অসাধু ব্যৱসায়ীক ধৰিবলৈ গ্ৰাহকৰ ৰূপত দোকানলৈ আহিল দণ্ডাধীশ - তাৰ পিছত !

Punishment for taking the shop as a customer to do dishonest business - after that!


অসাধু ব্যৱসায়ীক ধৰিবলৈ গ্ৰাহকৰ ৰূপত দোকানলৈ আহিল দণ্ডাধীশ - তাৰ পিছত !

আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা এটা শব্দ হৈছে "প্ৰশাসন"। ই হৈছে আমাক ন্যায় প্ৰদান কৰাৰ এক মাধ্যম। ৰাজপথত যান - বাহন চলাচল কৰাৰ নীতি নিয়মৰ  পৰা আৰম্ভ কৰি সমাজৰ সকলো আইন শৃঙ্খলা মানি চলোৱাটো হৈছে প্ৰশাসনৰ দায়িত্ব। গতিকে আমি ক'ব  পাৰো যে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে আমি প্ৰশাসনৰ ওপৰত নিৰ্ভৰশীল । এই প্ৰশাসন ব্যৱস্থাটো চলাই  নিয়াত আৰক্ষী তথা  প্ৰশাসনিক বিষয়া সকলে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আজি আমি আলোচনা কৰিম এনে এজন প্ৰশাসনিক বিষয়াৰ যাৰ ব্যক্তিত্বই আমাৰ প্ৰশাসনৰ প্ৰতি থকা বিশ্বাস আৰু অধিক সুদৃঢ় কৰি তুলিব। 

২০২০ চনত কৰোনা মহামাৰীয়ে সমগ্র বিশ্বকে আগুৰি ধৰিলে আৰু ইয়াৰ ফলত হোৱা লকডাউনে সকলোকে অৰ্থনৈতিক ভাৱে জৰুলা কৰি  থৈ গ'ল। কিন্তু সেই দুৰ্ভিক্ষৰ সময়তো এনে কিছু দুষ্ট চক্র আছিল, যিয়ে সমাজৰ প্ৰতি সৎ চিন্তাৰ পৰিবৰ্তে নিজৰ ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰি মানুহক ঠগিবলৈ আৰম্ভ কৰিছিল। 

ইয়াৰ এক জলন্ত উদাহৰণ হৈছে উত্তৰ প্ৰদেশৰ  গুণদা জিলাৰ কিছু দুষ্ট ব্যৱসায়। তেওঁলোকে সেই সময়ত অধিক মুনাফা অর্জন কৰাৰ বাবে চৰকাৰে ধাৰ্য্য কৰি দিয়া মূল্যতকৈ অধিক মূল্যত বস্তু বিক্রি কৰিবলৈ আৰম্ভ কৰিছিল আৰু এই অত্যাচাৰৰ উচিত প্ৰত্যুত্তৰ দিবলৈ উলাই আহিছিল উত্তৰ প্ৰদেশৰ  গুণদা জিলাৰ জিলা দণ্ডাধীশ বন্দনা ত্ৰিপাঠী। কিন্তু এই কাম ইমান সহজ নাছিল, দুষ্ট চক্রটোক ধৰা পেলাবলৈ তেওঁ সাধাৰণ গ্ৰাহকৰ ৰূপত দোকান সমূহত বস্তু ক্ৰয় কৰিবলৈ যাব লগা হৈছিল আৰু তেনেকৈ ধৰা পৰিছিল গ্ৰাহকৰ পৰা অন্যায়ভাবে ধন আদায় কৰা দুষ্ট চক্রটো । তেওঁৰ এই দুঃসাহসিক কাৰ্য্যৰ কথা সমগ্র ভাৰতত বিয়পি পৰিল আৰু এনেদৰেই বন্দনা ত্ৰিপাঠী হৈ পৰিল সকলোৰে আদৰ্শ। 

আমাৰ প্ৰশাসনত এনে সৎ আৰু সাহসী বিষয়া থকাৰ বাবেই হয়তো আমি নিৰ্ভয়ে থাকিব পাৰিছে। আমাৰ সমাজখন স্বচ্ছ আৰু নিকা কৰি ৰক্ষাত তেওঁ লোকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.