বিশ্বৰ আটাইতকৈ বয়োবৃদ্ধ আজৱ দম্পতি: Guinness Book Of World

বিশ্বৰ আটাইতকৈ বয়োবৃদ্ধ আজৱ দম্পতি: Guinness Book Of World

বিশ্বৰ আটাইতকৈ বয়োবৃদ্ধ আজৱ দম্পতি: Guinness Book Of World

গোপনে গোপনে! হয় গোপনে গোপনে হৃদয়ৰ এটা চুকত এক মিঠা অনুভৱৰ বীজ অংকুৰণ হয় আৰু গোপনে গোপনেই।মিলন হৈ বিশ্বৰ বয়োবৃদ্ধ জীৱিত দম্পতী হিচাপে Guinness Book Of World ত ইতিহাসৰ এক জীয়া ছবি হৈ ৰ'ল এহাল বিটেইনৰ দম্পতী।

এতিয়া এই দম্পতীহালৰ বিষয়ে কিছুমান মনত ৰেখাপাত কৰা কথাৰ মিঠা অনুভৱ লও আহক-

সেয়া, Julio Cesar Mora Tapia আৰু Waldramina Maclovia Quinteros Reyes; জুলিঅ'ই প্ৰায় ১১০ বছৰ বয়স গৰকিলে আৰু ৱল্ড্ৰামিনাই প্ৰায় ১০৪ বছৰ বয়স গৰকিলে। 

জুলিঅ'ৰ জন্ম হৈছিল ১৯১০ চনৰ ১০ মাৰ্চত আৰু ৱল্ড্ৰামিনাৰ জন্ম হৈছিল ১৯১৫ চনৰ ১৬ অক্টোবৰত।

পিছে দুয়োৰে প্ৰেম কাহিনী আৰু জীৱনৰ বিশেষ ক্ষণবোৰ যদিও সংগ্ৰামৰে ভৰপূৰ আছিল, তথাপিও সফলতাৰ মধুৰতাইও দুয়োকে লগ দিছিল।

 দুয়ো শিক্ষকতাতেই উৎসৰ্গিত আছিল।

পিছে দুয়োৰে প্ৰেমৰ বীজ কেনেকৈ অংকূৰণ হৈছিল?

বিশেষ কথাটো হ'ল যে দুয়ো শিক্ষাজগতৰ লগত জড়িত। বিদ্যালয় বন্ধ হৈ থকাৰ কালচোৱাত ৱল্ড্ৰামিনা তাইৰ ভনীয়েকৰ ঘৰলৈ যায় । ভনীয়েক যিটো বিল্ডিংত থাকে একেটা বিল্ডিংকত জুলিঅ'ও থাকে। তেনেকৈয়ে চাৰিচকুৰ মিলন হৈ গোপনেই দুয়োৰে দুখন হৃদয়ত এক মিঠা অনুভৱে খুন্দা মাৰে।প্ৰথমে দীখলীয়া আলাপেৰে বন্ধুত্ব, তাৰপাছত দুয়োৰে প্ৰেম হয়।

লাহে লাহে দুয়োৰে প্ৰেমৰ পচোৱা ইমান জোৰেৰে বলিবলৈ ধৰিলে যে ১৯৪১ চনৰ ৭ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। পিছে দুয়োৰে প্ৰেম বা মিলনক পৰিয়ালৰ বা সম্বন্ধীয় লোকে গ্ৰহণ কৰিব পৰা নাছিল, কাৰণ ৱল্ড্ৰমিনাৰ ভনীয়েকৰ পতি জুলিঅ'ৰ cousin আছিল।

কিন্তু এই দুৰন্ত প্ৰেমিক-প্ৰেমীকাহালক কোনেও বাধা দিব নোৱাৰিলে।ধৰ্মীয় ৰীতি-নীতিৰে দুয়ো La Iglesia de El Belen ৰ Quito ত আটাইতকৈ পুৰণি গীৰ্জাটোত মিলন হয়। সেই গোপনে হোৱা মিলনৰ দিনটোৰপৰা দুয়ো ঘাত-প্ৰতিঘাতৰ মাজেৰেই এক সুদৃঢ় আৰু মধুৰ সম্পৰ্কেৰে আগুৱাই যায়।

দুয়ো পিছলৈ মুঠ পাচটা সন্তানৰ পিতৃ-মাতৃ হয়। প্ৰশংসনীয় যে আটাইকেইটা সন্তানকে উচ্চশিক্ষিত কৰিলে এই পতি-পত্নীৰপী দুৰন্ত প্ৰেমিক-প্ৰেমীকাহালে।

আচৰিত কথাটো হ'ল দুয়োৰেপৰা এটা বৃহৎ পৰিয়ালৰ সৃষ্টি হয় যিটো ১১ টা নাতি-নাতিনী, নাতি-নাততিনীৰ ২১ টা নাতি-নাতিনী আৰু সিহতৰো ৯ টা ল'ৰা-ছোৱালীৰে গঠিত।

এই বৃহৎ পৰিয়ালটোৰ একতা প্ৰশংসনীয় যিটো সমাজলৈ 

এক আদৰ্শ।

পিছে দূখৰ বিষয় যে দুয়োৰে বৰপুত্ৰজন ৫৮ বছৰ বয়সতে ঢুকাইছিল।

পিছে জুলিঅ' আৰু ৱল্ড্ৰামিনা কৰোনাৰা বাবেই শেষ বয়সত পৃথক হ'ব লগা হয়।একলগে ৭৯ বছৰ গভীৰ আৰু মেটমৰা মৰমৰ মাজত ওম লৈ থকাৰ পাছত এনে নিষ্ঠুৰ সময় দুয়োৰে জীৱনলৈ আহে।

এয়াই অনুভৱ, এয়াই প্ৰেম যাৰ আছে এটা পাৰত ভৰি দি আনটো পাৰ দেখা পাব নোৱাৰা মহাসাগৰ। এক বিশালতা যাৰ শক্তি অসীম।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.