জলোদৰ বা পেটৰ শোথ (ASCITES) ৰোগৰ লক্ষণ আৰু নিৰাময়ৰ উপায়

 

ASCITES

জলোদৰ বা পেটৰ শোথ (ASCITES)  ৰোগৰ লক্ষণ আৰু নিৰাময়ৰ উপায়

পেটত অধিক পানী জমা হয় কাৰণেই এই ৰোগক জলোদৰ বোলা হয়। যকৃতৰ বিকাৰ, প্লীহা, হৃদয়, যক্ষ্মা আদি বিভিন্ন ৰোগৰ কাৰণে এই ৰোগ উৎপন্ন হয়।

ৰোগৰ লক্ষণ:

পেটৰ ৰোগ


পেটত পানী জমা হয়, খোৱা-বোৱাত অৰুচি হয়, হাত, ভৰি আদি ফুলি উঠে, উশাহ লওঁতে কষ্ট হয়, পেটত বিষ হয়, প্রস্রাব কম হয় আৰু শৌচ কেতিয়াবা কঠিন হয়।


বন-ন্দৰবঃ


(১) কেঁচা পিঁয়াজ দিনে দুটাকৈ খালে প্রস্রাব বৃদ্ধি আৰু পেটত জমা হোৱা পানী কম হয়।

(২) এক গিলাচ পানীত এক চামুচ নহৰুৰ ৰস মিহলাই কেইদিন মান একেৰাহে খালেই যথেষ্ট উপকাৰ পোৱা যায়।

(৩) ২৫ গ্রাম কেৰেলাৰ ৰস পানীত মিহলি কৰি দিনে তিনিবাৰকৈ খালে ভাল ফল পোৱা যায়।

(৪) অপৰাজিতাৰ পাতৰ ৰস নাইবা ফলৰ ৰস খাব লাগে।

(৫) বেলপাতৰ ৰস ৩/৪ চামুচ অলপ জালুকৰ গুড়া আৰু এক চামুচ মৌজোল মিহলি কৰি এনেদৰে দিনে ২ বাৰকৈ কেইদিনমান খালেই শোথ ৰোগী যথেষ্ট উপকৃত হয়।

(৬) ১০ গ্রাম আদা খুন্দি পুৰণি গুৰৰ সৈতে খালে শোথ ৰোগ ভাল হয়।

(৭) আমলখি আৰু পিপলি গুড়া ৫ গ্রামকৈ লৈ পুৰণি গুৰ ৫ গ্রাম মিহলি কৰি খালে জলোদৰ ৰোগ আৰোগ্য হয়।

(৮) বগা পনৌনৌৱা আৰু আদা ১০ গ্রামকৈ ভালদৰে বটি লৈ পুৰণি গুৰৰ সৈতে খালে জলোদৰ ৰোগ ভাল হয়।

(৯) বেলপাতৰ ৰস ২৫ গ্রামত ৮ গ্রাম মৌ মিহলি কৰি খালে সকলো প্ৰকাৰৰ শোথ ৰোগ নাশ হয়।

(১০) মাইকী মানুহৰ প্ৰসৱৰ সময়ত জৰায়ুত পানী জমা হ'লে দিনে ৩/৪ টাকৈ নাচপতি খালে পানী ওলাই যায়।

(১১) মহাভৃঙ্গৰাজৰ ৰস গাখীৰৰ সৈতে (২০ গ্রামকৈ) খাব লাগে।

(১২) ২০০ গ্রাম পানী আৰু ২৫ গ্রাম বুত সিজাই তাৰ পৰিমাণ আধা হ'লে তাক চেকি খাব লাগে।

(১৩) পিপলি গুড়াৰ লগত গাখীৰ মিহলাই খাব লাগে।

পথ্য:

সহজলভ্য বন-দৰবৰ গুণ

কলীয়া তুলসীৰ পাত আৰু গুটি, দুপৰীয়া টেঙাৰ পাত, দোৰোণ, পদিনা, ঢেকীয়া, মানকচু, ভেদাইলতা, হালধি, কালজিৰা, খুতুৰা শাক, মৌ, চজিনা, আঠিয়া কল, ব্রাহ্মী, শতমূল, ধুন্দুলী, মহানিমৰ পাত, বেতৰ গাঁজ, শুকুতা, চিৰতা, যষ্টিমধু, শিঙি মাছ, কাছ আদি সুপথ্য। কেঁচা মূলা সিজাই খাব লাগে। পালেংশাক উপকাৰী।


অপথ্যঃ

নিমখ খোৱা বেয়া। দৈ, খিচিৰী, পিঠা, ভোল, মাহ, হজম নোহোৱা বস্তু, আচাৰ, তেঁতেলি, নতুন চাউলৰ ভাত, মছলা আদি খোৱা অত্যন্ত বেয়া। চজিনাৰ ফুল খাব নালাগে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.