এই গছডাল চুলে মানুহৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে : If you touch the tree you will die

 

If you touch the tree you will die

এই গছডাল চুলে মানুহৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে !

সেয়া প্ৰকৃতি, যাৰ সৌন্দৰ্য অতুলনীয়।প্ৰকৃতিয়ে জন্ম দিয়ে কবি, গীতিকাৰ, গল্পকাৰ, শিল্পী আৰু বহুতো। প্ৰকৃতিৰ মাজতেই প্ৰেমিক-প্ৰেমীকাই অন্তৰংগ আলাপ কৰি হৃদয়ৰ গভীৰতালৈ সোমাই এখন পৃথক অনুভৱৰ পৃথিৱীত প্ৰৱেশ কৰে।

পিছে এই প্ৰকৃতিতেই আছে ভয়াবহতা।প্ৰকৃতিত এনে কিছুমান উদ্ভিদৰ সৃষ্টি হৈছে যি আপোনাৰ প্ৰাণ বায়ু কাঢ়ি নিব।হয়, এয়াই প্ৰকৃতি যাৰ ৰহস্য ৰহস্য হৈয়েই থাকিব।

আজি আমি তেনে কিছুমান উদ্ভিদৰ বিষয়ে জানিম যি আমাক ভয়াবহতাৰ এক বিশেষ অনুভৱ দিব।

এতিয়া সেই বিশেষধৰণৰ গছকেইজোপা চিনো আহক-

১।  The Cerbera Odollam

এইবিধ উদ্ভিদ ভাৰতবৰ্ষ আৰু দক্ষিণ এচিয়াৰ অন্যান্য প্ৰান্তত পোৱা যায়।প্ৰাপ্ত তথ্য অনুসৰি ১৯৮৯ ৰপৰা ১৯৯৯ চনৰ ভিতৰত এই উদ্ভিদে ৫০০ ৰো অধিক লোকৰ প্ৰাণ লৈ বহুলোকৰ হৃদয় মাথো শূণ্য কৰি পেলাইছিল। এই উদ্ভিদত থকা চাৰবেৰিন নামৰ অধিবিষবিধে(toxin) মানুহৰ স্পন্দত প্ৰভাৱ পেলায় আৰু অৱশেষত মানুহক যমৰ দুৱাৰদলিলৈ পঠিয়ায়।

হয়, এয়াই ভয়াবহতাৰ চৰম পৰ্যায় ঢুকি পাব পৰা গছ। আচৰিত কথাটো হ'ল,

এই উদ্ভিদৰ ফলবিধ আন খাদ্যৰ লগত থাকিলে চিনিব নোৱাৰি।

২।  The Manchineel(মেনকিনীল)

এই গছবিধ দক্ষিন আমেৰিকা আৰু কেৰিবিয়ানত পোৱা যায়। এই গছবিধ ইমান বিষাক্ত যে চিনি পোৱা লোকে গছবিধৰপৰা বহুদূৰত থাকে।

ইয়াৰ ফলবিধক The little apple of death বুলি কোৱা হয়। এই ফলবিধে সকলোৰে।বুকু কপায়। কিন্তু কিয়? কালণটো হৈছে,ইয়াক মাত্ৰ এটা কামোৰ মাৰিলেই লগে লগেই মুখ আৰু ডিঙি ই সিজাই পেলোৱাৰ দৰে কৰে আৰু গিলি পেলালে মানুহ যমৰ আলহী হোৱাটো নিশ্চিত। পিছে অত্যন্ত 

ভয়ংকৰ কথাটো হ'ল, বৰষুণ পৰি থকাৰ সময়ত যদি কোনোবা এই গছজোপাৰ তলত থাকে , তেনেহ'লে লগে লগেই ই ছাল পুৰি ছালত পানীজোলাৰ সৃষ্টি কৰে আৰু ই তেতিয়া  অন্ধ কৰি পেলাব ও পাৰে।

৩। The Sandbox Tree

এইবিধ গছ আমেৰিকাত পোৱা যায়।এই গছৰ ৰস অত্যন্ত বিষাক্ত যি মানুহৰ প্ৰাণ ল'ব পাৰে। এই ৰস মানুহে ধনুৰ কা৺ড়ৰ আগত লগাই লয়।

আচৰিত কথাটো হ'ল এই গছৰ ফলবোৰ পূৰঠ হ'লে প্ৰচণ্ড শব্দ কৰি ফুটে আৰু তীব্ৰ বেগেৰে গুটিবোৰ চাৰিওফালে বহুদূৰলৈকে পৰে।

হয়, প্ৰকৃতিৰ সৃষ্টি অতি ৰহস্যময়। ইয়াৰ বুকুত লুকাই আছে ভয়াবহতাৰ গধূৰতাও।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.