বিনা খৰচে বা অতি সামান্য খৰচতে গ্রহণী DYSENTERY নিৰাময়ৰ উপায়
গ্রহণী এবিধ সোঁচৰা ব্যাধি। অপৰিষ্কাৰ শাক-পাচলি, ফল-মূল, মাছ, মাংস, গাখীৰ, খোৱা পানী আৰু ৰোগীৰ শৌচৰ যোগেদি এই ৰোগ অতি সহজে বিয়পে। আক্রান্ত ৰোগীক য'তে-ত'তে কেতিয়াও শৌচ কৰিবলৈ দিব নালাগে। গ্রহণী ৰোগ দুবিধ। এবিধ শাঁও গ্রহণী আৰু আনবিধ হ'ল তেজ গ্রহণী। প্রথম বিধত সৌচৰ লগত শাঁও পৰে আৰু দ্বিতীয় বিধত শৌচৰ লগত তেজ পৰে। দুয়োবিধতে পেট চিকুত মাৰি ধৰে আৰু লগে লগে শৌচ হয়। এনেদৰে ঘনাই ঘনাই শৌচ হোৱাৰ ফলত শৰীৰ অতি দুৰ্বল হৈ পৰে আৰু চকু সোমাই যায়। উপযুক্ত চিকিৎসা যথা সময়ত নল'লে ৰোগীৰ মৃত্যু পর্যন্ত হ'ব পাৰে।
বিনা খৰচে বা অতি সামান্য খৰচতে আমি সকলোৱে অতি সহজে বন-দৰবৰ দ্বাৰা এই গ্ৰহণী ৰোগ সম্পূর্ণ নির্মূল কৰিব পাৰোহঁক। ইয়াৰে কেইটামান প্রমাণিত অতি চমৎকাৰ বন-দৰবৰ বিষয়ে আলোচনা কৰা হওক।
(১) আমৰ কেঁচা আৰু কুমলীয়া পাতৰ ৰস ৫ মিঃ লিঃ লৈ ১০ মিঃ লিঃ ছাগলীৰ গাখীৰ আৰু ১ চামুচ মৌ মিহলাই দিনে ২/৩ বাৰকৈ খাব লাগে।
(২) গাজৰ আৰু কিছুমি ৰস প্রায় ৫০ মিঃ লিঃ একেলগে খাব লাগে।
(৩) পুৰণি গোলনেমুৰ ৰস সামান্য নিমখৰ সৈতে খালে ভাল হয়। নাইবা ২ চামুচ গোলনেমুৰ ৰস ৪ চামুচ গৰম পানীত মিহলাই খালে গ্ৰহণী ৰোগৰ পেট কামোৰণী ভাল হয়।
(৪) পুৰণি বেলৰ শাহৰ লগত দৈ মিহলি কৰি খালে পুৰণি সঞ্চিত গ্ৰহণী ৰোগ আৰোগ্য হয়।
(৫) কলীয়া তুলসীৰ ৰস ১০ মিঃ লিঃ নাইবা চিৰতা তিতা সেই একে পৰিমাণৰ খালে যথেষ্ট উপকাৰ পোৱা যায়।
(৬) ১ টা কেঁচা পিঁয়াজ খুব মিহিকৈ পিহি ছাগলী গাখীৰৰ দৈৰ লগত খাব লাগে।
(৭) ২ চামুচ মেথিগুটি পিহি দৈৰ সৈতে খালে গ্রহণী ৰোগ ভাল হয়।
(৮) নহৰুৰ ৰস ২ গ্রাম আৰু সমপৰিমাণৰ মাখন মিহলি কৰি খালে উপকাৰ পোৱা যায়।
(৯) নতুন চফগুটি পানীত উতলাই ক'লা নিমখৰ সৈতে খালে গ্রহণী ৰোগ ৰোগ ভাল হয়।
(১০) বৰ মানিমুনিৰ পাতৰ ৰস ২০ মিঃ লিঃ অলপ নিমখ মিহলাই খাব লাগে।
(১১) গোলনেমুৰ গুটি ৪/৫ টা ভালদৰে খুন্দি তাৰ ৰস অলপ পানীত মিহলাই খোৱা ভাল।
(১২) তেজ গ্রহণীত ভেৰেণা গছ (বঙালী এড়াছ, ১০/১৫ বছৰীয়া পুৰণি হ'লে ভাল) দক্ষিণ ফালৰ মাটিৰ পৰা প্ৰায় ১ ফুটৰ ওপৰত ছুৰী- কটাৰীৰে বিন্ধা কৰি তাৰ ৰস উলিয়াই ল'ব লাগে। গছ পুৰণি হ'লে এই ৰসৰ বৰণ ৰঙা হয়। এচামুচ ৰসত ১ চামুচ পানী মিশ্ৰণ কৰি তাক ২ ভাগ কৰি দিনে ২ বাৰ খালে তেজ গ্রহণী ভাল হয়। আনকি এনেদৰে একেৰাহে তিনিদিন খালেই এনে ৰোগীৰ জীৱনত কেতিয়াও তেজ গ্রহণী হ'ব নোৱাৰে।
