প্ৰতিজন ব্যক্তিৰে যিকোনো এটা দিশত সামৰ্থ্য থাকেই।মা৺থো কিছুমান বিশেষ কাৰণত ব্যক্তিজন উন্নতিৰ জখলাত উঠিব নোৱাৰে।কিন্তু এই পৃথিৱীত এনে কিছুমান মানুহ আছে যাৰ সামৰ্থ্যৰ শক্তি অতি উচ্চ স্থানত।তেনে ব্যক্তিৰ সৃষ্টি হৈ পৰে বিখ্যাত আৰু ই ইতিহাসৰ পাতত সোণালী আখৰৰে জিলিকি ৰয়। হয়, আজি তেনে এক মানৱসৃষ্ট বিশেষ ৰূপক আলোকিত কৰিবলৈ আগবাঢ়িছো যাৰ নামে স্থান পাইছে পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ তালিকাত।
সেয়া, Great Pyramid Of Giza
হয়, এই পিৰামিদ সচাকৈয়ে আচৰিত বস্তু। ইজিপ্তৰ এই পিৰামিদটো Cairo নগৰৰ Giza মালভূমিত অৱস্থিত। ই নীল নদীৰ পশ্চিম দিশে প্ৰায় ৫ মাইল দূৰত্বত অৱস্থিত।
পিছে ইয়াৰ বৰ্ণনাই দিব আপোনাক বিশেষ চমক। এতিয়াৰ সেই চমকপ্ৰদ কথাবোৰৰ মাজত বিলীন হ ও আহক
১।ইয়াৰ উচ্চতা পূৰ্বতে ৪৮১ ফুট আছিল। ওপৰৰ অংশ অলপ খহি অহাৰ বাবে বৰ্তমান ইয়াৰ উচ্চতা প্ৰায় ৪৫৫ ফুট।
২। ই ১৩ একৰ মাটি আগুৰি আছে যিটো ২.৩ মিলিয়ন stone block ৰে নিৰ্মিত। আচৰিত কথাটো হ'ল যে, এই পিৰামিদটো নিৰ্মিত প্ৰতিটো stone block ৰ ওজন প্ৰায় ২০০০ পাউণ্ড।
৩। এই পিৰামিদৰ মূল ভেটিটোৰ প্ৰতিটো কাষ বা দা৺তিৰ দৈৰ্ঘ্য প্ৰায় ৭৫৫ ফুট দীঘল।
৪। এই পিৰামিদটো সৰ্বমুঠ ২০,০০০ জন কৰ্মীয়ে নিৰ্মাণ কৰিছিল।
৫। এই বৃহৎ আকাৰৰ পিৰামিদটো ২৫৬০ খ্ৰীষ্টপূৰ্বত নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু সম্পূৰ্ণ হওতে সময় লৈছিল ২০ বছল কাল।
৬। পিৰামিদটোৰ ভিতৰত তিনিটা মূল কোঠা আছিল। সেইকেইটা ৰজা আৰু ৰাণীৰ বাবে আৰু বৃহৎ গেলাৰীৰ বাবে। আচৰিত কথাটো হ'ল, সেইকেইটা কোঠালৈ বাহিৰৰপলা বনোৱা সুৰংগ আৰু বিশেষভাৱে নিৰ্মিত বায়ুথেৰেহে(air shaft) প্ৰৱেশ কৰিব পাৰি।
৭। ৰজাৰ কোঠাটো পিৰামিদটোৰ উচ্চতম স্থানত অৱস্থিত যিটো granite sarcophagus ৰে নিৰ্মিত।
৮। গেলাৰীলৈ যোৱা পথটোৰ দৈৰ্ঘ্য ১৫৩ ফুট, প্ৰস্থ ৭ ফুট আৰু উচ্চতা ২৯ ফুট।
এয়াই হৈছে The Great Pyramid Of Giza, Egypt.

