এই চাহকাপৰ দাম ১ মিলিয়ন ডলাৰৰো অধিক
এই পৃথিৱীত মানুহেই জীৱশ্ৰেষ্ঠ।মানুহে নোৱাৰা একোৱেই নাই।আটাইতকৈ ভাল মানুহেই কৰিব পাৰে , কিন্তু আটাইতকৈ বেয়াও কৰিব পাৰে মানুহেই।মানুহৰ হাততেই সকলো বশীভূত হয়।
এইখন পৃথিৱীত এসাজ ভাতৰ কাৰণে হাহাকাৰ কৰা মানুহো আছে আৰু ভালৰো ভাল বা দামীৰো দামী উচ্চ গুণসম্পন্ন খাদ্য খোৱা মানুহো আছে।সেই উচ্চ গুণসম্পন্ন আৰু দামী খাদ্যবোৰৰ সৃষ্টিকৰ্তাও মানুহেই।
আজি এনে খাদ্য কিছুমানৰ বিষয়ে আলোকপাত কৰিব খুজিছো যাৰ নাম বিশ্বৰ আটাইতকৈ দামী খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত।
এতিয়া তেনে খাদ্যবোৰৰ মাজত বিলীন হও আহক-
১। Ruby Roman Grapes
এইবিধ আকৌ কেনে ধৰণৰ আঙুৰ? হয়, এইবিধ আঙুৰৰ স্থান উচ্চতৰ যাৰ দামেই হওক কিম্বা গুণে হওক সকলোৰে দৃষ্টিত বিশেষ।ই জাপানৰ এক উৎপাদন যি জাপানৰ উচ্চতম গুণবিশিষ্ট এক আঙুৰ। ২০১৮ চনতেই ২৪ টাৰ এটা থোকত বিক্ৰী হৈছিল ১১,১৩৯ ডলাৰত।প্ৰকৃতিৰ কি যে সৃষ্টি!
২। Da Hong Pao Tea
এইবিধ চাহ চীনৰ ভূমিত জন্মে। চীনৰ Wuyi পৰ্বতৰ টান শিলাময় মাটিত এইবিধ চাহৰ উৎপাদন হয়।ইয়াৰ সোৱাদেই ইয়াক এক উচ্চ স্থানত ৰাখিছে।সচাকৈ এই চাহ অত্যন্ত সোৱাদযুক্ত যাক এবাৰ গ্ৰহণ কৰাৰ পাছত আপোনাৰ জিভাৰ পানী পৰাটো নিশ্চিত। পিছে এই চাহবিধৰ দামো কম নহয়।এই চাহবিধৰ দাম প্ৰতি কেজিত ১.১১ মিলিয়ন ডলাৰ।
৩। Yubary King Melon
এইবিধ এবিধ জাপানৰ ভূমিত জন্মা দুই ভিন্ন তৰমুজৰ বৰ্ণসংকৰ তৰমুজ যাৰ সোৱাদে আপোনাক কৰিব বলিয়া।ই অত্যন্ত ৰসাল আৰু মিঠা । জাপানত ইয়াক এক উদাৰচিত্ত উপহাৰ বুলি গণ্য কৰা হয়।এইবিধ তৰমুজ যোৰা হিচাপে বিক্ৰী কৰা হয় যাৰ ওজন ১ কেজিৰো বেছি।পিচে এই তৰমুজৰ যোৰাটোৰ দামে আপোনাক আচৰিত কৰি তুলিব।২০১৭ চনতেই ইয়াক ২২,২২৯ ডলাৰত নিলামত দিয়া হৈছিল।
৪। Atlantic Bluefin Tuna
এইবিধ মাছৰ এক বিশেষ স্থান আছে বজাৰত।ইয়াৰ মঙহৰ বৰণ গোলাপী ৰঙা।ই এবিধ অত্যন্ত সোৱাদযুক্ত মাছ।পিছে ইয়াৰ দাম? ২০২০ বৰ্ষত টকিঅ'ৰ Toyoso fish market ত এইবিধ মাছৰ নিলাম হৈছিল ২৭৬ কেজিত ১.৮ মিলিয়ন ডলাৰত।
৫। Foie Gras
ই এবিধ অতি সুস্বাদু খাদ্য।এইবিধ খাদ্য পাতি হা৺হ বা ৰাজহা৺হৰ যকৃতৰপৰা বনোৱা। পিছে ইয়াৰ মূল্য জানো কম? ইয়াৰ মূল্য ই
আপোনাক আচৰিত কৰি তুলিব।২০১৬ চনতেই ২ পাউণ্ডৰ মূল্য আছিল ১৫০ ডলাৰ।
এয়াই হৈছে প্ৰকৃতিৰ বিশেষ সৃষ্টি যি দিছে মানুহৰ জীৱনত এক বিশেষ গতি।বিলাসিতাৰ ৰঙীন জগতত ৰঙীন সপোন দেখোতাই এনে খাদ্যৰ সোৱাদ লোৱাতো তেনেই সাধাৰণ যি সাধাৰণ লোকক দিয়ে চমক।

