কৃমি Thread worm ৰোগৰ লক্ষণ আৰু আয়ুৰ্বেদিক চিকিৎসা
টোপনিত দাঁত কৰচে, নাক খজুৱায়, শৌচদ্বাৰ পিৰপিৰায়, শৌচ কঠিন হয়, টোপনি কমে, টোপনিত প্রস্রাব হয়, মিঠা বস্তু খাবলৈ ইচ্ছা হয়, আঙুলিৰ বিষ হয়, গাঠি উখহি যায়। জিভাৰ পানী ওলাই থাকে। ৰক্তহীনতা হ'ব পাৰে।
বন-ন্দৰবঃ
(১) নেমুৰ গুটি ৫ টা খুন্দি পানীৰ সৈতে খালি পেটত খালে ক্রিমি সহজে মৰে।
(২) জালুক এটা, বিলাহী এঠা আৰু সামান্য নিমখ পিহি একেলগে দিনে ২ বাৰকৈ খালে কৃমি সহজে নাশ হয়।
(৩) আম গুটিব চূর্ণ ২ চামুচৰ লগত অলপ গৰম পানী মিহলি কৰি তাত দৈ দি ৰাতিপুৱা আৰু বাতি শোৱাৰ আগতে খালে ক্রিমি মৰে।
(৪) ৮/১০ টা অমিতা গুটি খুন্দি অলপ পানীত মিহলি কৰি একেৰাহে ১৫ দিন খালে কৃমি নাইকিয়া হয়।
(৫) ৫ ফুটা নহৰুৰ লগত আধাকাপ গাখীৰ সিজাই খালে কৃমি মৰে।
(৬) অকণমান খোৱা হিং পানীত গুলি খুৱালে কৃমি নাশ হয়।
(৭) দিনে ৪ চামুচকৈ আমলখি ৰস ৪/৫ দিন একেৰাহে খালে কৃমি নাইকিয়া হয়।
(৮) মাটি কঠালৰ কুঁহিপাত পিহি তাৰ ৰস ১২ গ্রাম ৰাতিপুৱা শুদা পেটত তিনিদিন খাব লাগে।
(৯) নহৰু ৮/১০ ফুটা পিহি এচামুচ মাখনৰ সৈতে খালে উপকাৰ হয়।
(১০) টুবুকী লতাৰ পাতৰ ৰস নাইবা পিঁয়াজৰ ৰস ১২ গ্রামকৈ খুৱালে শিশুৰ কৃমি মৰে।
(১১) নাৰিকল এফাল মিহিকৈ চুৰুকী ৰাতিপুৱা শুদা পেটত খাব লাগে।
(১২) এক গ্রাম গুৰত আধা গ্রাম কেঁচা হালধিৰ ৰস মিহলি কৰি খুৱালে
শিশুৰ কৃমি নাশ হয়।
(১৩) যিকোনো ঔষধ খোৱাৰ আগতে এটুকুৰা গুৰ খালে কৃমি নহয়।
(১৪) দুইটোপা ধঁতুৰা পাতৰ ৰস ৫ চামুচ ঘোল মিহলি কৰি খাব লাগে।
(১৫) খালি পেটত ৪/৫ চামুচ চিৰতাৰ ৰস ৭ দিন খাব লাগে।
যিকোনো তিতা খাদ্য, বৰ মানিমুনি, খেজুৰীৰ কুঁহিপাত, পূৰাকল, কলডিল, দেৰোণ, চজিনাৰ ফুল, তুলসীৰ পাত, শেৱালী ফুল আৰু শেৱালী পাতৰ ৰস সুপথ্য। কালমেঘ বা মহানিমৰ এটা কোমল পাত খাব লাগে।
অপথ্যঃ
যিকোনো মিঠা খাদ্য, ঘিউ, মাখন আদি খোৱা বেয়া।