দিনটোৰ ৫ টা বিশেষ খবৰ


1. বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ যৌথ উদ্যোগত কাজিৰঙাৰ পাণবাৰীত কাজিৰঙা ডিস্কভাৰী পাৰ্কৰ নিৰ্মাণকাৰ্য চলি আছে। অচিৰেই ই পৰ্যটকৰ বাবে মুকলি হ'ব।


২)তিনিচুকীয়াৰ কাকপথাৰৰ ছোট ডিৰাকত এক ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সঞ্জীম শইকীয়া নামৰ এজন লোক।


৩)ৰাজ্যত কভিড আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু। কভিড আক্ৰান্ত হৈ মৃত্যু হয় ডিগবৈ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ জেনেৰেল মেনেজাৰ মৃণাল কুমাৰ শৰ্মাৰ।   


৪)নাজিৰাত অগ্নিকাণ্ডৰ ঘটনা। নাজিৰাৰ গেলেকী তিনিআলিত "অসম গ্ৰামীণ বিকাশ বেংক"ৰ তলত শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।


৫)উৰিষ্যাৰ ময়ৰভঞ্জ জিলাৰ চিমিলিপাল ৰাষ্ট্ৰীয় উদ্যানত অগ্নিকাণ্ডৰ ঘটনা। ১০ দিন ধৰি নিৰ্বাপিত হোৱা নাই জুই। এই বিষয়ে উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়ে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰি বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.