এই প্ৰশ্নটো চাগে কেতিয়াবা আপোনাৰ মনতো উদয় হৈছে যে মবাইল বা কম্পিউটাৰৰ কী-বৰ্ডত বৰ্ণ (Key) বোৰ ক্ৰমান্বয়ে যেনে ABCD আদিৰ দৰে নাথাকি উলট পালটকৈ কিয় থাকে ?
তেন্তে, আমি আজি এই কৌতূহলী প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো।
এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ আমি সেই সময়টোলৈ উভতি যাব লাগিব যেতিয়া পোন প্ৰথমবাৰৰ বাবে টাইপ ৰাইটাৰ আৱিষ্কাৰ হৈছিল। এনে টাইপ ৰাইটাৰ যন্ত্ৰসমূহত ইংৰাজী বৰ্ণমালা ক্ৰমান্বয়ে(Alphabetically) লিখা হৈছিল।
কিন্তু এনেদৰে থাকোতে মানুহে ইমানেই দ্ৰুতগতিত টাইপ কৰিছিল যে কী (Key) সমূহৰ বিভিন্ন বিজুতিয়ে দেখা দিছিল।
সেয়ে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈকে পৰৱৰ্তী সংস্কৰণসমূহত টাইপ ৰাইটাৰত বৰ্ণবোৰ ক্ৰমবদ্ধ ৰূপত নিলিখি উলট পালটকৈ সজাই দিয়া হ'ল যাতে মানুহে কিছু লেহেম গতিত টাইপিং কৰে আৰু কী(Key) সমূহত বিজুতি আদিয়ে দেখা নিদিয়ে।

