বিশালকায় প্ৰভূভক্তৰ ৰোমাঞ্চকৰ অধ্যায়

 


কুকুৰ মানৱ সভ্যতাৰ এক বিশ্বাসী অংগ হিচাপে চিৰপৰিচিত। বিশ্বাসী হোৱাৰ ওপৰিও একাংশৰ আভিজাত্যৰ প্ৰতীক এই কুকুৰ। আন জীৱ জন্তুতকৈ অধিক সংবেদনশীল কুকুৰে সম্পত্তিৰ সুৰক্ষা দিয়াৰ লগতে  প্ৰশাসনিক দিশতো উল্লেখযোগ্য ভূমিকা বহন কৰি আহিছে। আমি দৈনন্দিন জীৱনত দেখা কুকুৰৰ  এনে কিছুমান প্ৰজাতি আছে,  যাৰ বিশাল আকাৰে আমাক আচৰিত কৰি তোলে। 


   আহক আজি আমি এনে ১০বিধ মোহনীয় অথচ বিশালকায় কুকুৰৰ বিষয়ে জানো, যাৰ আকাৰে আমাক আচৰিত কৰি তুলিব:


1.ইংলিছ মাস্তিফ্ (English Mastiff)

 সাধাৰণতে আমি দেখা কুকুৰ বোৰ কিমান ডাঙৰ?  ৫৬-৬০ ছে:মি:? কিন্তু এইখন পৃথিৱীত এনে এক প্ৰজাতিৰ কুকুৰ আছে যাৰ উচ্চতা প্ৰায় ২৭ ৰ পৰা ৩৫ ইঞ্চি উচ্চতা আৰু ওজন  ২০০ৰ পৰা ২৩০ পাউণ্ড ( ~৪০০ kg ) ।  এইবিধ কুকুৰে নিজৰ বিশাল আকৃতিৰ বাবে বিশ্বত এক বিশেষ স্হান লাভ কৰিছে। অতীজত যুদ্ধত ব্যৱহাৰ হোৱা এইবিধ কুকুৰ অত্যন্ত পৰাক্ৰমী আৰু বুদ্ধিমান । সেয়ে আজিও  আৰক্ষী বিভাগত ইয়াৰ  সমাদৰ দেখা যায়।

2. আইৰিছ উল্ফহাণ্ড (Irish Wolfhound)

পৃথিৱীৰ অন্য এক বিশাল আকৃতিৰ এই বিধ কুকুৰৰ উচ্চতা প্ৰায় ৩২ ইঞ্চি ।  উল্ফহাণ্ড নামেৰে পৰিচিত এই বিধ কুকুৰ অতীতত  কুকুৰনেচীয়া বাঘৰ চিকাৰত ব্যৱহাৰ হোৱা বুলি জনা যায়। আইৰিচ উল্ফহাণ্ড  কুকুৰবিধ যুদ্ধত ৰথ বা ঘোৰাৰ পৰা শত্ৰু আক্ৰমণ কৰি পৰাজিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

3. চেইণ্ট বেয়াৰনাৰ্ড (Saint Bernard)

প্ৰায় ২৮ৰ পৰা ৩০ ইঞ্চি উচ্চতাৰ এই বিশালাকাৰ কুকুৰ বিধৰ নামৰ লগত এক ৰোমাণ্চকৰ কাহিনী জড়িত হৈ আছে। সেয়েহে চেইণ্ট(সাধু) নামতো বৰ আচহুৱা বিধৰ । প্ৰথমে চুইডেনৰ গিৰ্জাঘৰত পোহা যোৱা এইবিধ কুকুৰৰ মৰমীয়াল স্ৱভাৱ আৰু পৰোপকাৰী গুণৰ বাবে ইয়াক সাধু(saint) নাম দিয়া হৈছিল বুলি জনা যায় । বৰ্তমান সময়ত  এইবিধ কুকুৰ  বিভিন্ন উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হয় । 


4. নিউফাউণ্ডলেন্দ(Newfoundland)