(১৩) পুৰণি কুঁজি থেকেৰা ২০ গ্রাম, ১০০ মিঃ লিঃ পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা শুদা পেটত খালে গ্রহণী ৰোগ ভাল হয়। এনেদৰে ১৫/২০ দিন একেৰাহে খালে বহুদিনীয়া সঞ্চিত-গ্রহণী ৰোগও ভাল হোৱা দেখা যায়।
(১৪) দুটা দহচীয়া ভীমকল ডোখৰ ডোখৰ কৰি কাটি এবাটি পানীত তিয়াই ৰাখি ৰাতিপুৱা শুদা পেটত খাব লাগে।
(১৫) ৪ ইঞ্চি মান দীঘল আৰু বহল অমৰা ছাল খুন্দি তাৰ ৰসত ১০০ মিঃ লিঃ ছাগলী গাখীৰ মিহলি কৰি খালে গ্রহণী ৰোগ ভাল হয়।
(১৬) মানিমুনিৰ ৫ চামুচ ৰসত সামান্য চেনি বা মৌ দি খালে (একেৰাহে এমাহ) সঞ্চিত গ্রহণী ৰোগ ভাল হয়।
(১৭) ৪ চামুচ চূণৰ পানীৰ লগত ২/৩ টা হালধি পাতৰ ৰস মিহলি কৰি দিনে ২ বাৰ খালে সকলো প্ৰকাৰ তেজগ্ৰহণী আৰু শাঁওগ্ৰহণী ৰোগ আৰোগ্য হয়।
(১৮) ডালিম, জামু, মদাৰ আৰু টুবুকী লতাৰ পাতেৰে কেঁচা বেল ১ টা মেৰিয়াই জুইত পুৰি তাক আদাৰ গুড়ি আৰু গুৰৰ লগত খালে গ্ৰহণী ৰোগৰ জনি মৰে।
(১৯) আম, জাম আৰু আমলখি পাতৰ ৰস সমপৰিমাণ (১০০ মিঃ লিঃ) লৈ মৌজোল মিহলাই ছাগলী গাখীৰৰ লগত খালে তেজগ্রহণী ভাল হয়।
(২০) ডালিম গছৰ ছাল খুন্দি ১০/১৫ গ্রাম বস খাব লাগে।
(২১) দুবৰি বনৰ ৰস ১০ মিঃ লিঃত মৌ মিহলি কৰি ৩/৪ দিন খালেই তেজগ্রহণী ভাল হয়।
(২২) জামুৰ বসত ছাগলীৰ গাখীৰ মিহলি কৰি খালে ভাল হয়। (পৰিমাণ ৫০ মিঃ লিঃ।)
টেঙেচি টেঙা, পূৰাকল, শিলিখা, আমলখি, মহানিম, ভেঁকুৰি, শতমূল, পিঁয়াজ, পদিনা, মাটিকান্দুৰি, মানিমুনি, জামুপাতৰ ৰস, অৰহৰ, সৰু মাছৰ জোল, মাগুৰ মাছ, ওলকচু সুপথ্য। কূটজৰ ছালৰ ৰস উপকাৰী, চিৰতা তিতা খোৱা ভাল। ভেদাইলতা, শুকলতি, মুচন্দৰি, পূৰাকল, কলডিল, ওলকচু, বেল, নেমু, মুচন্দৰী, শুকলতি উপকাৰী।
অপথ্যঃ
গ্রহণী ৰোগত অপথ্য কেতিয়াও খাব নালাগে। বিশেষকৈ ঘিউত বা তেলত ৰন্ধা বস্তু, কণী, আলু, অতিপাত মিঠা দ্রব্য, নাৰিকল, বাদাম, পূৰৈশাক, লাও, নহৰু, কঠাল, জ্বলা-পোৰা বস্তু, মছলা, বৰালি মাছ, মাটিমাহ, মাদক দ্রব্য, বিড়ি, চিগাৰেত, গাখীৰ আদি এই ৰোগত খাব নালাগে।
ল'ব লগা সাৱধানতাঃ
শাক-পাচলি, ফল-মূল সদায় পৰিষ্কাৰ পানীত ধুইহে খাব লাগে। পানী গৰম কৰি খোৱা ভাল। ৰোগীক য'তে-ত'তে শৌচ কৰিবলৈ দিব নালাগে।