এঘন্টাত উভতি আহিম কৈ আৰু নাহিল সি : Assamese love story : sad story

Assamese love story : sad story


 মোৰ আৰু ঈশানৰ বিয়াখন সামাজিক ভাবে বৰ ধুমধামেৰে হৈছিল ৷ ফুলশয্যাৰ ৰাতি তেওঁ মোক কোৱা প্রথম কথা ,. চোৱা শেৱালী . মোৰ মা তোমাৰ মাৰ দৰে, তেওঁক কেতিয়াও মনত আঘাত নিদিবা । সৰুৰেপৰা মায়ে মোক বহুত কষ্টেৰে ডাঙৰ দীঘল কৰিছে । মোক কেতিয়াও দেউতাৰ অভাৱ অনুভৱ কৰিব নিদিলে । ময়ো বিচাৰো তুমি মোৰ মাৰ সকলো দুখ কষ্ট দূৰ কৰিবা । মা' ক কেতিয়াও নিজৰ ছোৱালীৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা | মই মুৰটো  জোকাৰি  উত্তৰ দিলো হয় ।  আৰু তেতিয়াই মোৰ নতুন জীৱনৰ আৰম্ভনি হয় । মোৰ শাহু আইক মা অবিহনে মই কেতিয়াও শাহু আই বুলি  ভবা নাছিলো । মই শাহু আইৰ নিজৰ ছোৱালী হলো । মায়েও মোক বহুত মৰম কৰিছিল, বেমাৰ হলে মায়ে ঘৰৰ সকলো কাম নিজ হাতেৰে কৰিছিল, মোক একো কৰিব নিদিছিল ৷ এনেকৈয়ে মোৰ সৰু পৰিয়ালটো চলি গৈ আছিল । বিয়াৰ কেইমাহমানৰ পাছত মায়ে মোক আৰু ঈশানক ক'ৰবাৰ পৰা ফুৰি আহিবলৈ কৈছিল । প্রথমে মই যাব নিবিচাৰিলেও মাৰ তাগিদাত যাবলৈ মান্তি হৈছিলো । মাকো নিবলৈ মন আছিল কিন্তু মাৰ যাবলৈ মন নাছিল | গতিকে শেষত আমি দুয়ো  কেইদিনমানৰ বাবে ওলাই গৈছিলো | চাওঁতে চাওঁতে আমাৰ বিয়াৰ এবছৰ সম্পূর্ণ হল । 

এদিন তেওঁ এসপ্তাহৰ বাবে অফিচৰ পৰা বাহিৰলৈ যাব লগা হ' ল। তেওঁ অহাৰ আগদিনা মই গৰ্ভৱতী বুলি জানিব পাৰিলো | মই ভাবিছিলো তেখেত ঘৰলৈ আহিলে মই সকলো ক' ম। তেখেত বাছত উঠি ঘৰলৈ আহোতে মেছেঞ্জাৰত কৈছিলো আৰু কিমান দেৰি হ'ব ??? তেখেতে উত্তৰ দিয়াৰ আগতেই শাহু আইৰ মাত শুনি ডাটা কানেকচন অফ কৰি মাৰ ওচৰলৈ গ'লো। মাৰ লগত কথা পাতি থাকোতে হঠাৎ ফোনটো বাজি উঠিল | ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মানুহ এজনে ক'লে ইশানৰ গাড়ীখন এক্মিডেন্ট হ' ল। ইশান বৰ্তমান চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত আছে । সেই মুহুৰ্তত মই যেন একো বুজিব পৰা নাই । ইশানলৈ বুলি পাগলৰ দৰে দৌৰিছো । কিন্তু মই গৈ পোৱাৰ আগতেই তেওঁ সকলো মায়া মোহ ত্যাগ কৰি উভতি নহাৰ দেশলৈ গুচি গ' ল। সেইদিনা মই তেওঁক আমাৰ সন্তানৰ কথা ক' ব পৰা নাছিলো | চকুৰ আগত যেন নিমিষতে শেষ হৈ গ' ল আমাৰ সপোনবোৰ | মোৰ চকুপানী দেখি গোটেই চিকিৎসালয়খন স্তব্ধ হৈ গ' ল। মোৰ মায়েও বহু কষ্টৰে নিজকে চম্ভালি মোক শান্ত কৰাৰ চেষ্টা কৰিছিল | ঈশান যোৱা এবছৰ হ'ল। আমাৰ মাইনা এতিয়া 2 মাহ হল । দেখাত সাইলাখ দেউতাকৰ নিচিনা । বহু বছৰৰ মুৰত আকৌ আহিলো ফেচবুকৰ জগতখনলৈ বুলি । ডাটা কানেকচন অন কৰাৰ লগে লগে কেইবাটাও নটিফিকেচন, ফোনটো মেছেজেৰে ভৰি পৰিল । প্রথমে মই, মেছেঞ্জাৰত এটা আই ডি বিচৰা আৰম্ভ কৰিলো । দেখা পালো সকলোৰে শেষত সেইটো আই ডি আছে | মই কঁপা কঁপা হাতেৰে আই ডি টোৰ ভিতৰলৈ গৈ দেখিলো তেওৰ শেষ মেছেজ , পাগলীজনী তোমালৈ আৰু মা লৈ কি আনিম কোৱা , ক'ব নালাগে মই পছন্দ জানো নহয় , ধুনীয়া কাপোৰকে লৈ আনিম দেই   "তুমি চিন্তা নকৰিবা মই এঘণ্টাত উভতি আহিম " 

মেছেজটো চাই এনেকুৱা লাগিছে যেন চকুলোৱে এতিয়াও মথাউৰিৰ  বান্ধ মনা নাই । আকৌ বাৰে বাৰে  মনটোৱে কৈ আছে তোমাৰ এই "এঘণ্টা শেষ নহব নেকি"। 

✍✍️️Tamanna

এইটো কাহিনী পঢ়ক

তাই এজনী বেশ্যা  এটি জীৱন্ত কাহিনী Link 1  💗💗💗

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.