 বিশালকায় কুকুৰৰ অন্য এক প্ৰজাতি এইবিধ কুকুৰৰ উচ্চতা প্ৰায় ২৭ৰ পৰা ২৯ ইঞ্চি । এইবিধ কুকুৰ সাঁতোৰৰ বাবে জনাজাত ।  ভৰিৰ পতা সমূহ সংলগ্ন হোৱা বাবে   ই পানীত অনায়াসে সাঁতুৰিব পাৰে । বিভিন্ন জলক্ৰিয়া কৰাৰ উপৰিও  লাইফগাৰ্দ হিচাপেও কুকুৰ বিধৰ এটা বিষেশ মান আছে । 


5.ডগ্ ডে বৰদেয়াক্স (Dogue de Bordeaux)

ফ্ৰেন্স মাস্তিফ্ হিচাপে জনাযাত এই কুকুৰ বিধৰ উচ্চতা প্ৰায়  ২৪ৰ পৰা ২৬ ইঞ্চি  । মুখৰ চালত থকা  ভাজ বোৰে এইবিধ কুকুৰৰ সৌন্দৰ্যতএক বিশেষত্ব প্ৰদান কৰিছে। এইবিধ কুকুৰ  অতীজৰ মল'চাচ্ প্ৰজাতিৰ বংশধৰ । ফ্ৰান্সত এই কুকুৰ বিধ চিকাৰ সুৰক্ষ্যা ৰ কামত ব্যৱহাৰ কৰা হয় ।





6.লিয়নবাৰগাৰ ( Leonberger)

চেইণ্ট বাৰনাৰ্দ আৰু নিউফাউণ্ডলেণ্ডৰ সংমিশ্ৰণত জন্ম হোৱা এইবিধ কুকুৰ সঁচাকৈয়ে বৰ মৰমীয়াল। পৃথিৱীৰ বিশালকায় কুকুৰ সমূহৰ ভিতৰত এইবিধ কুকুৰ অন্যতম। 

 

৭/এনাটোলিয়ান  চিফাৰ্ড ( anatolian shepherd)

   32 ইঞ্চিৰ  এইবিধ কুকুৰৰ আকাৰ অন্য বিশালকায় কুকুৰ তুলনাত কিছু বেছি। তুৰ্কীয় মূলৰ এইবিধ কুকুৰ ১৯৯৪ চনৰ পৰা চিতা বাঘ সংৰক্ষণৰ উদ্দেশ্যে নামিবিয়াত ব্যৱহৃত হৈ আহিছে। প্ৰায় ২০০০ বছৰ পুৰণি এনাটোলিয়ান চিফাৰ্ড বিশ্বৰ বিশালকায় কুকুৰ বোৰৰ ভিতৰত অন্যতম।

  


৮/ নিয়াপলিটান মাস্তিফ (neapolitan mastiff)

        ইটালী মূলৰ এই বিধ কুকুৰ বিশালকায় হোৱাৰ উপৰিও অতিশয় বুদ্ধিয়ক।বিশেষকৈ দক্ষিণ ইটালীত গৃহ সুৰক্ষাৰ  ক্ষেত্ৰত প্ৰথম পছন্দৰ এইবিধ নিয়াপলিটান মাস্তিফৰ দৈহিক গঠনো আৰ্কষণীয়।


৯/ গ্ৰেট ডেন (great den)

          অমায়িক ব্যৱহাৰ তথা বিশালকায় আকাৰৰ বাবে জনপ্ৰিয় এইবিধ কুকুৰ  পায় ৩০-৩৪ ইঞ্চি ওখ হোৱা দেখা যায়।গ্ৰটডেন সমূহ ইংলিচ মাস্তিফ আৰু ওল্ফহউণ্ড ৰ সংযোজন বুলি জনা যায়।


১০/কেউকেচিয়ান চিফাৰ্ড (keynesian shepherd)

            ৩০ইঞ্চিৰ উচ্চতাৰ এইবিধ কুকুৰ বিশালকায় কুকুৰ সমূহৰ ভিতৰত অন্যতম।অত্যন্ত প্ৰভূভক্ত এইবিধ কুকুৰ সাধাৰণতে সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱহৃত হয়। কিন্তু এই কুকুৰ সমূহক প্ৰশিক্ষণ দিয়াটো প্ৰয়োজনীয়।


সচাকৈয়ে , বৰ আচৰিত অথচ মৰমিয়াল এই কুকুৰ বোৰৰ বিষয়ে জনাবলৈ পাই আমি অতিকৈ আনন্দিত হৈছো ।

•প্ৰবাল কৌশিক

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.