নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই সক্ৰিয় হৈ পৰিল নিৰ্বাচন আয়োগ : মাৰ্ঘেৰিটাত মহকুমা প্ৰশাসনে এফালৰ পৰা আঁতৰাইছে ৰাজনৈতিক নেতাৰ বেনাৰ পষ্টাৰ
মাৰ্ঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰী ২৭ ফেব্ৰুৱাৰী - ৰাজ্যত ঘোষনা কৰা হল নিৰ্বাচনৰ দিন ৷৷ অহা ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিলৰ লৈকে তিনিটা পৰ্যায়ত অনুষ্ঠিত হব নিৰ্বাচন ৷৷ আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই এতিয়া সক্ৰিয়তা অৱলম্বন কৰিছে নিৰ্বাচনী আয়োগে ৷ ৰাজ্যৰ বিভিন্ন স্থানত ৰাজনৈতিক দলৰ বেনাৰ পষ্টাৰ সমূহ আঁতৰাই দিছে নিৰ্বাচনী আয়োগে ৷ ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটা ৷৷ অসম বিধান সভা নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ লগতে নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে ৰাজ্যখনৰ অন্যান সমষ্টিৰ লগতে মাৰ্ঘেৰিটাটো মহকুমা প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷৷ মহকুমাটোৰ বিভিন্ন স্থানত ৰাজনৈতিক দল সমূহে লগোৱা বেনাৰ পষ্টাৰ সমূহ প্ৰশাসনৰ তৰফৰ পৰা আঁতৰাই দিয়া হৈছে ৷ যি সমূহ চৰকাৰী প্ৰতিষ্ঠানৰ দেৱালত ৰাজনৈতিক দল সমূহে প্ৰচাৰৰ অৰ্থে বিভিন্ন ধৰনৰ শ্লগান তথা দলীয় প্ৰতিক সমূহ অঙ্কন কৰিছিল সেইসমূহ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে ইতিমধ্যে মচি পেলোৱাৰ ব্যৱস্থা কৰিছে ৷৷ মহকুমা তথ্য আৰু প্ৰচাৰ বিভাগৰ তৰফৰ পৰা জানিব পৰা মতে ব্যক্তিগত মালিকানাধিন গৃহ দেৱাল আদিত নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় যি কোনো লিখনি মচি পেলোৱাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে ৷৷ উজনি অসমৰ অতি স্পৰ্শকাতৰ বিধানসভা সমষ্টি হিচাপে ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত অনুস্থিত হব লগিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যাতে সুকলমে অনুস্থিত কৰিব পাৰি সেই উদ্দেশ্যৰে মহকুমা প্ৰশাসন আৰু স্থানীয় সংবাদ কৰ্মী সকলৰ মাজত আজি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যলয়ৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ন সভা অনুস্থিত কৰা হয় ৷ আগন্তোক সময়ছোৱাত সমষ্টিটোত হব পৰা যি কোনো অপ্ৰিতিকৰ পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে মহকুমা প্ৰশাসনে স্থানীয় সংবাদ কৰ্মী সকলক সহযোগীতা প্ৰদান কৰিবৰ বাবে আহবান জনাই ৷৷ সভাখনিত মাৰ্ঘেৰিটা সাংবাদিক সন্থা, প্ৰেছ ক্লাৱ, আপকু আৰু মাৰ্ঘেৰিটাৰ স্ব:তন্ত্ৰ সাংবাদিক সকলে অংগ্ৰহন কৰে ৷৷