুদ্ধিৰ এক সুযোগ প্ৰদান কৰা হয়।
৪) কুবেৰ পেডী গাওঁ, অষ্ট্ৰেলিয়া :- এই গাওঁখনৰ ভুমিপৃষ্ঠ সমতল যদিও ইয়াৰ অন্তঃ ভাগত আছে প্ৰায় ১৫০০ খন মানুহৰ বাসস্থান। এই ব্যৱস্থাৰ আৰম্ভ হৈছিল ১৯১৫ চনৰ পৰা। সেই সময়ত এই গাওঁখনৰ ভু-পৃষ্ঠৰ অন্তঃ ভাগত পোৱা গৈছিল কিছুমান মূল্যবান ধাতু, যাৰ ফলস্বৰূপে ইয়াত আৰম্ভ হৈছিল খনন কাৰ্য্যৰ। খনন কাৰ্য্যৰ শেষত অন্তঃ ভাগত গঢ়ি উঠা খালী ঠাই সমূহত মানুহে ঘৰ সাজি বসবাস কৰিবলৈ লয়। এই ঘৰ সমূহত সাধাৰণ ঘৰৰ দৰেই সকলো সা- সুবিধা উপলব্ধ আছে। বৰ্তমান এই ঘৰ সমূহে বৰ্তমান সকলোৰে দৃষ্টি আকর্ষণ কৰিছে, যাৰ ফলত ইয়াত হলিউডৰ কিছু চলচিত্ৰৰ ছবি সংগ্রহৰ কামো ইয়াত সম্পন্ন কৰা হৈছে ।
৫) বাওনা গাওঁ, চীন :- সাধাৰণতে প্ৰতি ২০০০ জন মানুহৰ ভিতৰত এজন বাওনা মানুহ দেখিবলৈ পোৱা যায়। কিন্তু চীনৰ য়াং চি নামৰ এই গাওঁখনৰ ক্ষেত্রত ইয়াৰ সম্পূর্ণ বিপৰীত । কিয়নো ইয়াত বাস কৰা প্ৰায় ৫০% ব্যক্তি বাওনা। সেয়েহে এই ঠাইখনক বাওনা গাওঁ বুলি কোৱা হয়। ইয়াত থকা ব্যক্তিসকলৰ সৰ্ব্বোচ্চ উচ্চতা হৈছে ৩ ফুট ১০ ইঞ্চি আৰু সৰ্বনিম্ন উচ্চতা হৈছে ২ ফুট ১০ ইঞ্চি। এই অদ্ভুত গাওঁখনৰ আৰঁত থকা ৰহস্য সন্ধান বিচাৰি বিজ্ঞানীসকলে বহু পৰীক্ষা নিৰীক্ষা চালইছেে যদিও তেওঁলোকে বৰ্তমানেও কোনো ফলাফলত উপনীত হ'ব পৰা নাই।
উপৰোক্ত ৫ খন গাঁৱৰ বাহিৰে পৃথিৱীত হয়তো আৰু এনে বহু ব্যতিক্রমী ঠাই আছে, যাৰ বিষয়ে হয়তো আমি জ্ঞাত নহয় । এই ঠাই সমূহে আমাৰ পৃথিৱীখনক অধিক সৌন্দর্য প্ৰদান কৰিছে আৰু এই ঠাইসমূহৰ বিষয়ে জানি এক সুকিয়া আনন্দ লাভ কৰিব পাৰি।