বিশ্বৰ অদ্বিতীয় সমৰকলাবিদজনৰ ৯ টা বিশ্ব অভিলেখ
এজন সমৰকলাবিদ, এজন বিশ্বৰ অদ্বিতীয় সমৰকলাবিদ যি গঢ়ি থৈ গ'ল ৯ টা বিশ্ব অভিলেখ; আপুনি জানি আচৰিত হ'ব যে যিকেইটা অভিলেখ আজিলৈকে কোনেও ভংগ কৰিব পৰা নাই।সচাকৈ, এইখন পৃথিবীৱ এনে শক্তিসম্পন্ন সৃষ্টি সৃষ্টিকৰ্তাই কৰিছে যি অতুলনীয়।
সেয়া ব্ৰুচলী, যাৰ নামেই প্ৰতিজন সমৰকলাবিদৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। আমেৰিকাৰ কেলিফোৰ্নিয়াৰ চানফ্ৰান্চিচকো চহৰত ১৯৪০ চনত ব্ৰুচলিৰ জন্ম হৈছিল।পিছত তেও চীনলৈ গৈ সমৰকলা শিকিছিল।তেও এজন সমৰকলাবিদেই নাছিল, তেও এজন অভিনেতা, চলচিত্ৰ নিৰ্মাতা আৰু দাৰ্শনিক ও
আছিল। তেও অভিনয় কৰা চলচিত্ৰ বোৰে অভিলেখো গঢ়িছিল।
এই সমৰকলাবিদজনে তেওৰ শক্তিক এনেদৰে প্ৰদৰ্শন কৰিব পাৰিছিল ,যি ৯টাকৈ বিশ্ব অভিলেখ গঢ়িব পাৰিছিল। সেই অভিলেখকেইটা আজিলৈকে কোনো সমৰকলাবিদে ভংগ কৰিবপৰা নাই।
এতিয়া সেই অভিলেখকেইটা জানো আহক-
১। ব্ৰুচলীয়ে একেৰাহে পুশ্ব-আপ মাৰিব পাৰিছিল দুখন হাতেৰে ১৫০০ টা, এখন হাতেৰে ৪০০টা, এখন হাতৰ দুটা আঙুলিৰে ২০০টা আৰু এখন হাতৰ বুঢ়া আঙুলিটোৰে ১০০ টা মাৰিব পাৰিছিল।
২। তেও এক চেকেণ্ডত ৬ টা কিক্ আৰু ৯ টা ঘোচা মাৰিব পাৰিছিল।তেও step-side kick(signature move) মাৰি ২০০পাউণ্ড ওজনৰ এজন লোকক ২০ মিটাৰ আতৰৰ এটা ডুবিত পেলাইছিল।
৩। তেও এটা ক'কা ক'লাৰ নোখোলা টেমা আঙুলিৰে সহজে ফুটাব পাৰিছিল।
৪।ব্ৰুচলীয়ে ১৩৫ কেজি ওজনৰ এটা থৈলা বস্তা কিকেৰে ৫ মিটাৰ ওপৰলৈ মাৰিব পাৰিছিল।
৫।তেও ৩৫ কেজি ওজনৰ এডাল বাৰ্বেল দাঙি হাতখন সন্মূখলৈ আগবঢ়াই একেৰাহে ২০ চেকেণ্ড ৰৈ থাকিব পাৰিছিল।
৬। তেও ৫৬ কেজি ওজনৰ বাৰ্বেল ফ্লেট দাঙি এক মিনিট একেৰাহে ৰৈ থাকিব পাৰিছিল।
৭। তেওৰ নানচাকোৰ এটা কোবৰ ১৬০০ পাউণ্ডৰ ক্ষমতা আছিল।
৮।তেও ৪৫ কেজি ওজনৰ বালিৰ বেগ এটা চাইদ্ কিক্ মাৰি পেলাই দিব পাৰিছিল।
৯। এই সমৰকলাবিদজনে মাত্ৰ এক ইঞ্চি আতৰৰপৰা এটা ঘোচা মাৰি ১৫০ পাউণ্ড ওজনৰ এজন মানুহক ৫/৬ মিটাৰ আতৰত পেলাই দিব পাৰিছিল। এই ঘোচাটো one-inch punch নামেৰে বিখ্যাত।
সচাই আচৰিতধৰণৰ আছিল ব্ৰুচলীৰ শক্তিপ্ৰদৰ্শন।পিছে তেও অকালতে ৰহস্যজনকভাৱে মৃত্য হৈছিল।হংকংৰ Kowlong Tong নামে ঠাইত ১৯৭৩ চনৰ ২০ জুলাইত এই মহান সমৰকলাবিদজনে প্ৰতিজন সমৰকলাবিদৰ দুগাল চকুলোৰে সেমাকাই চিৰদিনলৈ বিদায় লয়।

