কোষ্ঠকাঠিন্য (CONSTIPATION) নিৰাময়ৰ উপায়

কোষ্ঠকাঠিন্য (CONSTIPATION) নিৰাময়ৰ উপায়



অধিক গৰম মছলাযুক্ত আহাৰ খোৱা, অনিয়মিত ভোজন, পানী কমকৈ খোৱা, চাহ, কফি, উগ্র মাদক দ্রব্য সেবন, অজীর্ণ বস্তু খোৱা, উপবাসে কেইবাদিনো থকা, শাৰীৰিক পৰিশ্ৰম একেবাৰে নকৰা, মানসিক চিন্তা অধিক হোৱা, শৌচ ৰোধ কৰিবলৈ চেষ্টা কৰা আদিয়েই প্রধান কাৰণ। আঁহজাতীয় খাদ্য কমকৈ খালেও হ'ব পাৰে।

ৰোগৰ লক্ষণঃ

এই ৰোগৰ পৰাই শৰীৰত বিভিন্ন ৰোগ উৎপন্ন হয়। শৌচ সহজে নহয়। শৌচ কঠিন হয়, গুহ্যদ্বাৰত শৌচ লাগি ধৰে, পেটৰ বিষ হয়, ভোক কম হয়, অৰুচিভাৱ, টোপনি কম, বুকুৰ বিষ, মূৰৰ বিষ, জ্বৰ আদি লক্ষণে দেখা দিয়ে। শৌচ অতি টান হোৱাৰ কাৰণে গুহ্যদ্বাৰ অনেক সময়ত ফাটি যোৱা দেখা যায়।

বন-ন্দৰবঃ

(১) ৬২ গ্রাম তিল সামান্য গুৰৰ সৈতে খালে উপকাৰ পোৱা যায়।

(২) তিলৰ বাকলি এৰুৱাই সমান পৰিমাণৰ মাখন আৰু মিচিৰি ২০ গ্রামকৈ মিহলি কৰি ৰাতিপুৱা খালে এই ৰোগ আৰোগ্য হয়।

(৩) তিল, চাউল আৰু মচুৰ দাইলৰ খিচিৰী বান্ধি খালেও ভাল।

(৪) ৰাতিপুৱা শুদা পেটত আৰু ৰাতি শোৱাৰ আগতে এগিলাচ গৰম পানীত এটা কাজি নেমুৰ ৰস চেপি খাব লাগে।

(৫) এটা কেঁচা অমিতাৰ তৰকাৰী কৰি দিনে ২ বাৰকৈ খাব লাগে। পকা অমিতা খালেও কোষ্ঠকাঠিন্য দূৰ হয়।

(৬) সৰু ল'ৰা-ছোৱালীৰ কোষ্ঠকাঠিন্য হ'লে পাণৰ ঠাৰিত এড়ি তেল সানি গুহ্যদ্বাৰত লগাব লাগে।

(৭) ত্রিফলা ১৫ গ্রাম পানীত গুলি ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে খালে কোষ্ঠকাঠিন্য ৰোগ আৰোগ্য হয়।

(৮) এড়ি তেল গৰম পানী বা গৰম গাখীৰৰ লগত মিহলি কৰি খালেও এই ৰোগ ভাল হয়। এড়ি তেলৰ পৰিমাণ ২৫ গ্রাম।

(৯) শিলিখাৰ গুড়ি গো-মূত্ৰৰ লগত নিয়মিত ব্যৱহাৰ কৰিব লাগে।

(১০) সৰিয়হৰ তেলেৰে পেট মালিচ কৰিব লাগে।

(১১) কেহেৰু পাতৰ ৰস ১০ গ্ৰামত অলপ চেনি মিহলাই খাব লাগে।

(১২) সোণাৰু গছৰ পুৰঠ গুটি (ক'লা বৰণৰ হ'লে) ১০/১৫ টা চোবাই খালে ভাল হয়।

মেথি, দোৰোণ, জিলমিল, পকা বেল, নহৰু, নিমৰ পাত, মানকচু, হালধি, চিৰতা, পুৰণি পকা থেকেৰা, তেঁতেলি, মূলা, পালেং শাক, মণ্ড, জামু, ধনীয়া, পকা ফল-মূল, পিঁয়াজ, অমিতা, সুপথ্য। ঔটেঙা, চজিনা অতি উপকাৰী। যথেষ্ট পৰিমাণে পানী আৰু আঁহ থকা বস্তু খাব লাগে।

অপথ্যঃ

টান বস্তু বিশেষকৈ- টকৌ, মধুৰী, তামোল, নাৰিকল আৰু সহজে হজম নোহোৱা বস্তু, চাহ, কফি, মাদকদ্রব্য, ঘিউ, মাখন, মছলা, জলকীয়া বেয়া। টোপনি খতি কৰিব নালাগে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.